সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰতিষ্ঠাপক সভাপতিজন

AASU

মাকুম, ১৯৭১ চন। সেই বৰ্ষৰ অসম সাহিত্য সভাৰ ৩৮ তম্‌ অধিবেশন অনুষ্ঠিত হৈছিল পূৰ্বোত্তৰ ভাৰতৰ অন্তিমটো ৰেলৱে জংচনৰ স্থান এই সৰু চহৰখনত। সভাপতি আছিল তীৰ্থনাথ শৰ্মা৷ অধিবেশনৰ সামৰণিৰ অন্তত অসমৰ বিভিন্ন প্রান্তৰ পৰা অহা প্রতিনিধি তথা ৰাইজ ঘৰমুৱা হৈছিল। তেতিয়াই নামনিমুৱা নিৰ্দিষ্ট ৰেলখনত সংঘটিত হৈছিল সেই অপ্ৰত্যাশিত ঘটনাটো| স্থান লামডিং জংচন৷ অতি উগ্র সাম্প্ৰদায়িক একাংশ বাংলাভাষীৰ দ্বাৰা অসম সাহিত্য সভাৰ উক্ত প্রতিনিধিসকলৰ ওপৰত আক্ৰমণ আৰম্ভ হ’ল। নিৰ্দিষ্ট ৰেলখনত হোৱা আক্ৰমণৰ ফলত অসমৰ ৰাজনৈতিক পৰিস্থিতি উত্তপ্ত হৈ পৰে। ঠাই বিশেষে শিক্ষা প্রতিষ্ঠান কিছুমানত দুই ভাষিক সম্প্ৰদায়ৰ মাজত সংঘাত আৰম্ভ হয়। এনে সংঘাতৰ গুৰিতে আছিল একাংশ উগ্র সাম্প্ৰদায়িক বাংলাভাষীৰ ভাষা ভিত্তিক এখন বৃহত্তৰ বাংলাৰ সৃষ্টিৰ অলীক সপোন।

তেতিয়া পূৱ-পাকিস্তানত মুক্তিবাহিনীয়ে পাকিস্তানৰ পৰা বিচ্ছিন্ন হৈ এখন বাংলা ভাষা ভিত্তিক স্বাধীন ৰাষ্ট্ৰৰ বাবে সশস্ত্ৰ সংগ্ৰাম আৰম্ভ কৰি দিছিল। সেইসকলে ভাবিছিল যে এখন স্বাধীন বাংলাদেশৰ স্বীকৃতিৰ পৰিৱৰ্তে ভাৰতবৰ্ষই পূব-পাকিস্তান অধিকাৰ কৰি ল’ব, ফলত বাঙালীসকল ভাৰতৰ ৰাজনীতিত সংখ্যাৰ লেখেৰে দ্বিতীয় প্ৰভাৱশালী জনসমষ্টি হৈ পৰিব। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহতো বাংলাভাষী ত্ৰিপুৰাত সংখ্যাগুৰু হোৱাৰ বিপৰীতে আন বহুকেইখনত দ্বিতীয় ভাষিক জনসমষ্টি৷ গতিকে ৰাজ্যৰ ৰাজনীতিতো তেওঁলোকৰ ভাষা ভিত্তিক সবল প্রভাৱ প্রতিষ্ঠা হ’বই লাগিব৷ মুঠতে বাংলাদেশৰ মুক্তি বাহিনীৰ সশস্ত্ৰ মুক্তিযুদ্ধই যে এনে কৰ্মক প্রভাৱাম্বিত কৰিছিল সেই ক্ষেত্ৰত কোনো সন্দেহ নাই৷

তাৎপৰ্যপূৰ্ণ যে, সেই সময়ত অসমত ৰাজ্যিক ভিত্তিত কোনো ছাত্ৰ সংগঠন নাছিল ৰাজ্য আৰু জাতিৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত সততে সৰৱ হৈ থকা অসম ছাত্ৰ সন্মিলনৰ অন্তিমখন অধিবেশন অনুষ্ঠিত হৈছিল তেজপুৰ চহৰত ১৯৬৬-৬৭ চনত৷ তেতিয়াৰ বিশ্বৰ ৰাজনৈতিক প্ৰেক্ষাপট যদি প্রত্যক্ষ কৰা যায় তেন্তে দেখা যায় যে কিউবা, ভিয়েটনামকে আদি কৰি বহু সৰু- বৰ ৰাষ্ট্ৰত বাওঁপন্থী চিন্তাধাৰাৰে আপ্লুত বিদ্রোহীয়ে সশস্ত্ৰ পন্থাৰে মুক্তিযুদ্ধ, ৰাজনৈতিক ধাৰাৰ পট পৰিৱৰ্তনৰ সংগ্ৰামত ন্যস্ত হৈছিল। সমগ্ৰ ভাৰততে কম-বেছি পৰিমাণে বাওঁপন্থী সশস্ত্ৰ সংগ্ৰামী যাক নক্সালপন্থী ৰূপে সততে জনা যায়, তেওঁলোকে ৰাজনৈতিক পট পৰিৱৰ্তনৰ প্রচেষ্টাত ব্ৰতী হৈছিল।

স্বাভাৱিকতে অসমৰ সেই ৬০-৭০’ ৰ দশকৰ ছাত্ৰ সমাজৰো বহু সংখ্যকক এই চিন্তাধাৰাই প্রভাৱিত কৰিছিল। গতিকে অসম ছাত্ৰ সন্মিলনক তেজপুৰ অধিবেশনত বাওঁপন্থী চিন্তাধাৰাৰ ছাত্ৰ প্ৰতিনিধিয়ে বাওঁপন্থী ছাত্ৰ সংগঠন ৰূপে প্ৰতিষ্ঠা হোৱাটো বিচাৰিছিল। আনহাতে জাতীয়তাবাদী চিন্তাধাৰাৰ প্ৰতিনিধিসকলে ছাত্ৰ সংগঠনটো গণতান্ত্ৰিক জাতীয় সংগঠন হৈ থকাটো স্বাভাৱিকতে বাঞ্ছা কৰিছিল। অধিবেশনখনৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা ৰাষ্ট্ৰযন্ত্ৰইও বিচৰা নাছিল বাওঁপন্থী ছাত্ৰ সংগঠন এটা প্রতিষ্ঠা হওঁক৷ কোনো ঐক্যমত অবিহনেই কোনো নতুন সমিতি গঠন অবিহনেই, অমীমাংসিত ৰূপে অসম ছাত্ৰ সন্মিলনৰ অন্তিমখন অধিবেশনৰ সামৰণি পৰিছিল। এটা ছাত্ৰ সংগঠন এনেদৰেই লুপ্ত হৈ পৰিল।

তৎসত্বেও কিন্তু যোৰহাটত স্থানীয় ভিত্তিত বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, কৃষি বিশ্ববিদ্যালয়, আভিযান্ত্ৰিক মহাবিদ্যালয় আদিৰ ছাত্ৰ একতা সভাৰ গ্রতিনিধিসকলক সংগঠিত কৰি বৃহত্তৰ যোৰহাট ছাত্ৰ সন্থাৰ জন্ম হৈছিল তেতিয়াই৷ ছাত্ৰ সমাজৰ সমস্যা, স্থানীয় সমস্যা আদিৰ ক্ষেত্ৰত এই সংগঠন সৰৱ আছিল। লামডিং জংচনৰ ৰেল আক্ৰমণৰ ঘটনাটোৰ পাছত যোৰহাট কৃষি বিশ্ববিদ্যালয়ত সংঘটিত সংঘাতৰ ফলত কেইবাজনো ছাত্ৰ আহত হে চিকিৎসা গ্রহণ কৰিবলগা হৈছিল। যোৰহাট ছাত্ৰ সন্থাৰ সক্ৰিয় প্ৰচেষ্টাত এই সংঘাত নিৰাময় হৈছিল। তেতিয়াই তেওঁলোকে স্বদেশ আৰু স্বজাতিৰ স্বাৰ্থত সমগ্ৰ অসম ভিত্তিত এক শক্তিশালী ছাত্ৰ সংগঠনৰ অভাৱ তীব্ৰভাৱে অনুভৱ কৰে। অতি কম সময়ৰ ভিতৰতে শদিয়াৰ পৰা ধুবুৰীলৈকে উচ্চশিক্ষাৰ প্রতিষ্ঠানসমূহৰ ছাত্ৰ একতা সভাসমূহৰ লগত যোগাযোগ আৰম্ভ কৰে।

পাহাৰীয়া জিলা দুখনৰ পৰাও আহিছিল সহমত। সকলোৰে সহমতত ছাত্ৰ সংগঠন গঠনৰ বাবে বিভিন্ন শিক্ষা প্রতিষ্ঠানৰ পৰা অহা প্রায় ৬০০ মান প্রতিনিধিৰ উপস্থিতিত ১৯৭১ চনৰ ১৯, ২০ আৰু ২১ ফেব্ৰুৱাৰীত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ হলঘৰত অনুষ্ঠিত অধিবেশনত জন্ম হয় “সদৌ অসম ছাত্ৰ সন্থা”ৰ। কেন্দ্ৰীয় সমিতিৰ প্রতিষ্ঠাপক সভাপতি আছিল তেতিয়াৰ যোৰহাট আভিযান্ত্ৰিক মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক প্রদীপ দেৱান। প্রতিষ্ঠাকালত সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হৈছিল অতুল বৰা। এওঁ বৰ্তমান দিছপুৰ সমষ্টিৰ বিজেপিৰ বিধায়ক৷ বহুতে ১৯৬৭ চনত “আছু”ৰ জন্ম হোৱা বুলি প্রকাশ কৰাৰ উপৰি ইণ্টাৰনেটতো এই বৰ্ষটো উল্লেখ থকাৰ সন্দৰ্ভত শ্ৰীযুত দেৱানে কয় যে যেতিয়া অসম ছাত্ৰ সন্মিলনৰ যতি পৰিল, তেতিয়া যোৰহাটত স্থানীয় ভিত্তিত বৃহত্তৰ যোৰহাট ছাত্ৰ সস্থা যাক চমুকৈ JSU বোলা হৈছিল সেয়াহে গঠন হৈছিল। সমগ্ৰ অসম ভিত্তিত “সদৌ অসম ছাত্ৰ সন্থা” JSU ৰ উদ্যোগত ১৯৭১ চনতহে জন্ম হৈছিল।

১৯৭২ চনত কাছাৰত বাংলা ভাষা ভিত্তিক বিশ্ববিদ্যালয় এখন প্রতিষ্ঠাৰ বাবে ৰাজ্য চৰকাৰে বিধানসভাত প্রস্তাৱ উত্থাপনৰ পাছতে নৱগঠিত সদৌ অসম ছাত্ৰ সন্থাই এনে সিদ্ধান্তৰ বিৰুদ্ধে সবল প্রতিবাদ সাব্যত্ত কৰে। ৰাজ্যখনৰ শিক্ষাৰ মাধ্যম অসমীয়াৰ বাবে সন্থাৰ মজিয়াত প্রস্তাৱ গ্ৰহণ কৰা হৈছিল। প্রস্তাৱটো উত্থাপন কৰিছিল প্ৰতিষ্ঠাপক সভাপতি স্বয়ং প্রদীপ দেৱানে। জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলো ছাত্ৰকে সাঙুৰি ল’বলৈ সক্ষম হোৱা ছাত্ৰ সংগঠনটোৰ সংগ্ৰামৰ সফল পৰিসমাপ্তি হৈছিল। শিক্ষাৰ মাধ্যম অসমীয়া কৰাত সফল হৈছিল। কাছাৰত বিশ্ববিদ্যালয়খনো নহ’ল। ইয়াৰ পৰৱৰ্তী সময়চোৱাত ১৯৭৪ চনৰ খাদ্য আন্দোলনৰ পৰা ১৯৭৯ চনৰ বিদেশী বহিষ্কাৰ আন্দোলনলৈকে বহুকেইটা আন্দোলনৰ নেতৃত্ব সদৌ অসম ছাত্ৰ সন্থাই বহন কৰি আহিছে।

১৯৭২ চনৰ মাধ্যম আন্দোলন, ১৯৭৪ চনৰ খাদ্য আন্দোলনৰ পৰা ১৯৭৯ চনৰ বিদেশী বহিষ্কাৰ আন্দোলনৰ এজন নেতা ৰূপে আৰু পৰৱৰ্তীকালৰ অসম গণ পৰিষদৰ কেবিনেট মন্ত্ৰীৰ পৰা বৰ্তমানৰ দিছপুৰ বিধান সভা সমষ্টিৰ বিজেপিৰ বিধায়ক অতুল বৰা। এওঁ এক পৰিচিত ব্যক্তিত্ব, যিজন আছিল সদৌ অসম ছাত্ৰ সন্থাৰ প্রতিষ্ঠাপক সাধাৰণ সম্পাদক। কিন্তু প্রতিষ্ঠাপক সভাপতি প্ৰদীপ দেৱানক আজি কিমানে মনত ৰাখিছে?

প্রদীপ দেৱানৰ ককাদেউতাক ড০ চন্দ্ৰকুমাৰ দেৱান অহিছিল অসমলৈ ১৯১০ চনত। তেওঁৰ মূল ঘৰ বৰ্তমান বাংলাদেশৰ বৰিশাল চহৰত৷ এটা শতকৰো পূৰ্বে তেওঁ ডাক্তৰ পদত যোগদান কৰিছিল ডুমডুমাৰ কাষৰ চুক্ৰেটিং চাহ বাগিছাত৷ তেখেত তেতিয়াৰ ঢাকা মেডিকেল কলেজৰ পৰা “লাইচেঞ্চ অৱ মেডিকেল প্ৰেক্টিচনাৰ” (LMP) ডিগ্ৰীধাৰী ডাক্তৰ আছিল। তেওঁৰ পুত্ৰ মনোৰঞ্জন দেৱান নৰ্থ-ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ এজন কৰ্মচাৰী আছিল আৰু অৱসৰৰ পাছত কোকৰাঝাৰ চহৰত স্থায়ীভাৱে বসবাস কৰিছিল। চাকৰি কালত ষ্টেচন মাষ্টাৰ পদত কৰ্মৰত হৈ ডুমডুমা টাউন, মাকুম, টিংৰাই, লাহোৱাল আদিত কাৰ্যনিৰ্বাহ কৰিছিল আৰু সেইসূত্ৰে প্ৰদীপ দেৱানৰ প্রাৰম্ভিক শিক্ষা ডুমডুমা আৰু তিনিচুকীয়াত আৰম্ভ হৈছিল।

সংগ্ৰামৰ দিনবোৰ সুঁৱৰি তেওঁ আমাক কয় যে, ১৯৭২ চনত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি ৰূপে তেওঁ প্রায় গোটেই অসমখন ভ্ৰমণ কৰিব লগা হৈছিল। ২১টাকৈ দিন ঘৰত খবৰ নোপোৱাৰ বাবে তেওঁ শ্বহীদ হোৱা বুলি এটা উৰাবাতৰি উলাইছিল। ফলত ঘৰত হুৱা-দুৱা লাগিছিল। কাৰণ তেতিয়া টেলিফোনৰ যোগাযোগ সুচল নাছিল। মাতৃ সুনীতি দেৱানৰ অৱস্থা এই খবৰটোৱে মৃতপ্রায় কৰি তুলিছিল। পাছত প্রকৃত খবৰটো পাইহে সকলোৱে স্বস্তিৰ নিঃশ্বাস পেলাইছিল। “বাদল দা” নামে জনপ্ৰিয় প্ৰদীপ দেৱানে আৰু কয় যে, তেতিয়া লামডিং অঞ্চলৰ এটা হিন্দু-বাঙালীৰ অতি প্রতিক্ৰিয়াশীল চক্ৰ আৰু বৰপেটা অঞ্চলৰ অনুৰূপ আন এটা মুছলমান-বাঙালী লবীয়ে শিক্ষাৰ মাধ্যম অসমীয়া কৰাৰ বাবে সংঘটিত সংগ্ৰামখনৰ প্রবল বিৰোধী আছিল।

কিন্তু এনে প্রতিক্রিয়াশীল চক্ৰৰ প্রতিৰোধ নেওচি “সদৌ অসম ছাত্ৰ সন্থা”ৰ সংগ্ৰাম সফল হৈছিল। সেই দিনবোৰ সুঁৱৰি তেওঁ আৰু কয় যে, সংগ্ৰামখন অব্যাহত ৰাখিবলৈ তেতিয়াৰ বহু “আছু” নেতাই নিজৰ সোণৰ চেইন, আঙুঠি, ঘড়ী, ৰেডিঅ’ আদি বিক্ৰী কৰি পুঁজি সংগ্ৰহ কৰিছিল। তেতিয়াৰ “আছু”ৰ কেন্দ্ৰীয় সমিতিকে আদি কৰি আন প্রভাৱশালী ছাত্ৰনেতাসকলে পৰৱৰ্তী সময়ত চাকৰি, ব্যৱসায় আদিত জড়িত হৈ জীৱন নিৰ্বাহ কৰিছিল। বিধায়ক, সাংসদ হ’বলৈ যোৱা নাছিল। এনে প্রক্ৰিয়া ১৯৮৫ চনৰ পাছৰ পৰাহে আৰম্ভ হ’ল। এয়া জাতিৰ ভালৰ নে বেয়াৰ বাবে হ’ল সেয়া সময়ত ৰাইজে বিচাৰ কৰিব।

যিসময়ত অসম সাহিত্য সভাৰ অধিবেশনত অংশগ্ৰহণকৰী প্রতিনিধি তথা ৰাইজৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে “আছু” গঠন কৰাৰ পৰা শিক্ষাৰ মাধ্যম অসমীয়া কৰাৰ বাবে সংঘটিত সংগ্ৰামখনৰ অন্যতম নেতৃত্বধাৰী আছিল এজন জন্মসূত্ৰে বাঙালী কিন্তু মনে-প্রাণে এজন নিভীজ অসমীয়া ছাত্ৰনেতা প্রদীপ দেৱান। কেৱল সেয়াই নহয় অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনত পূৰ্ণ বিশ্বাসকে আদি কৰি বহুকেইজন বাঙালী যুৱকে অসম আৰু অসমীয়াৰ অস্তিত্বৰ হকে প্রাণ বিসৰ্জন দি শ্বহীদ হৈছিল। আগ্ৰাসনৰ বিপৰীতে বাঙালী-অসমীয়াৰ মাজত বিশ্বাস, পৰস্পৰৰ প্রতি সন্মান আৰু সমন্বয়ৰেহে জাতি গঠন প্রক্ৰিয়া শক্তিশালী কৰিব, সংঘাতে নহয়।

আমাৰ লগত হোৱা কথোপকথনত শ্ৰীযুত দেৱানে বহুচৰ্চিত “কা” আইন আৰু প্রতিৰোধ আন্দোলনৰ সংক্ৰান্তত কয় যে ব্যক্তিগত ভাৱে তেওঁ “কা”ৰ তীব্ৰ বিৰোধীতা কৰে। কিন্তু “কা” আইনখনৰ বাবে একাংশই বাঙালীসকলক দোষাৰোপ কৰাৰ বিৰোধীতা কৰি তেওঁ কয় যে, “কা” আইনখন চৰকাৰেহে আনিছে। এই আইনখনৰ বাবে বাঙালীভাষীসকলে কোনো আন্দোলন কৰা নাছিল। অৱশ্যে এই আইনকলৈ অসমীয়া-বাঙালীৰ সংঘাত নোহোৱাত আৰু ইয়াৰ বাঙালীসমাজে “কা”ৰ বিৰোধীতা কৰাত সন্তোষ প্রকাশ কৰে।

১৯৭২ চনৰ শেষৰফালে যোৰহাট ইঞ্জিনীয়াৰিং কলেজৰ পৰা মেকানিকেল ইঞ্জিনীয়াৰিংত প্রথম শ্ৰেণীৰ স্নাতক হোৱা সত্বেও তেওঁ ইচ্ছাকৃতভাৱে চৰকাৰী চাকৰি নকৰিলে। তেওঁৰ মতে যি চৰকাৰৰ বিৰুদ্ধে এদিন সংগ্ৰাম কৰিছিল সেই চৰকাৰৰ অধীনত চাকৰি কৰিবলৈ তেওঁ মানসিক ভাৱে প্রস্তুত হ’ব নোৱাৰিলে আৰম্ভ কৰে স্বাধীন ব্যৱসায়। ছাত্ৰ জীৱন অন্ত পৰাৰ লগে লগে তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিৰ পদৰ পৰা অব্যাহতি লৈছিল। জীৱনৰ অপৰাহৃত এতিয়াও কৰ্মৰত প্রাক্তন ছাত্ৰনেতাজন।

ৰাজনৈতিক দললৈ তেওঁক পৰৱৰ্তী কালত আমন্ত্ৰণ কৰা হৈছিল নে নাই সেই প্রশ্নৰ উত্তৰত তেওঁ কয় যে, ১৯৭৭-৭৮ চনত কংগ্ৰেছ দললৈ যোগদানৰ প্রস্তাৱ আহিছিল একে সময়তে জনতা দলৰ ৰাজ্যিক নেতা দুলাল বৰুৱা (প্রয়াত)ই তেওঁক কংগ্ৰেছ বিৰোধী শিবিৰটোত জড়িত হৈ ৰাজনীতিত অংশগ্ৰহণৰ বাবে প্রস্তাৱ আগবঢ়াইছিল। ১৯৮৩ চনত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই ৰাজনীতি নকৰিলেও বয়স থাকোতেই চৰকাৰী চাকৰিত সোমাই ল’বলৈ স্পষ্ট ইংগিত দিছিল। এজন মুখ্যমন্ত্ৰীৰ বাবে এজন ব্যক্তিক প্রত্যক্ষ হস্তক্ষেপেৰে এটা চাকৰি প্রদান কৰাটো নিশ্চিত ভাৱে সাধাৰণ কামেই আছিল। তেওঁ সেই প্রস্তাৱো প্রত্যাখ্যান কৰিছিল।

বাংলাভাষীয়ে বিধান সভা নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা তিনিচুকীয়া বিধান সভা সমষ্টিৰ পৰা সেই তাহানিতে কংগ্ৰেছ দলৰ প্রস্তাৱ গ্ৰহণ কৰাহেঁতেন হয়তো বিধায়কতো বাদেই সহজতে মন্ত্ৰীসভাৰ কেবিনেটত স্থান লাভ কৰিলেহেঁতেন৷ একেদৰে বিৰোধী শিবিৰত ৰাজনীতি কৰাহেঁতেন হয়তো অনুৰূপ পদৱীয়েই দখল কৰিলেহেঁতেন৷ মুখ্যমন্ত্ৰী গোলাপ বৰবৰা নেতৃত্বাধীন প্ৰথমখন অ-কংগ্ৰেছী চৰকাৰত কিন্তু “আছু”ৰ জখলাৰে গৈ ৰাজনীতিত নিজকে প্রতিষ্ঠা কৰাৰ মানসিকতা তেওঁৰ নাছিল।

মাধ্যম আন্দোলনত সবল নেতৃত্ব বহন কৰাৰ পৰা খাদ্য আন্দোলন, বিদেশী বহিষ্কাৰ আন্দোলনকে ধৰি “কা” বিৰোধী আন্দোলন পৰ্যন্ত স্থানীয় ভিত্তিত সক্ৰিয় ভূমিকা গ্রহণ কৰা শ্ৰীযুত দেৱান ২০২০ চনৰ পৰা শাৰীৰিক ভাৱে অত্যন্ত অসুস্থ হৈ পৰে। আমি যেতিয়া তেওঁক তিনিচুকীয়াৰ শ্ৰীপুৰীয়া অঞ্চলত অৱস্থিত সৰু ভাৰাঘৰটোত লগ কৰিছিলো, তেতিয়া তেওঁ কৈছিল যে, অসুখৰ খবৰ পাই তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াই খবৰ কৰিছিল লগতে ফোনযোগে মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যইও বাৰ্তালাপত প্রয়োজনীয় চিকিৎসাৰ ক্ষেত্ৰত সম্পূৰ্ণ সহায়-সহযোগ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্রদান কৰিছিল। ২০২০ চনতে সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে স্বাস্থ্যৰ খখৰ লোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা ১ লাখ টকা আগবঢ়াইছিল। বৰ্তমান প্রয়োজনীয় পুঁজিৰ অভাৱত তেওঁ চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে।

উল্লেখযোগ্য যে অতি সাধাৰণ জীৱন-যাপন কৰা “আছু”ৰ প্রতিষ্ঠাপক সভাপতিজনৰ চহৰখনত কোনো নিজা ঘৰ-মাটি নাই। যি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিৰ পদৰ পৰা গৈ প্রফুল্ল কুমাৰ মহন্ত আৰু সৰ্বানন্দ সোনোৱালে ৰাজনৈতিক কেৰিয়াৰ গঢ়ি মুখ্যমন্ত্ৰীৰ আসনত অধিস্থিত হৈছিল সেই “সৰ্ববৃহৎ”, “শক্তিশালী” ছাত্ৰ সন্থাৰ প্রতিষ্ঠাপক সভাপতিজনে আজি অৰ্থৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে, এয়া “আছু”ৰ বাবেও অত্যন্ত লাজৰ বিষয়। বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজহুৱা তথা ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল “আছু”ৰ মজিয়াৰ পৰাই! মানৱীয় দায়বদ্ধতাৰে তেখেতে প্রতিষ্ঠাপক সভাপতিজনৰ সু-চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিলো।

 

লেখকৰ ম’বাইল: ৯৪০১১০১৭০৪