• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰতিবাদী মল্লযুঁজাৰুক গুলীচালনাৰ ভাবুকি অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়াৰ: প্ৰত্যুত্তৰ বজৰং পুনিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 29, 2023 4:05 pm
wrestlers protest Bajrang Punia
1.6k
VIEWS
Share on FacebookShare on Twitter

অলিম্পিককে ধৰি আগশাৰীৰ আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক জয়েৰে বিশ্বৰ বুকুত দেশৰ নাম উজলোৱা দেশৰ তাৰক মল্লযুঁজাৰুসকল এতিয়া নিজ দেশতেই সন্মুখীন হ’বলগীয়া হৈছে চৰম অপমানৰ। কেৱল অপমানেই নহয়, ন্যায় প্ৰাপ্তিৰ দাবীত প্ৰতিবাদ কৰা মল্লযুঁজাৰুসকলে এতিয়া লাভ কৰিছে গুলীচালনাৰ ভাবুকিও।

ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে মহিলা খেলুৱৈক যৌন নিৰ্যাতনৰ অভিযোগেৰে দীৰ্ঘদিন ধৰি প্ৰতিবাদ চলাই অহা মল্লযুঁজাৰুসকলক গুলীচালনাৰ ভাবুকি প্ৰদান কৰিছে এগৰাকী অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়াই।

দেওবাৰে প্ৰতিবাদৰ সময়ত দেশৰ আগশাৰীৰ তাৰকা মল্লযুঁজাৰু তথা অলিম্পিক পদক বিজয়ী বজৰং পুনিয়া, সাক্ষী মালিক আৰু ৱিনেশ ফ’গাটকে ধৰি কেইবাগৰাকীও খেলুৱৈক দিল্লী আৰক্ষীয়ে দমনমূলকভাৱে আটক কৰি ৰখা দৃশ্যই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

এনে সময়তে অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়াগৰাকীৰ ভাবুকিয়ে আন এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাক্তন বিষয়াগৰাকীয়ে এক টুইট যোগে প্ৰতিবাদী মল্লযুঁজাৰুসকলক প্ৰয়োজন হ’লে গুলীচালনা কৰা হ’ব বুলি উল্লেখ কৰিছে। তেওঁৰ মন্তব্য অনুসৰি, এতিয়া মল্লযুঁজাৰুসকলক আৱৰ্জনাৰ দৰে কেৱল ঠেলি নিয়া হৈছে। কিন্তু প্ৰয়োজন হ’লে গুলীচালনা কৰা হ’ব।

তেওঁ টুইটটোত লগতে কয় যে, ধাৰা ১২৯- এ আৰক্ষীক গুলী চালনাৰ ক্ষমতা প্ৰদান কৰে। যদি পৰিস্থিতিয়ে দাবী কৰে, তেন্তে সেই ইচ্ছা পূৰণ হ’ব। ইয়াৰোপৰি তেওঁ মৰণোত্তৰ পৰীক্ষাৰ মেজত পুনৰ লগ হ’ব বুলি এক আশ্চৰ্যকৰ মন্তব্যও টুইটটোত সংলগ্ন কৰে।

ড০ এন চি আস্থানা নামৰ এই অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়াগৰাকীৰ টুইটৰ পিছতে অলিম্পিক ব্ৰঞ্জ জয়ী বজৰং পুনিয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিষয়াগৰাকীৰ গুলীৰ সন্মুখীন হোৱাৰ বাবে কোন স্থানলৈ যাব লাগিব, সেই বিষয়ে অৱগত কৰিবলৈ আহ্বান জনায়।

 

ये IPS ऑफिसर हमें गोली मारने की बात कर रहा है। भाई सामने खड़े हैं, बता कहाँ आना है गोली खाने… क़सम है पीठ नहीं दिखाएँगे, सीने पे खाएँगे तेरी गोली। यो ही रह गया है अब हमारे साथ करना तो यो भी सही। https://t.co/jgZofGj5QC

— Bajrang Punia 🇮🇳 (@BajrangPunia) May 29, 2023

প্ৰাক্তন বিষয়াগৰাকীৰ টুইটৰ উত্তৰত পুনিয়াই কয়, “এই আইপিএছ বিষয়াগৰাকীয়ে আমাক গুলীয়াই হত্যা কৰাৰ কথা কৈছে। আমি আপোনাৰ সন্মুখত আছোঁ, আমি কোন স্থানলৈ যাব লাগিব কওঁক। শপত খাই কৈছো আমি ঘূৰি নাহো, বুকুত আপোনাৰ গুলীৰ পাতি লম।আমাৰ লগত যি কৰিবলৈ এয়াই বাকী আছে, তেতিয়াহ’লে এয়াও হওক।”

উল্লেখ্য যে, কালি নতুন সংসদ ভৱনলৈকে শান্তিপূৰ্ণ প্ৰতিবাদী সমদল বাহিৰ কৰাৰ পিছতে সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতিৰ পাছত বজৰং পুনিয়কে ধৰি ৱিনেশ ফ’গাট, সাক্ষী মালিকসহ ১২ জন মল্লযোদ্ধাৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে হিংসাত্মক কাণ্ড, বেআইনী সমাবেশ আৰু ৰাজহুৱা কৰ্মচাৰীসকলক তেওঁলোকৰ কৰ্তব্য পালনত বাধা দিয়াৰ অভিযোগত গোচৰ দাখিল কৰিছে।

Recent News

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd