গোৱালপাৰাৰ কৃষ্ণাইত পাহাৰৰ মাজত এক দুৰ্বিসহ জীৱন অতিবাহিত কৰিছে থান্তীপাৰা গাওঁবাসীয়ে

থান্তি গাঁও

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ কিছু আঁতৰৰ তথা অসম-মেঘালয় সীমান্তৰ এখন গাঁও থান্তীপাৰা। যুগ যুগ ধৰি পাহৰত বসবাস কৰা গাৰো জনগোষ্ঠীৰ লোকসকল এতিয়া এক হাহাকাৰ অৱস্থাৰ মাজৰে দিন অতিবাহিত কৰিব লগা হৈছে।

গাঁৱখনত অহা যোৱা মাধ্যম বুলি কোনো পথে নাই ৷ পাহাৰ বগাই অহা যোৱা কৰিব লাগে থান্তীপাৰাবাসীয়ে। বিগত দিন   বোৰত  কোনো  মন্ত্ৰী, এম এল এ তথা কোন চৰকাৰী বিষয়াৰ পদধূলা নপৰিল গাৱঁখনত ৷

শুনিলে আচৰিত হ’ব যে এই গাঁৱৰ লোকে এতিয়াও জৰা ফুকাৰে কৰে চিকিৎসা। কেতিয়াবা যদি সংকটজনক অৱস্থাত বাহিৰলৈ নিব লাগে তেন্তে সাঙী কৰি নিয়াৰ বাহিৰে কোনো বিকল্প নাই ৷

গাঁৱখনত আজিলৈকে নাই নাই বিদ্যুত, নাই খোৱা পানী, নাই উচ্চ শিক্ষাৰো ব্যৱস্থা। একমাত্ৰ প্ৰথমিক বিদ্যালয় খনৰ অৱস্থাও তথৈবচ। থান্তীপাৰা গাৱঁবাসীয়ে আজিও নিজৰাৰ পানী খাই দিন পাৰ কৰিছে। কিয়নো খোৱা পানী বুলিলে তেওঁলোকৰ বাবে নিজৰাৰ বাহিৰে যে আৰু কোনো বিকল্প নাই।

বহু সমস্যাৰ মাজত বৰ্তি আছে গাৰো জনগোষ্ঠীৰ বসতি প্ৰধান এই গাঁৱখনৰ বাসিন্দাসকল৷ কোনোকালে মন্ত্ৰী বিধায়কৰ আগমন নঘটিল। এই লোকসকলৰ সুখ দুখৰ বতৰা বতৰা ল’বলৈ গোৱালপাৰা প্ৰেছ ক্লাৱৰ সাংবাদিকৰ দল এটাই পাহাৰৰ ৬কিলোমিটাৰ উচ্চতাত থকা থান্তীপাৰাত উপস্থিত হৈ লোকসকলৰ মৰ্মে বেদনাৰ বুজ লয় ৷

অঞ্চলটো যেন এতিয়াও সভ্যতা সংস্কৃতিৰ পৰা বহু আঁতৰত। কোনো চৰকাৰী সা- সুবিধা নাই। মাথোঁ নিৰ্বাচনৰ সময়তে দুই এজনে ভোট বিচাৰি পাহাৰৰ টিঙত থকা থান্তীপাৰা গাৱঁলৈ আহে। আৰু তাতেই যেন তেওঁলোকৰ দাযিত্ব শেষ।

চৰকাৰ তথা জিলা প্ৰশাসনৰ অমনোযোগিতাৰ বাবেই থান্তীপাৰাৰ একাংশ লোকে চামিল হৈছে মেঘালয়ত। এনেদৰে অঞ্চলটোৰ প্ৰতি চৰকাৰে মনোযোগ নিদিলে থান্তীপাৰা গাৱঁখনে মেঘালয়ৰ অন্তৰ্ভুক্ত হৈ পৰিব তাত কোনো সন্দেহ নাই।