• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউনত আৱদ্ধ হৈ পৰা পুত্ৰক ১৪০০ কিলোমিটাৰ স্কুটাৰ চলাই ঘৰলৈ আনিলে মাতৃয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 10, 2020 1:13 pm
razia_begum_ride_1_1586489984_618x347 new

লকডাউনত আৱদ্ধ পুত্ৰক স্কুটাৰৰ পাছত বহুৱাই এইদৰে ঘৰলৈ আনে মাতৃয়ে। ফটো: টুইটাৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লকডাউনৰ ফলত আৱদ্ধ হৈ পৰা নিজ পুত্ৰক মাতৃয়ে স্কুটাৰেৰে ১৪০০ কিলোমিটাৰ যাত্ৰা কৰি ৩দিনত ঘৰলৈ ঘুৰাই অনাৰ এক ঘটনা পোহৰলৈ আহিছে।

তেলেংগানাৰ নিজামাবাদ জিলাৰ বাসিন্দা ৫০বছৰীয়া ৰাজিয়া বেগমে সোমবাৰে পুৱা স্থানীয় আৰক্ষীৰ অনুমতি লৈ প্ৰায় ৭০০ কিলোমিটাৰ দূৰৈৰ অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰলৈ যাত্ৰা কৰে।

খালী হৈ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে স্কুটাৰ চলাই নেল্লোৰ পোৱাৰ পাছত নিজ পুত্ৰক পাছত বহুৱাই লৈ বুধবাৰে সন্ধিয়া নিজামাবাদ জিলাৰ নিজৰ ঘৰত আহি উপস্থিত হয়।

এইদৰে এই গোটেই যাত্ৰাটোত তেওঁ ১৪০০ কিলোমিটাৰ পথ অতিক্ৰম কৰে আৰু তাকো তিনিদিনত। ৰাজিয়াই প্ৰতিদিনে প্ৰায় ৪৭০ কিলোমিটাৰ পথ স্কুটাৰ চলায়।

ৰাজিয়া বেগমে জানিবলৈ দিয়ে যে দুচকীয়া বাহনেৰে এয়া এক কঠিন যাত্ৰা যদিও পুত্ৰক ঘুৰাই অনাৰ দৃঢ় সংকল্পই সকলো শংকা দূৰ কৰি দিয়ে। নিশা স্বাভাৱিকতেই ভয় লাগিছিল কিয়নো ৰাস্তাত কোনো মানুহ বা যান-বাহন চলাচল কৰা নাছিল।

ৰাজিয়া বেগম হায়দৰাবাদৰ পৰা ২০০ কিলোমিটাৰ আঁতৰৰ নিজামাবাদ জিলাৰ বোধন কস্বেৰ এখন চৰকাৰী স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী। ৰাজিয়াৰ স্বামীৰ ১৫বছৰ পূৰ্বে মৃত্যু হৈছিল। তেওঁৰ ১৭ বছৰীয়া পুত্ৰ নিজামুদ্দিনে এম বি বিএছ পাঠ্যক্ৰমৰ বাবে প্ৰস্তুতি চলাই আছে।

ৰাজিয়াই তেওঁৰ সৰু পুত্ৰ নিজামুদ্দিনক আনিবলৈ তেওঁ আৱদ্ধ হৈ থকা নেল্লোৰৰ ৰহমতাবাদত উপস্থিত হৈছিল। তেওঁৰ পুত্ৰই এজন বন্ধুক ইয়াত থবলৈ আহি লকডাউনৰ বাবে আৱদ্ধ হৈ পৰিছিল।

ৰাজিয়াই প্ৰথমতে তেওঁৰ ডাঙৰ পুত্ৰক ৰহমতাবাদলৈ পঠিওৱাৰ কথা চিন্তা কৰিছিল যদিও পাছত লকডাউনৰ কঠোৰতাৰ বাবে সেই চিন্তা পৰিহাৰ কৰে। তেওঁ সৰু গাড়ীৰে যোৱাৰ কথাও চিন্তা কৰিছিল কিন্তু সেই চিন্তাও বাদ দি অৱশেষত দুচকীয়া বাহনেৰেই এই কঠিন যাত্ৰা সম্ভৱ কৰি তোলে।

ৰাজিয়া বেগমে ৰাস্তাত খোৱাৰ বাবে বহুখিনি ৰুটি বান্ধি লৈছিল। তদুপৰি, ৰাস্তাত পানীৰ পিয়াহ লাগিলে পেট্ৰ’ল পাম্পত ৰখি পানী খাই পুনৰ যাত্ৰা কৰিছিল। এনেদৰে তিনিদিনত ১৪০০ কিলোমিটাৰ স্কুটাৰ চলাই ৫০ বছৰীয়া ৰাজিয়া বেগমে লকডাউনত আৱদ্ধ হৈ থকা পুত্ৰক ওভতাই আনে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টোপনিত লালকাল সকলো, হঠাৎ পুৱতি নিশা বিস্ফোৰণ এচিৰ; নিমিষতে শেষ হৈ গ’ল পৰিয়ালটো

টোপনিত লালকাল সকলো, হঠাৎ পুৱতি নিশা বিস্ফোৰণ এচিৰ; নিমিষতে শেষ হৈ গ’ল পৰিয়ালটো

September 9, 2025 10:20 am
বিশ্ব চেম্পিয়ন ডি গুকেশক পৰাস্ত কৰি ইতিহাস ৰচিলে ১৬ বছৰীয়া অভিমন্যু মিশ্ৰই

বিশ্ব চেম্পিয়ন ডি গুকেশক পৰাস্ত কৰি ইতিহাস ৰচিলে ১৬ বছৰীয়া অভিমন্যু মিশ্ৰই

September 9, 2025 10:09 am
CAA বাতিল কৰাৰ দাবীত ব্যাপক প্ৰতিবাদ অসম জাতীয় পৰিষদৰ

CAA বাতিল কৰাৰ দাবীত ব্যাপক প্ৰতিবাদ অসম জাতীয় পৰিষদৰ

September 9, 2025 9:41 am
ভোট নিদিয়ে ৩ টা দলে, আজি কোন হ’ব নতুন উপ-ৰাষ্ট্ৰপতি? ৰাধাকৃষ্ণন-ৰেড্ডীৰ যুঁজত কি কয় সংখ্যাই?

ভোট নিদিয়ে ৩ টা দলে, আজি কোন হ’ব নতুন উপ-ৰাষ্ট্ৰপতি? ৰাধাকৃষ্ণন-ৰেড্ডীৰ যুঁজত কি কয় সংখ্যাই?

September 9, 2025 9:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টোপনিত লালকাল সকলো, হঠাৎ পুৱতি নিশা বিস্ফোৰণ এচিৰ; নিমিষতে শেষ হৈ গ’ল পৰিয়ালটো

টোপনিত লালকাল সকলো, হঠাৎ পুৱতি নিশা বিস্ফোৰণ এচিৰ; নিমিষতে শেষ হৈ গ’ল পৰিয়ালটো

September 9, 2025 10:20 am
বিশ্ব চেম্পিয়ন ডি গুকেশক পৰাস্ত কৰি ইতিহাস ৰচিলে ১৬ বছৰীয়া অভিমন্যু মিশ্ৰই

বিশ্ব চেম্পিয়ন ডি গুকেশক পৰাস্ত কৰি ইতিহাস ৰচিলে ১৬ বছৰীয়া অভিমন্যু মিশ্ৰই

September 9, 2025 10:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd