অচিৰেই অসমৰ চাহ বাগানৰ নিৰীক্ষণ কাৰ্যত মোতায়েন হ’ব ড্ৰোন

Tea-garden-children-768x388

আচিৰেই অসমৰ চাহ বাগনসমূহৰ ওপৰেৰে উৰি ফুৰিব ড্ৰোন। ঘাইকৈ চাহগছসমূহৰ গঢ়ন-বাঢ়ন, ইয়াত হোৱা কীট , অপতৃণ, ৰোগৰ অক্ৰমণ সম্পৰ্কে অৱগত হোৱাৰ বাবে অদূৰ ভৱিষ্যতে ড্ৰোন ব্যৱহাৰৰ কথা বিৱেচনা কৰা হৈছে।

২২ জানুৱাৰি মঙলবাৰে গুৱাহাটীত হোৱা এটা সাক্ষাৎকাৰত ভূ-তথ্যবিদ্যা বিজ্ঞান কেন্দ্ৰৰ এছিয়ান প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ (Geoinformatics Centre of Asian Institute of Technology) সঞ্চালক মনজুল কুমাৰ হাজৰিকাই জনাইছে যে ড্ৰোন ব্যৱহাৰ কৰি অতি কম ব্যয়েৰে কৃষিখণ্ড আৰু চাহ বাগিচাসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰিব পৰা যাব।

হাজৰিকাই আৰু কৈছে যে ড্ৰোনৰ সুবিধা হৈছে এই সমূহ চাহিদা অনুযায়ী অতি সহজেই মোতায়েন কৰিব পৰা যায়। ভূ-নিৰীক্ষণ ছেটেলাইটসমূহৰ (earth-observation satellites) লেখিয়াকৈ ড্ৰোনৰ ওপৰত ডাৱৰৰ কোনো নেতিবাচক প্ৰভাৱ নপৰে। ড্ৰোনেৰে অতি দ্ৰুততাৰে আৰু শুদ্ধভাৱে তথ্য সংগ্ৰহ কৰিব পাৰি।

তেওঁ আৰু কৈছে যে ড্ৰোনেৰে বহু বৰ্ণালীয় সংবেদকৰ (multi-spectral sensors) সহায়ত প্ৰতিচ্ছবি তুলিব পাৰে। ইয়াৰ ফলত ফচলৰ স্তৰ আৰু পৰিপক্কতাৰ স্তৰ স্পষ্টকৈ জানিব পৰা যাব।

উচ্চ ৰিজলিউশ্যনযুক্ত কেমেৰাযুক্ত ড্ৰোনেৰে উচ্চ গুণমান বিশিষ্ট মানচিত্ৰ প্ৰস্তুত কৰিব পাৰি। ইয়াৰ ফলত কীট নিয়ন্ত্ৰণ আৰু পতংগৰ আক্ৰমণ হ্ৰাস কৰাৰ বাবে সময়োচিত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰি।

উত্তৰ পূৰ্বীয় চাহ সংস্থাৰ (North Eastern Tea Association চমুকৈ NETA)) উপদেষ্টা বিদ্যানন্দ বৰকাকতীয়ে জনাইছে যে শস্যক্ষেত্ৰত কীটৰ আক্ৰমণ, অপতৃণৰ প্ৰাদূৰ্ভাৱ, ফচল কম হোৱাৰ প্ৰৱণতা নিৰীক্ষণ কৰা, সাৰ আৰু কীটনাশক প্ৰয়োগ কৰা আদি ক্ষেত্ৰত যে ড্ৰোন মোতায়েন কৰা হ’ব।