• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
January 16, 2021 7:06 pm
IMG-20210116-WA0008

মাৰ্ঘেৰিটাৰ লেখাপানীত দহ সংগঠনৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিতৰ্ক সম্ৰাট ভাস্কৰ শৰ্মাৰ সাহস আছে যদি মাৰ্ঘেৰিটাত কেৱল গোৰ্খা জনগোষ্ঠীৰ ভোটেৰে জয়ী হৈ দেখুৱাওক। সমন্বয়ৰ নামত ভেকোভাওনা, সম্প্ৰীতিৰ নামত ভেঙুচালি কৰা ভণ্ড নেতাক কোনোপধ্যেই সহ্য নকৰে মাৰ্ঘেৰিটাৰ দল সংগঠনে।

এনে বক্তব্যৰে বিধায়ক ভাস্কৰ শৰ্মাক মাৰ্ঘেৰিটাবাসীৰ আগত ক্ষমা খুজিবলৈ দাবী জনালে দহ সংগঠনে।

উল্লেখ্য যে, মাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় খেলপথাৰত যোৱা ৭ জানুৱাৰীত অনুষ্ঠিত গোৰ্খা ছাত্ৰ সন্থাৰ অধিবেশন আৰু গোৰ্খা জাতীয় সমাৰোহত নেপালৰ পৰা আমন্ত্ৰিত শিল্পীৰ ভাৰত বিৰোধী মন্তব্য, অৰ্ধনগ্ন নৰ্তকীৰ নৃত্য-গীত, গোৰ্খা ছাত্ৰ সন্থাৰ নেতাৰ ওফাইদাং মৰা ভাষণ তথা সমষ্টিটোৰ বহু বিতৰ্কিত বিধায়ক ভাস্কৰ শৰ্মাৰ উগ্ৰ সাম্প্ৰদায়িক ভাষণক কেন্দ্ৰ কৰি মাৰ্ঘেৰিটাত প্ৰতিক্ৰিয়া অব্যাহত আছে।

গোৰ্খা ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে অৰ্ধনগ্ন নৰ্তকীৰ নৃত্য-গীত সন্দৰ্ভত এয়া অনিচ্ছাকৃত ভুল বুলি ক্ষমা বিচৰাৰ বিপৰীতে গোৰ্খা বৌদ্ধিক সমাজে অশ্লীল নৃত্য-গীত তথা সমাজবিৰোধী মন্তব্যৰ গৰিহনা জনোৱাৰ লগতে দুমাহৰ বাবে গোৰ্খা ছাত্ৰ সন্থাক বৰ্জন কৰাৰ কথা ঘোষণা কৰিছে।

আনহাতে, মাৰ্ঘেৰিটাৰ দহটাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে ভোগালী বিহুৰ দিনাখন মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানীত এক সংবাদ মেল অনুষ্ঠিত কৰি সমগ্ৰ কাণ্ডৰ গৰিহনা জনোৱাৰ লগতে বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে গোৰ্খা ছাত্ৰ সন্থাক ধিক্কাৰ দিয়ে।

সংবাদ মেলত টাই আহোম যুৱ পৰিষদ মাৰ্ঘেৰিটা মহকুমা সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিৰাপ জাগুন আঞ্চলিক সমিতি, টাই আহোম ছাত্ৰ সন্থা পাটকাই আঞ্চলিক সমিতি, সদৌ অসম ভোজপুৰী পৰিষদ তিনিচুকীয়া জিলা সমিতি, অসম চাহ জনজাতি ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতি, সদৌ অসম চেমা ছাত্ৰ সন্থা টিৰাপ আঞ্চলিক সমিতি, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা টিৰাপ আঞ্চলিক সমিতি, টি এম পি কে তিনিচুকীয়া জিলা সমিতি, মান টাই ভাষী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি আৰু সদৌ অসম টাংছা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰি গোৰ্খা ছাত্ৰ সন্থাৰ অনুষ্ঠানত সংঘটিত কাণ্ডক ধিক্কাৰ দিয়ে।

তদুপৰি, গোৰ্খা ছাত্ৰ সন্থাৰ উপ সভাপতি জয়ৰাম থাপাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে গোৰ্খা ছাত্ৰ সন্থাক আহ্বান জনোৱাৰ লগতে বৰ্হিৰাষ্ট্ৰৰ পৰা অনাগত দিনত শিল্পী আমন্ত্ৰণ নকৰিবলৈও গোৰ্খা ছাত্ৰ সন্থাক সকীয়াই দিয়ে।

সেইদৰে, বিধায়ক ভাস্কৰ শৰ্মাক অনাগত দিনত অন্য জনগোষ্ঠীক হেয় কৰি নিজৰ জনগোষ্ঠীক শ্ৰেষ্ঠত্ব প্ৰদৰ্শন নকৰিবলৈ সকীয়াই দিয়াৰ লগতে বিধায়কক মাৰ্ঘেৰিটাবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ দাবী জনায়।

লগতে বিধায়ক ভাস্কৰ শৰ্মাৰ যদিহে সাহস আছে তেনেহলে কেৱল মাত্ৰ গোৰ্খা জনগোষ্ঠীৰ ভোটেৰে নিৰ্বাচনত জয়ী হৈ দেখুৱাবলৈ প্ৰত্যাহ্বান জনায় দল-সংগঠনসমূহে।

মানস প্রতীম গগৈ

মানস প্রতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am
খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd