NORTHEAST NOW (Assamese)

ৰে’ল পলমকৈ চলিলে অভিযোগ কৰক, তে’জছ এক্সপ্ৰেছৰ যাত্ৰীলৈ ₹১.৬২লাখ ক্ষতিপূৰণ

October 22, 2019 9:15 pm · এন ই নাও নিউজ
Updated: October 22, 2019 9:19 pm
তে’জছ এক্সপ্ৰেছৰ ফাইল ছবি।

ভাৰতত ৰে’ল অতিমাত্ৰা পলমকৈ চলাটোও একৰকম নিয়মৰ দৰে। কিন্তু শেহতীয়াকৈ ব্যক্তিগত খণ্ডত মুকলি কৰা তে’জছ এক্সপ্ৰেছৰ যাত্ৰাত দেৰি হোৱা বাবে যাত্ৰীলৈ আগবঢ়োৱা হৈছে ১.৬২লাখ টকাৰ ক্ষতিপূৰণ।

পৰীক্ষামূলকভাৱে চলোৱা লক্ষ্ণৌ-দিল্লী ৰে’লখন পৰিচালনা কৰা আই আৰ চি টি চি (Indian Railway Catering and Tourism Corporation)য়ে যাত্ৰীলৈ এই ক্ষতিপূৰণ ঘোষণা কৰিছে।

যোৱা ১৯ অক্তোবৰত দিল্লীৰ পৰা লক্ষ্ণৌমুখী ৰে’লখনত যাত্ৰী আছিল ৪৫০গৰাকী। বিপৰীতে ২০ অক্তোবৰত লক্ষ্ণৌ-দিল্লীমুখী একেখন ৰে’লত যাত্ৰী আছিল ৫০০গৰাকী।

বীমা কোম্পানিৰ জৰিয়তে সকলো যাত্ৰীক সামূহিকভাৱে এই ক্ষতিপূৰণ আদায় দিয়া হ’ব।

তাৎপৰ্য্যপূৰ্ণভাৱে, ভাৰতত এয়ে প্ৰথমবাৰৰ বাবে ৰে’ল পলমকৈ চলাৰ বাবে ক্ষতিপূৰণ দিয়া হৈছে বুলি বাতৰিত প্ৰকাশ। কিন্তু, ভাৰতীয় ৰে’লৰ বিভাগীয় ৱে’বছাইটত সকলো ৰে’লৰ ক্ষেত্ৰতে পলম হ’লে যাত্ৰীয়ে টিকেটৰ ৰিফাণ্ড পোৱাৰ কথা উল্লেখ আছে।

কিদৰে পাব ৰে’ল পলমকৈ চলাৰ ক্ষতিপূৰণ–

সৌজন্য– www.indianrail.gov.in

ৰে’ল নিৰ্ধাৰিত সময়তকৈ তিনি ঘণ্টা পলমকৈ চলিলে আপুনি ঘূৰাই পাব লাগে টিকেটৰ ধন–

সৌজন্য– www.indianrail.gov.in

Related News