আজিৰ পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন। অহা ২২ ডিচেম্বৰলৈ সংসদৰ এই শীতকালীন অধিৱেশন অনুষ্ঠিত হ’ব। আজি আৰম্ভণিৰ দিনাই সংসদত শক্তি প্ৰদৰ্শন কৰে শাসকীয় বিজেপিয়ে।
আজি পুৱা অধিৱেশন আৰম্ভ হোৱাৰ সময়ত লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উচ্চস্বৰে আদৰণি জনায় দলীয় সাংসদসকলে। কালি তিনিখনকৈ ৰাজ্যত জয়ৰ আনন্দ সংসদত প্ৰতিফলিত কৰে বিজেপিয়ে।
অধিৱেশন আৰম্ভ হোৱাৰ কিছুসময় পিছতে কালিৰ ফলাফলত আনন্দিত বিজেপিৰ বহুকেইজন সাংসদে লোকসভাত “তিনিবাৰ মোদী চৰকাৰ”ৰ ধ্বনি দি আনন্দ প্ৰকাশ কৰে।
সংসদৰ সন্মুখৰ শাৰীতে প্ৰধানমন্ত্ৰী মোদী, তেওঁৰ কেবিনেট সতীৰ্থ অমিত শ্বাহ, ৰাজনাথ সিং আৰু নীতিন গাডকাৰীয়ে আসন গ্ৰহণ কৰিছিল। আৰু তেওঁলোকৰ পিছতে থিয় হৈ বিজেপি সাংসদসকলে হাত চাপৰি বজাই উল্লাস প্ৰদৰ্শন কৰে।
উল্লেখ্য যে, কালি ঘোষিত ফলাফলত বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বিজয় সাব্যস্ত কৰে। অৱশ্যে নিৰ্বাচন অনুষ্ঠিত হোৱা আনখন ৰাজ্য তেলেঙ্গানাত দলটোৱে পৰাজয়ৰ মুখ দেখে।
লক্ষনীয়ভাৱে অহা বৰ্ষত অনুষ্ঠিত হ’ব দেশৰ সাধাৰণ নিৰ্বাচন। সেই বাবে বিধানসভা নিৰ্বাচনত বিজেপিৰ এই সাফল্য দলটোৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।
তেনে স্থলত তিনি ৰাজ্যত জয়েৰে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আত্মবিশ্বাসী হৈ উঠিছে বিজেপি আৰু আজি সংসদত ‘তিনিবাৰ মোদী চৰকাৰ’ ধ্বনি দি এই আত্মবিশ্বাস প্ৰতিফলিত কৰে দলটোৱে।