অৰুণাচলত ২ অক্টোবৰৰ পৰা পালিত হ’ব ৬৪ সংখ্যক বন্যপ্ৰাণী সপ্তাহ

l-1-750x375

২ৰ পৰা ৮ অক্টোবৰলৈকে সমগ্ৰ দেশৰ লগতে অৰুণাচলতো পালিত হ’ব ৬৪ সংখ্যক বন্যপ্ৰাণী সপ্তাহ। বন্যপ্ৰাণী সপতাহ পালনৰ উদ্দেশ্য হৈছে বৃক্ষ আৰু প্ৰাণী বিশেষকৈ বাঘৰ প্ৰতি এটা জন সচেতনতা গঢ়ি তোলা।এই বছৰৰ বন্যপ্ৰাণী সপ্তাহৰ থিম হৈছে ‘বিগ কেটছ— প্ৰিডেটৰছ আণ্ডাৰ থ্ৰিট’’ (Big Cats – Predators under threa)

হিমালয়ৰ পূৰ্বীয় প্ৰান্তত অৱস্থিত অৰুণাচল প্ৰদেশত ভাৰতৰ দ্বিতীয় বৃহৎ অৰণ্যানি আছে। সমগ্ৰ বিশ্বৰে ১২টা বৃহৎ জৈৱ বৈচিত্ৰ স্থানৰ এটা এই ৰাজ্যখনৰ অৰণ্যত বৰ্তমান।

৬০০ প্ৰজাতিৰ চৰাইৰ উপৰিও হুকক গিবন, ৰেড পাণ্ডা, টাগিন টাকিন, ৰজা ধনেশ ইত্যাদি একক বৈশিষ্টৰ প্ৰাণীৰ উপৰিও বাঘ, নাহৰফুটুকী, ক্লাউডেড লেপাৰ্ড, স্নো লেপাৰ্ড এই থিমত অন্তৰ্ভুক্ত আছে।

জনসাধাৰণৰ সহযোগিতা আৰু  পৰিৱেশ আৰু বন বিভাগৰ জৰিয়তে অৰুণাচল চৰকাৰে বাঘৰ প্ৰজাতিসমূহ সংৰক্ষণ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে।

অৰুণাচলৰ জনজাতিসমূহৰ  পাৰিপাৰ্শিকতা, অৰ্থনীতি আৰু আৰ্থ-সামাজিক জীৱনত  ৰাজ্যখনৰ একক বৈশিষ্টপূৰ্ণ বৃক্ষ আৰু প্ৰাণী সংৰক্ষণ কৰাৰ প্ৰয়োজন আছে।

বন্যপ্ৰাণী সপ্তাহ উদযাপনৰ অংশ হিচাপে পৰিৱেশ আৰু বন বিভাগে বন্যপ্ৰাণী সপ্তাহৰ আৰম্ভণি আৰু সমাপ্তিৰ দিনা দৰ্শকৰ বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা কৰিছে।

তাৰোপৰি, জিলা/বন মাণ্ডলিক পৰ্যায়ত বন্যপ্ৰাণী সম্পৰ্কীয় চলচিত্ৰ প্ৰদৰ্শন, বন্যপ্ৰাণী বিষয়ক ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰি এটা সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ ৰাজ্যখনৰ মাণ্ডলিক বন বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে।