NORTHEAST NOW (Assamese)

ক’ৰ’নাতংক: তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গৰিষ্ঠ সংখ্যক শিক্ষাৰ্থীকে আবাস খালি কৰাৰ নিৰ্দেশ

April 18, 2021 10:15 am · এন ই নাও নিউজ

ক’ৰ’নাতংকৰ পৰিপ্ৰেক্ষিততে তেজপুৰ বিশ্ব বিদ্যালয় কৰ্তৃপক্ষই বিশ্ব বিদ্যালয় খনৰ প্ৰায় সংখ্যক শিক্ষাৰ্থীকে আবাস খালি কৰাৰ নিৰ্দেশ জাৰি কৰিছে।

তেজপুৰ বিশ্ব বিদ্যালয়ৰ ছাত্ৰ কল্যাণ বিভাগৰ ডীন প্ৰফেছৰ ডি ডেকাই জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে যে স্নাতকোত্তৰ আৰু স্নাতক শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলৰ লগতে পিএইছডি শিক্ষাৰ্থীসকলক বাদ দি আন শিক্ষাৰ্থীসকলে ২৩ এপ্ৰিলৰ ভিতৰত আবাস খালি কৰি দিব লাগিব।

শিক্ষাৰ্থীসকলে তেওঁলোকৰ সামগ্ৰী আদি আবাসৰ কোনো সুৰক্ষিত স্থানত নিজৰ দায়িত্বত ৰাখিব পাৰিব।

শিক্ষাৰ্থীৰ কোনো সামগ্ৰীৰ ক্ষতি হ’লে বা হেৰালে তাৰ বাবে বিশ্ব বিদ্যালয় কৰ্তৃপক্ষ দায়ী নহ’ব বুলি নিৰ্দেশনা খনত কোৱা হৈছে।

আনহাতে চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলে ২৯ এপ্ৰিল পৰ্যন্ত আবাসত থাকিব পাৰিব।

তেওঁলোকে ৩০ এপ্ৰিলৰ ভিতৰত আবাস খালি কৰি দিব লাগিব।বিদেশৰ শিক্ষাৰ্থীসকলে পৰৱৰ্তী জাননী প্ৰকাশ নকৰালৈকে আবাসত থাকিব পাৰিব।

পিএইছডি শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰতো পৰৱৰ্তী সময়ত আবাস খালি কৰাৰ বিষয়ে জনোৱা হ’ব বুলি নিৰ্দেশনা খনত কোৱা হৈছে।

Related News