ৰূপালী জগতৰ তাৰকা মানে এইটো নহয় যে তেওঁলোকৰ কোনো আৰ্থিক সমস্যা নাই। টলিউড (তেলেগু) অভিনেতা তথা কমেডিয়ান ফিচ ভেংকট ইয়াৰ অন্যতম উদাহৰণ। ৱান ইণ্ডিয়াক দিয়া এক সাক্ষাৎকাৰত ফিচ ভেংকটৰ কন্যা শ্ৰাৱন্তীয়ে জনায় যে তেওঁৰ পিতৃৰ কিডনী ট্ৰান্সপ্লাণ্টৰ বাবে বহুত টকাৰ প্ৰয়োজন।
ইতিমধ্যে টলিউডৰ অভিনেতা প্ৰভাসৰ টীমৰ তৰফৰ পৰা মোটা অংকৰ ধনৰ প্ৰস্তাৱ দিয়া হৈছে। অভিনেতা-কমেডিয়ানৰ কন্যাই অনুৰোধ জনাইছে যে টলিউডত পিতৃৰ সৈতে কাম কৰা প্ৰতিজন ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াওক। সংবাদ মাধ্যমৰ সন্মুখত শ্ৰাৱন্তীয়ে কয় যে এই মুহূৰ্তত পিতৃৰ চিকিৎসাৰ বাবে প্ৰাথমিকভাৱে ৫০ লাখ টকাৰ প্ৰয়োজন।
শ্ৰাৱন্তীৰ ভাষাত ‘মোৰ দেউতাৰ স্বাস্থ্য একেবাৰে ভাল নহয়। তেওঁৰ শাৰীৰিক অৱস্থা যথেষ্ট বেয়া। এই মুহূৰ্তত তেওঁ আই চি ইউত আছে। তেওঁক কিডনী ট্ৰান্সপ্লাণ্টৰ প্ৰয়োজন। যাৰ বাবে ৫০ লাখ টকাৰ প্ৰয়োজন। প্ৰভাসৰ সহায়কৰ পৰা ফোন আহিছে। আৰ্থিক সহায়ৰ বাবে হাত আগবঢ়াইছে। তেওঁ মোক বৃক্ক সংৰোপণৰ তাৰিখৰ বিষয়ে জনাই দিবলৈ কৈছে, তৎক্ষণাত টকাখিনি পঠিয়াই দিব।’
ইপিনে, আৰ্থিক সমস্যা সমাধান হ’লেও পৰিয়ালৰ কোনোৱেই বৃক্ক দান কৰিবলৈ ইচ্ছুক নহয়। ইয়াৰ বাবে এতিয়াও কোনো দাতা পোৱা হোৱা নাই।
উদ্যোগটোৰ কিছুমান মানুহৰ নাম উল্লেখ কৰি শ্ৰাৱন্তীৰ অনুৰোধ, ‘চিৰঞ্জীৱী, পৱন কল্যাণ, আল্লু অৰ্জুন, জুনিয়ৰ এন টি আৰ, আপোনালোকৰ প্ৰত্যেকেই এই বিষয়ত মোক সহায় কৰক। দেউতাই সকলোৰে লগত হিট ছবিত কাম কৰিছে। কিন্তু, এতিয়া তেওঁক কোনেও বিচৰা নাই। সকলোকে মোৰ আন্তৰিক অনুৰোধ যে অনুগ্ৰহ কৰি মোৰ দেউতাক সহায়ৰ হাত আগবঢ়াওক।’
কোন এইগৰাকী টলিউডৰ অভিনেতা ফিচ ভেংকট? তেলেগু চলচ্চিত্ৰ জগতত তেওঁ অতি পৰিচিত মুখ। কমেডী আৰু খলনায়কৰ চৰিত্ৰত অভিনয় কৰি তেওঁ তেলেগু ছবিৰ দৰ্শকৰ মনত এক স্থান দখল কৰিছে। তেলেংগানা উপভাষাত তেওঁৰ অসাধাৰণ দক্ষতাৰ বাবে তেওঁক মাছ ( Fish )বুলি উপনাম দিয়া হৈছে।
তেওঁৰ চলচ্চিত্ৰ জীৱনৰ কেইখনমান উল্লেখযোগ্য হিট ছবিৰ ভিতৰত বানি, আধুৰ্ছ, ধী, মিৰাপাকে আদি অন্যতম। শেহতীয়াকৈ তেওঁক দেখা গৈছিল থ্ৰিলাৰ চিনেমা কফি উইথ এ কিলাৰত।