অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (এএছডিএমএ) চুক্তিৰ ভিত্তিত কাৰিকৰী সহায়ক (জিআইএছ) পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে৷
পদৰ নাম : কাৰিকৰী সহায়ক (জি.আই.এছ.)
পদৰ সংখ্যা : ১
অৰ্হতা :
ক) স্বীকৃত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা ভূগোল / জিঅ’ ইনফৰ্মেটিক্স বা অন্যান্য প্ৰাসঙ্গিক ক্ষেত্ৰত স্নাতক ডিগ্ৰী
ভৌগোলিক তথ্য প্ৰণালী (জি.আই.এছ.) আৰু ছবি প্ৰক্ৰিয়াকৰণ ছফ্টৱেৰ ,যেনে আৰ্কজিআইএছ আৰু ই.আৰ.ডি.এ.এছ. ব্যৱহাৰ কৰাৰ ১ (এক) বছৰৰ ব্যৱহাৰিক অভিজ্ঞতা থকা প্ৰয়োজনীয়৷
Also Read : Assam Career : ESIC, গুৱাহাটীত চিকিৎসকৰ পদ খালী, কিদৰে কৰিব আবেদন
দৰমহাৰ নিৰিখ: ২২,০০০-৮৭,০০০ টকা, গ্ৰেড পে – ৯,১০০০ টকা
বয়সৰ সীমা : ১জানুৱাৰী ২০২২ তাৰিখত ২১ বছৰৰ তলত আৰু ৪৩ বছৰৰ অধিক হ’ব নালাগিব৷
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে সকলো প্ৰমাণপত্ৰ, মাৰ্কশ্বীট, শেহতীয়া পাছপোৰ্ট আকাৰৰ ফটো, অভিজ্ঞতাৰ প্ৰমাণপত্ৰ আদিৰ প্ৰত্যায়িত প্ৰতিলিপিৰ সৈতে নিৰ্ধাৰিত প্ৰ-পত্ৰত তেওঁলোকৰ আবেদন অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (এএছডিএমএ), আনুষঙ্গিক খণ্ড-এল (এছ.বি.আইৰ বিপৰীতে) জনতা ভৱন, দিচপুৰ, গুৱাহাটী-৭৮১০০৬ লৈ প্ৰেৰণ কৰিব পাৰে।আবেদনৰ শেষ সময় ১৮ জুলাই, ২০২২-ৰ আবেলি 3 বজাৰ ভিতৰত৷
বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক
http://sdmassam.nic.in/
Also Read : Assam Career : অভয়াপুৰী মহাবিদ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?