টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে দৰ্শন কৰিলে কামাখ্যা মন্দিৰ

ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ মঙলবাৰে (৩ ছেপ্টেম্বৰ, ২০২৪) গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত প্ৰসিদ্ধ কামাখ্যা মন্দিৰত আৰাধনাৰ বাবে উপস্থিত হয়।

উপস্থিত হোৱাৰ লগে লগে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীক পুৰোহিতসকলে আদৰণি জনায় আৰু তেওঁক মন্দিৰৰ চৌহদত পথ প্ৰদৰ্শন কৰে।

মন্দিৰত থকা গোটেই সময়ছোৱাত গম্ভীৰক নিৰাপত্তাৰক্ষীয়ে ঘেৰি ৰাখিছিল। প্ৰাক্তন বাওঁহতীয়া অ’পেনিং বেটছমেনগৰাকীয়ে মা কামাখ্যাক প্ৰণাম জনাই আশীৰ্বাদ লয়।

লগতে পঢ়কঃ বিজেপিৰ সৈতে ‘মতানৈক্য’ স্বীকাৰ আৰএছএছৰ; সংঘৰ দাবী এয়া ‘পৰিয়ালৰ সমস্যা’

শ্ৰীলংকা ভ্ৰমণৰ পিছত ভাৰতীয় দলটোৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা এমাহৰো অধিক বিৰতি লোৱাৰ সময়তে তেওঁৰ কামাখ্যা মন্দিৰ ভ্ৰমণ কৰে।

অহা ১৯ ছেপ্টেম্বৰত চেন্নাইত আৰম্ভ হ’বলগীয়া বাংলাদেশৰ বিৰুদ্ধে ভাৰতীয় দলৰ দুখন মেচৰ টেষ্ট শৃংখলাৰ পূৰ্বে গম্ভীৰৰ এই মন্দিৰ ভ্ৰমণ।