ধুমুহাই মহতিয়াই নিলে বিদ্যালয়গৃহ : মেৰামতিৰ দাবী টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ

Teok School

যোৱা ২০ মে’ তাৰিখে বিধ্বংসী ধুমুহাই বিধস্ত কৰিলে যোৰহাট জিলাৰ টীয়কৰ মধ্য যোৰহাট শিক্ষা খণ্ডৰ অধীনৰ উত্তৰ-দুলিয়া ন-গাঁও মধ্য ইংৰাজী বিদ্যালয়।

যোৱা ৫ ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে প্ৰাদেশিকৰণ নোহোৱা বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিছিল যদিও উন্নত নহ’ল আন্তঃগাঁথনি।

১৯৯৫ চনতে স্থাপিত বৃহত্তৰ বগৰীগুৰি অঞ্চলৰ একমাত্ৰ শিক্ষাৰ সম্বল উত্তৰ দুলিয়া ন-গাঁও মধ্য ইংৰাজী বিদ্যালয়ত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক ৰন্টু ভূঞাৰ সৈতে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰশান্ত দোলাকাষৰীয়া, সভাপতি পাপু কলিতা, উপ সভাপতি দীপাংকৰ দাস, উত্তৰ-দক্ষিণ দুলিয়া শাখা ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল দাসৰ সহিতে ছাত্ৰ সন্থাৰ এটি সঁজাতি দলে আজি বানে গৰকা এই অঞ্চলটোৰ বিদ্যালয়খনত উপস্থিত হয়।

এক বিবৃত্তিত আছু নেতা ৰন্টু ভূঞাই সংবাদমাধ্যমৰ আগত তাৎক্ষণিকভাৱে অসম চৰকাৰে বিদ্যালয়খন মেৰামতিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে।

যিহেতু বৃহত্তৰ এই উত্তৰ-দুলিয়া অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় গৃহৰ অভাৱত শিক্ষাৰ পৰা যাতে বঞ্চিত হ’ব লগা নহয় সেই ক্ষেত্ৰত অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

একেটা বিবৃত্তিতে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰীতমজ্যোতি শইকীয়া, প্ৰশান্ত দোলাকাষৰীয়া, সভাপতি পাপু কলিতা আৰু সম্পাদক প্ৰাঞ্জল দত্তই অসম চৰকাৰে এই বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে খুব সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আৰু বানেগৰকা এই অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভবিষ্যতৰ লগত জড়িত বিষয় যাতে চৰকাৰে এৰাই নচলে তাৰ ক্ষেত্ৰত কৰণীয় আছে বুলি তেওঁলোকে উল্লেখ কৰিছে।