নতুন বছৰৰ আৰম্ভণিতে দুঃসংবাদ! কৰ্কট ৰোগত আক্ৰান্ত কিংবদন্তি টেনিছ খেলুৱৈ নাভ্ৰাটিলোভা

Martina Navratilova Diagnosed With Throat And Breast Cancer নতুন বছৰৰ আৰম্ভণিতে ক্ৰীড়া জগতৰ বাবে এটা বেয়া খবৰ। মাৰ্টিনা নাভ্ৰাটিলোভা ডিঙি আৰু স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে। তেওঁ সোমবাৰে নিজেই খৱৰটো সদৰী কৰিছে। চিকিৎসাৰ পিছত তেওঁ সোনকালে আৰোগ্য হ’ব বুলি আশা কৰে প্ৰাক্তন টেনিছ তাৰকাগৰাকীয়ে।

মাৰ্টিনা নাভ্ৰাটিলোভাই যোৱা নৱেম্বৰত ডিঙিত অস্বস্তিৰ কথা লক্ষ্য কৰিছিল। তাৰ পিছত, পৰীক্ষাত এটা টিউমাৰ ধৰা পৰে। ইয়াৰ পিছত গোটেই শৰীৰৰ পৰীক্ষা কৰা হয়। দেখা যায় যে কৰ্কট ৰোগ স্তনলৈও বিয়পি পৰিছে।

মাৰ্টিনাই ১৩ বছৰ আগতে ৰেডিয়েশ্যন থেৰাপিৰ দ্বাৰা স্তনৰ কৰ্কট ৰোগৰ পৰা মুক্ত হৈছিল। তেতিয়া কোৱা হৈছিল যে ৰোগটো ঘূৰি অহাৰ সম্ভাৱনা নাই। কিন্তু দেখা গৈছে যে পুনৰ মাৰাত্মক ৰোগটোত আক্ৰান্ত হৈছে মাৰ্টিনাৰ শৰীৰ।

চিকিৎসা সম্পৰ্কত মাৰ্টিনাই কয়, “এই দুটা কেন্সাৰ মোৰ বাবে অতি উদ্বেগজনক। কিন্তু আশাৰ কথাটো হ’ল ইয়াক দূৰ কৰিব পাৰি। আশা কৰোঁ কিবা ভালেই হ’ব। ই কেইদিনমানৰ বাবে হয়তো কষ্ট দিব পাৰে। কিন্তু মই মোৰ মাজত থকা শক্তিৰে  যুঁজিম।‘’

মাৰ্টিনাৰ এজন মুখপাত্ৰই কয় যে প্ৰাথমিক পৰ্যায়ত কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বিষয়ে চিন্তা কৰাৰ একো নাই। সম্পূৰ্ণ আৰোগ্য হোৱাৰ সম্ভাৱনা অধিক।

মাৰ্টিনাই এই মাহত ডিঙিৰ কৰ্কট ৰোগৰ চিকিৎসা আৰম্ভ কৰিব। অধ্যয়ন অনুসৰি, ৯০শতাংশ ক্ষেত্ৰত ৰোগীসকলে প্ৰাথমিক পৰ্যায়ত ডিঙিৰ কৰ্কট ৰোগ ধৰা পৰিলে পাঁচ বছৰ বা অধিক সময় জীয়াই থাকে। অৱশ্যে, স্তন কৰ্কট ৰোগৰ চিকিৎসা কেতিয়া আৰম্ভ হ’ব সেই বিষয়ে এতিয়ালৈকে কোনো তথ্য পোৱা হোৱা নাই। সূত্ৰসমূহৰ মতে ডিঙিৰ কৰ্কট ৰোগৰ সৈতে স্তনৰ কৰ্কট ৰোগৰ কোনো সম্পৰ্ক নাই।

খেলৰ পৰা অৱসৰ লোৱাৰ পিছত মাৰ্টিনাই টেনিছ বিশেষজ্ঞ হিচাপে কাম কৰিছিল। তেওঁ অষ্ট্ৰেলিয়ান অ’পেনত কমেন্ট্ৰি দিবলৈ কেইদিনমান পিছত মেলবৰ্ণলৈ উৰা মৰাৰ কথা আছিল। কিন্তু এই পৰিস্থিতিত তেওঁৰ আৰু যোৱা নহ’ব।

উল্লেখ্য যে মাৰ্টিনা নাভ্ৰাটিলোভাই ১৯৭৪ চনৰ পৰা ২০০৬ চনলৈ টেনিছ খেলিছিল। তেওঁৰ নামত একক, ডাবলছ আৰু মিক্সড ডাবলছত ৫৯ টা গ্ৰেণ্ড শ্লাম আছে। তেওঁ আন যিকোনো মহিলা খেলুৱৈতকৈ অধিক উইম্বলডন (৯) জিকিছে। মাৰ্গাৰেট কোৰ্ট আৰু ডৰিছ হাৰ্টৰ লগতে মাৰ্টিনাই হৈছে একমাত্ৰ মহিলা টেনিছ খেলুৱৈ যিয়ে একক, ডাবলছ আৰু মিক্সড ডাবলছত কেৰিয়াৰ গ্ৰেণ্ড শ্লাম লাভ কৰিছে।