NORTHEAST NOW (Assamese)

জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰ: নিহত এগৰাকী সন্ত্ৰাসবাদী; এগৰাকী নিৰাপত্তাৰক্ষী আহত

September 12, 2022 9:34 pm · এন ই নাও নিউজ, গুৱাহাটী

ক্ৰমাৎ সেনা-আৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষই ভয়াৱহ ৰূপ ধাৰণ কৰিছে জম্মু-কাশ্মীৰত। উপত্যকাটোত যোৱা বৰ্ষৰ শেষৰ ফালৰ পৰা দ্ৰুতগতিত বৃদ্ধি পাইছে নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ মাজত সংঘাত। সন্ত্ৰাসমুক্ত জম্মু-কাশ্মীৰৰ লক্ষ্যৰে উপত্যাকাটোত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰন্তৰ চলাইছে অভিযান।

এনে অভিযানত বিগত সময়চোৱাত শতাধিক সন্ত্ৰাসবাদী নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰত নিহত হোৱাৰ লগতে আন বহু সন্ত্ৰাসবাদী সদস্য আটক হৈছে। আনহাতে সন্ত্ৰাসবাদীৰ গুলীত নিহত তথা আহত হৈছে নিৰাপত্তাৰক্ষী কৰ্মীও।

ধাৰাবাহিকভাৱে চলি থকা এনে সংঘাতৰ মাজতে আজি পুনৰ উপত্যাকাটোৰ শ্বপিয়ান জিলাত এক সংঘৰ্ষ সংঘটিত হয়। এই সংঘৰ্ষত এজন অচিনাক্ত সন্ত্ৰাসবাদী নিহত হোৱাৰ বিপৰীতে আহত হৈছে এগৰাকী সুৰক্ষা কৰ্মী।

এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া অনুসৰি জিলাখনৰ হেফ শিৰমাল অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য পোৱাৰ পিছতে নিৰাপত্তাৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে।

নিৰাপত্তাৰক্ষীৰ এই অভিযানৰ পাছতে সন্ত্ৰাসবাদী কেইজনে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰে আৰু তাৰ ফলশ্ৰুতিত দুয়োপক্ষৰ মাজত গুলীবৰ্ষণ আৰম্ভ হয়।

এই সংঘৰ্ষত নিৰাপত্তা বাহিনীৰ এজন জোৱান আহত হোৱাৰ লগতে এজন সন্ত্ৰাসবাদী সদস্য গুলীবিদ্ধ হোৱাৰ ফলত নিহত হয় বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

তেওঁ লগতে বৰ্তমানো অঞ্চলটোত তালাচী অভিযান চলি আছে বুলি উল্লেখ কৰিছে।

Related News