NORTHEAST NOW (Assamese)

নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

June 16, 2026 4:17 pm · এন ই নাও নিউজ, গুৱাহাটী

জনপ্ৰিয় ছ’চিয়েল মিডিয়া প্লেটফৰ্ম টেলিগ্ৰামৰ এটা স্ক্ৰীণশ্বটেই সমগ্ৰ দেশত খলকনি তুলিছিল। সেয়াই আছিল এই বছৰৰ নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ আটাইতকৈ ডাঙৰ প্ৰমাণ। যাৰ বাবে শিক্ষাৰ্থীসকলে পুনৰ নীট পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া হৈছে। অহা ২১ জুনত এই পৰীক্ষা পুনৰ অনুষ্ঠিত হ’ব। ঠিক তাৰ পূৰ্বেই প্ৰশ্নকাকত ফাদিল ৰোধ কৰিবলৈ আৰু নিৰাপত্তাৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়া সমগ্ৰ দেশতে সাময়িকভাৱে টেলিগ্ৰাম নিষিদ্ধ কৰা হৈছে। মঙলবাৰে নৰেন্দ্ৰ মোডী চৰকাৰে এই সিদ্ধান্তৰ কথা জনায়।

যোৱা মে’ মাহৰ ৩ তাৰিখে নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত আৰম্ভ হোৱা তদন্তত টেলিগ্ৰামৰ নাম পোহৰলৈ আহিছিল। এই এপটোৰ জৰিয়তেই প্ৰশ্নকাকত প্ৰেৰণ কৰা হৈছিল বুলি জানিব পৰা গৈছে। একাংশ গ্ৰুপ আৰু চেনেলৰ জৰিয়তে প্ৰশ্নকাকতসমূহ বিক্ৰী কৰা হৈছিল। মেধাৱী ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হোৱা এনে জঘন্য কাৰ্যৰ লগত দেশবাসী পৰিচিত। ইয়াৰ পূৰ্বেও বহুবাৰ এনে ঘটনা সংঘটিত হৈছে।

সূত্ৰৰ খবৰ অনুসৰি, টেলিগ্ৰামৰ জৰিয়তে প্ৰশ্নকাকত ফাদিল হোৱাৰ খবৰ পোহৰলৈ অহাৰ পিছত একাংশ টেলিগ্ৰাম গ্ৰুপে পুনৰ অনুষ্ঠিত হ’বলগীয়া নীট পৰীক্ষাৰ প্ৰশ্নকাকতো ফাদিল হোৱা বুলি দাবী কৰিছিল। প্ৰশ্নকাকত প্ৰেৰণ কৰাৰ নামত তেওঁলোকে কিছু পৰীক্ষাৰ্থীৰ পৰা ধনো বিচাৰিছিল। ২১ জুনৰ পৰীক্ষাৰ প্ৰশ্নকাকত দিয়াৰ প্ৰতিশ্ৰুতি দি ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালৰ পৰা ধন দাবী কৰিছিল এই অসাধু চক্ৰবোৰে। এই খবৰ পোহৰলৈ অহাৰ লগে লগেই নৰেন্দ্ৰ মোডী চৰকাৰে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে।

এই সন্দৰ্ভত নেশ্যনেল টেষ্টিং এজেন্সীয়ে এক বিবৃতি যোগে জনাইছে যে কেইটামান টেলিগ্ৰাম চেনেলে প্ৰশ্নকাকত বিক্ৰী কৰাৰ কথা ঘোষণা কৰিছে। তেওঁলোকে দাবী কৰিছে যে ২১ জুনৰ পৰীক্ষাৰ প্ৰশ্নকাকত ইতিমধ্যে ফাদিল হৈছে। এনেদৰে পৰীক্ষাৰ্থীসকলক বিভ্ৰান্ত কৰাৰ চেষ্টা চলোৱা হৈছে। ইয়াৰ পিছতেই কেন্দ্ৰীয় চৰকাৰে এই কাৰ্যব্যৱস্থা গ্ৰহণ কৰে। প্ৰশ্নকাকত ফাদিল ৰোধ কৰিবলৈ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত বিভ্ৰান্তি বিয়পোৱা বন্ধ কৰিবলৈ পৰীক্ষাৰ পিছদিনা অৰ্থাৎ ২২ জুনলৈকে সমগ্ৰ দেশতে টেলিগ্ৰাম নিষিদ্ধ কৰা হৈছে। কেৱল এপটো ব্লক কৰাই নহয়, তাৰ লগতে টেলিগ্ৰামত নিৰ্দিষ্ট সময়লৈকে মেছেজ এডিট কৰাৰ সুবিধাও সম্পূৰ্ণৰূপে বন্ধ কৰি ৰখা হৈছে।

Related News