NORTHEAST NOW (Assamese)

উঁই পোকে কূটি খাই পেলালে বেংকৰ লকাৰত থকা লক্ষাধিক টকা! মূৰে-কপালে হাত গ্ৰাহকৰ

February 12, 2023 2:05 pm · এন ই নাও নিউজ, গুৱাহাটী

সুনীতা মেহতা নামৰ এগৰাকী গ্ৰাহকে ৰাজস্থানৰ উদয়পুৰত থকা পাঞ্জাৱ নেচনেল বেংকৰ এটা লকাৰত টকাখিনি ৰাখিছিল। শেহতীয়াকৈ তেওঁ বেংকলৈ গৈ তেওঁৰ লকাৰ খুলি দেখিলে যে উঁই পোকে তাত আক্ৰমণ কৰিছে।

ইয়াত লকাৰত থকা ২ লাখ ১৫ হাজাৰ টকাৰ নোট নষ্ট হৈ হৈছে।

সুনীতাই কয় যে লকাৰত ৰখা সামগ্ৰীৰ সুৰক্ষা নিশ্চিত কৰাটো বেংকৰ দায়িত্ব। তেওঁ ইতিমধ্যে বেংক কৰ্তৃপক্ষৰ ওচৰত এই বিষয়ে অভিযোগ দাখিল কৰিছে।

অভিযোগ কৰা হৈছে যে বেংকত পোক-পতংগ নিয়ন্ত্ৰণ কৰিবলৈ কোনো ব্যৱস্থা লোৱা হোৱা নাই। সেইকাৰণে লকাৰত ৰখা সামগ্ৰীবোৰ ক্ষতিগ্ৰস্ত হৈছে। প্ৰায় ২০ ৰ পৰা ২৫ টা লকাৰত উঁইৰ আক্ৰমণ হোৱাৰ আশংকা কৰা হৈছে।

বেংকৰ জ্যেষ্ঠ মেনেজাৰ প্ৰবীণ কুমাৰ যাদৱে কৈছে যে নোটৰ ক্ষতিৰ বিষয়ে তথ্য উৰ্দ্ধতন কৰ্তৃপক্ষক জনোৱা হৈছে। সমস্যাটোৰ সমাধান কৰিবলৈ গ্ৰাহকজনক বেংকলৈ মাতি অনাও হৈছে।

Related News