শিহৰণকাৰী! ফেচবুক লাইভ শেষ হোৱাৰ লগে লগে গুলীবিদ্ধ হৈ মৃত্যু শিৱসেনাৰ উদ্ধৱ গোটৰ নেতা

ফটোঃ সংগ্ৰহীত।

মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। শিৱসেনাৰ উদ্ধৱ গোটৰ নেতা বিনোদ ঘোছালকাৰৰ পুত্ৰ অভিষেক ঘোছালকাৰক বৃহস্পতিবাৰে মুম্বাইৰ দহিছাৰ অঞ্চলত ফেচবুক লাইভ কৰি থকা অৱস্থাতে গুলীয়াই হত্যা কৰা হয়। এই ঘটনা ক্ষীপ্ৰতাৰে ছচিয়েল মিডিয়াত বিয়পি পৰে। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাথমিক তথ্য অনুসৰি, অভিষেক ঘোষালকাৰ শিৱসেনাৰ নেতা বিনোদ ঘোষালকাৰৰ পুত্ৰ। ফেচবুকত লাইভ ষ্ট্ৰীমিং কৰি আছিল মৰিছ নাৰোনহা নামৰ এজন লোকৰ সৈতে। ভিডিঅ’টোত দেখা গৈছে যে মৰিছে লাইভ এৰি থৈ গৈছে। তাৰ পিছত অভিষেকে লাইভ শেষ কৰিলে। তেওঁ থিয় হোৱাৰ লগে লগে গুলী চলিবলৈ ধৰে। ফেচবুক লাইভষ্ট্ৰিমিংত দেখা গ’ল যে প্ৰথমটো গুলী তেওঁৰ পেটত লাগিছে। তাৰ পাছতে তেওঁ চিঞৰি উঠে।

লগতে পঢ়কঃ পত্নীব্ৰতা স্বামী! মৰ্মান্তিক গাড়ী দুৰ্ঘটনাত মৃত্যু পত্নীৰ; নিজৰ বিৰুদ্ধে FIR দাখিল কৰিলে শিক্ষকে

আৰক্ষীৰ সূত্ৰ অনুসৰি, একেৰাহে তিনিটা গুলীচালনা কৰা হৈছে। তাৰ পাছত মৰিছ ভাইয়ে গুলীচালনা কৰি আত্মহত্যা কৰে। আনহাতে, অভিষেক ঘোছালকাৰক গুলীবিদ্ধ অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয়। তাতেই তেওঁৰ মৃত্যু হয়। ব্যক্তিগত শত্ৰুতাৰ বাবেই অভিষেকক গুলীয়াই হত্যা কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। অভিষেক উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনা ফৈদৰ নেতা, প্ৰাক্তন কৰ্পৰেটৰ।

উল্লেখ্য যে অলপতে মহাৰাষ্ট্ৰৰ উলহাছালনগৰৰ হিল লাইন থানাৰ জ্যেষ্ঠ আৰক্ষী বিষয়াৰ কেবিনৰ ভিতৰতে শিৱসেনাৰ নেতা মহেশ গাইকোৱাডক বিজেপি বিধায়ক গণপত গাইকোৱাডে গুলীয়াই হত্যা কৰে। দীৰ্ঘদিনীয়া ভূমি বিবাদক লৈ এজাহাৰ দাখিল কৰিবলৈ গৈ মুখামুখি হৈছিল দুয়োগৰাকী ৰাজনীতিবিদ আৰু তেওঁলোকৰ সমৰ্থকসকল। সেই ঘটনাত শিৱসেনাৰ বিধায়ক ৰাহুল পাটিলো আহত হৈছিল।