টীয়কৰ এক খেতিয়ক দম্পতিৰ সফলতা; ভোট জলকীয়াৰে দৈনিক উপাৰ্জন ৫ৰ পৰা ৮ হাজাৰ টকা

ফটো : নৰ্থ-ইষ্ট নাও

যিটো সময়ত কৃষি কৰ্মৰ লগত জড়িত সকলৰ বাবে লক ডাউন এক অভিশাপ হৈ পৰিছে সেই সময়তে যোৰহাট জিলাৰ টীয়কৰ বলমা মৰাণ গাঁৱৰ এক ব্যতিক্ৰমী খেতিয়ক দম্পতি এতিয়া সকলোৰে বাবে আদৰ্শ হৈ পৰিছে।

যিজন খেতিয়কে সজোৰে দাবী কৰিছে যে প্ৰশাসনৰ সহযোগিতাত লকডাউনৰ সময়ত ৰাজ্যৰ বেলেগে জিলাৰ শাক-পাচলীৰ আদান প্ৰদান বন্ধ হৈ থকাত তেওঁৰ উৎপাদিত সামগ্ৰীৰ বাবে এখন সুন্দৰ থলুৱা বজাৰ লাভ কৰিছে।

নৱনিধি গগৈ নামৰ এই খেতিয়কজনে এতিয়া লকডাউনৰ সময়তো বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি কৰা ভোট জলকীয়া, নেমু তথা বিভিন্ন পাচলিৰ খেতিৰে স্বাৱলম্বী হৈছে।

দৈনিক ৮ ৰ পৰা ১০ কেজি পৰ্যন্ত ভোট জলকীয়া, শ শ নেমু টেঙা বিক্ৰী কৰি উপাৰ্জন কৰিছে গড়ে ৫০০০ ৰ পৰা ৮০০০ টকা।

প্ৰায় ৪ বিঘা মাটিত ভোটজলকীয়া, ৩ বিঘা মাটিত নেমু বাগান আছে নৱনিধিৰ। এই ক্ষেত্ৰত তেওঁক সম্পূৰ্ণৰূপে সহায় আগবঢ়াইছে নৱনিধিৰ সহধৰ্মিনীয়ে। খেতিয়ক পৰিয়ালটোৰ এই পদক্ষেপ এতিয়া সকলোৰে বাবে আদৰ্শ হৈ পৰিছে।