বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে পুনৰ অৰুণাচলত নতুনকৈ ১৩৫ টা বান্ধ নিৰ্মাণৰ কাম কাজ আৰম্ভ কৰাৰ তীব্ৰ বিৰোধিতাৰে আজি ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ৰ পৰা সংবাদ মেল সম্বোধন কৰি সৰৱ হৈ পৰে জাতীয় যুৱ বাহিনী।
সংবাদ মেল সম্বোধন কৰি জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষ্যজ্যোতি গগৈয়ে কয় যে, এই সৰু বৰ নদী বান্ধ সমূহে অসমৰ বাবে ভয়াৱহ ভাবুকি কঢ়িয়াই আনিব। কেৱল মুনাফা আদায়ৰ বাবে সদা তৎপৰ হৈ থকা বিজেপি চৰকাৰে পৰিৱেশ আৰু জন জীৱনৰ প্ৰতি কোনোধৰণৰ চিন্তা চর্চা নকৰাকৈ এনেধৰণৰ জন বিৰোধী, প্রকৃতি বিৰোধী সিদ্ধান্ত লোৱা কাৰ্যক কোনো কাৰণতে মানি ল’ব নোৱাৰি। আমি সকলোৱে জ্ঞাত উত্তৰ পূৰ্বাঞ্চল অতিমাত্রা ভূমিকম্প প্রৱণ এলেকা। তেনে পৰিপ্ৰেক্ষিতত পাহাৰত নিৰ্মাণ কৰা এই জলবিদ্যুৎ প্রকল্প সমূহে ভবিষ্যতে কেনেধৰণৰ ৰূপ ল’ব পাৰে সেইয়া সহজেই অনুমেয়। ইতিপূর্বে নির্মাণ হৈ থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প আৰু আন আন সৰু বৰ জলবিদ্যুৎ প্রকল্প সমূহে ব্যাপক ৰূপত ভূমি ধ্বংস কৰিছে। তাতোকৈ উদ্বেগজনক কথাটো হ’ল যে এই বান্ধৰ নিৰ্মাণৰ বাবেই দুই লাখৰো অধিক গছ গছনি কাটি পেলোৱা হ’ল। শেহতীয়াকৈ অৰুণাচল প্রদেশত কামেং নদী, সোৱণশিৰি নদী, চিয়াং নদী, দিবাং নদী আৰু লোহিত নদীত ১৩৫ টা নদীবান্ধ নিৰ্মাণ কৰি ৫৭,০০০ মেগাৱাটকৈ অধিক বিদ্যুৎ উৎপাদন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা হাতত লৈছে। ইয়াৰে টাৱাং নদীত ৮টা নদী বান্ধ নিৰ্মাণ কৰি ২০৫৭ মেগাৱাট, কামেং নদীত ৪৬ টা নদী বান্ধ নিৰ্মাণ কৰি ৬১৮৩ মেগাৱাট, সোৱণশিৰি নদীত ২২ টা নদীবান্ধ নিৰ্মাণ কৰি ১২২৪৮ মেগাৱাট, ডিক্রং নদীত ৪ টা নদীবান্ধ নিৰ্মাণ কৰি ৪১০ মেগাৱাট, চিয়াং নদীত ২৬ টা নদীবান্ধ কৰি ১০৩০৮ মেগাৱাট, দিবাং নদীত ১৭ টা নদী বান্ধ নিৰ্মাণ কৰি ১০৯৭৭, লোহিত নদীত ১০টা নদীবান্ধ নির্মাণ কৰি ৭৬৭৯.৫০ মেগাৱাট আৰু তিৰাপ নদীত দুটা নদীবান্ধ নিৰ্মাণ কৰি ১৪০ মেগাৱাট, সৰ্বমুঠ ৫৭০০২.৫০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবলৈ পৰিকল্পনা কৰিছে। ইয়াৰ ভিতৰত কামেং নদীত টাৱাং ১ প্রকল্পই ৬০০ মেগাৱাট, টাবাং ২ প্রকল্পই ৮০০ মেগাৱাট আৰু নাম চুং চুপ্রকল্পই ৭৮০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবলৈ ইতিমধ্যে Environmental Clearance লাভ কৰিছে। কামেং নদীত ইতিমধ্যেই ৬০০ মেগাৱাট ক্ষমতাসম্পন্ন কামেং প্রকল্প কার্যক্ষম হৈ থকাৰ বিপৰীতে নতুনকৈ ১১২০ মেগাৱাট ক্ষমতাসম্পন্ন কামেংৰ প্ৰকল্প, ৬০০ মেগাৱাট সম্পন্ন টেঙা প্রকল্প, ৫৩৫ মেগাৱাট সম্পন্ন কিমি প্রকল্পকে ধৰি কেইবাটাও প্রকল্পৰ বাবে প্ৰাৰম্ভিক সমীক্ষা চলাই আছে। তদুপৰি কামেং নদীত ২২৫ মেগাৱাট ক্ষমতাসম্পন্ন টালং প্রকল্প, ১২০ মেগাৱাট ক্ষমতাসম্পন্ন নাফ্রা প্রকল্প, ১৩০ মেগাবট ক্ষমতাসম্পন্ন গংগ্রী হাইড্র ইলেক্টিক প্রকল্প, ৬৬ মেগাৱাট বিদ্যুৎ ক্ষমতা সম্পন্ন খুইটাম হাইড্র ইলেক্টিক প্রকল্প নির্মাণ কৰিবলৈ ইতিমধ্যে Environmental Clearance লাভ কৰিছে। একেদৰে সোৱণশিৰি নদীত ৪০৫ মেগাৱাট ক্ষমতাসম্পন্ন ৰঙানদী প্রকল্প কার্যক্ষম হৈ থকাৰ পাছত অসমৰ ৰাইজৰ ব্যাপক প্রতিবাদক নেওচি ২০০০ মেগাৱাট ক্ষমতাসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নিৰ্মাণ কাৰ্য চলি আছে। ইয়াৰ উপৰিও সোৱণশিৰি নদীত ২২২০ মেগাৱাট ক্ষমতাসম্পন্ন ওজৌ জলবিদ্যুৎ প্রকল্প, ৮০০ মেগাৱাট ক্ষমতাসম্পন্ন নিয়াৰী জলবিদ্যুৎ প্রকল্প, ১০০০ মেগাৱাট ক্ষমতাসম্পন্ন নাবা জলবিদ্যুৎ প্রকল্প, ২০০০ মেগাৱাট ক্ষমতাসম্পন্ন কমলা হাইড্র ইলেক্টিক প্রকল্প, ২৫০০ মেগাৱাট ক্ষমতাসম্পন্ন আপাৰ সোৱণশিৰি প্রকল্প, ৫৫২ মেগাৱাট ক্ষমতাসম্পন্ন ডেংছাৰ প্ৰকল্পকে ধৰি ২২ টা প্রকল্প নির্মাণৰ বাবে যো জা চলাইছে। ইয়াৰে ৫৫ মেগাৱাট ক্ষমতাসম্পন্ন টাগ’ প্রকল্পৰ বাবে ইতিমধ্যে Environmental Clearance লাভ কৰিছে। ডিক্রং নদীত নির্মাণ কৰিবলৈ লোৱা বান্ধ কেইটাৰ ভিতৰত এশ দহ মেগাৱাট ক্ষমতাসম্পন্ন পাৰে জলবিদ্যুৎ প্রকল্পৰ বাবে ইতিমধ্যে Environmental Clearance লাভ কৰিছে। চিয়াং নদীত নিৰ্মাণ কৰিবলৈকে লোৱা ২৬টা প্ৰকল্পৰ ভিতৰত ইতিমধ্যে ৭০০ মেগাৱাট ক্ষমতা সম্পন্ন তাটো প্রকল্প, ১০০০ মেগাবট ক্ষমতাসম্পন্ন চিয়ম (মধ্য চিয়াং) প্রকল্প, ৫০০ মেগাৱাট ক্ষমতাসম্পন্ন শিবম প্রকল্প, ১২০ ক্ষমতাসম্পন্ন পাৰোক প্রকল্প, ২৪০ মেগাৱাট ক্ষমতাসম্পন্ন হিউ প্রকল্প, ১৮৬ মেগাৱাট ক্ষমতাসম্পন্ন তাটো ১ প্রকল্প, ৬৬ মেগাবট ক্ষমতাসম্পন্ন চিমাংটো প্রকল্প, ৭৫ মেগাৱাট ক্ষমতাসম্পন্ন কাংটাংশ্রী প্রকল্পৰ বাবে ইতিমধ্যে Environmental Clearance লাভ কৰিছে। তাৰোপৰি ১১০০০ মেগারট ক্ষমতাসম্পন্ন আপাৰ চিয়াং প্রকল্প, ১৬০০ মেগাৱাট লোৱাৰ চিয়াং প্রকল্প, ১০০০ মেগাবট ক্ষমতাসম্পন্ন নাইন প্রকল্পকে ধৰি কেইবাটাও প্ৰকল্পৰ প্ৰাৰম্ভিক কাম কাজ তথা ক্ষেত্র সমীক্ষা আৰম্ভ কৰিছে।
অন্যহাতে ডিবাং নদীত নিৰ্মাণ কৰিবলৈ লোৱা ১৭টা নদীবান্ধৰ ভিতৰত ২৮০০ মেগাৱাট ক্ষমতাসম্পন্ন দিবাং মাল্টি পার্পছ প্রকল্পৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। ইয়াৰ উপৰিও ৪০০০ মেগাৱাট ক্ষমতাসম্পন্ন ইটালিন প্রকল্প, ৫০০ মেগাৱাট ক্ষমতাসম্পন্ন ইমি প্রকল্প, ৫০০ মেগাৱাট ক্ষমতাসম্পন্ন অটুনলি প্রকল্পকে ধৰি কেইবাটাও প্রকল্পৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰিছে। একেদৰে লোহিত নদীৰ ওপৰতো নির্মাণ কৰিবলৈ লোৱা ১৩টা নদীবান্ধৰ ভিতৰত ১৭৫০ মেগাৱাট ক্ষমতাসম্পন্ন নামনি ডিমৰে প্রকল্প আৰু ১২০০ মেগাৱাট ক্ষমতাসম্পন্ন কালাই ২ প্রকল্পৰ বাবে ইতিমধ্যে Environmental Clearance লাভ কৰিছে। লোহিত নদীতে ১২৫০ মেগাৱাট ক্ষমতাসম্পন্ন হোটোং ১ প্রকল্প, ৫৮৮ মেগাৱাট ক্ষমতাসম্পন্ন হোটোং ২ প্রকল্প, ১৪৫০ মেগাৱাট ক্ষমতাসম্পন্ন কালাই ১ প্রকল্প আৰু ১১৫০ মেগাৱাট ক্ষমতাসম্পন্ন আপাৰ ডিমৰে প্রকল্পকে ধৰি কেইবাটাও প্রকল্পৰ বাবে ইতিমধ্যেই প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ The Hydro Power Policy 2008 অনুসৰি অৰুণাচল প্রদেশত নির্মাণ কৰিবলৈ লোবা এই ১৩৫ টা বৃহৎ নদীবান্ধৰ বাবে এক কোটিতকৈ অধিক গছ কাটিব লাগিব আৰু হাজাৰ হাজাৰ হেক্টৰ বনভূমি ধ্বংস হ’ব। এই বান্ধ সমূহে অসমৰ জনজীৱন সম্পূর্ণ ৰূপে সলনি কৰি পেলাব। খৰালি এই বান্ধ সমূহৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকু উদং হৈ পৰিব। ব্রহ্মপুত্র শুকাই যোৱাৰ পাছত অসমৰ পৰিৱেশ কেনেকুৱা হ’ব সেইয়া সহজেই অনুমেয়। শেহতীয়াকৈ দেখা গৈছে কেৱল দুটা নদীবান্ধ নিৰ্মাণ কৰি থাকোতেই ব্ৰহ্মপুত্ৰৰ বুকু শুকাই গৈছে। একেদৰে বাৰিষা পানীৰ প্রকোপ বৃদ্ধি পোৱাৰ পাছত এই বান্ধ সমূহ হঠাতে খুলি দিয়াৰ পাছত নিমিষতে শেষ হৈ যাব ধেমাজি, লক্ষীমপুৰ, মাজুলী, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ আৰু গোলাঘাটকে আদি কৰি অসমৰ কেইবাখনো জিলা। এই বান্ধ সমূহে ব্ৰহ্মপুত্ৰৰ পানীত থকা জীবকুল নিঃশেষ কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ বুকুত থকা বিভিন্ন সম্পদ আৰু ইয়াৰ জৰিয়তে হৈ থকা লোকসকলৰ বাবে অমানিশা কঢ়িয়াই আনিব। যি বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে শাসনলৈ অহাৰ পূর্বে নদীবান্ধৰ বিৰোধিতা কৰি আন্দোলন কৰিছিল, আজি সেই বিজেপিয়ে ৰাজনৈতিক মুনাফা আদায়ৰ বাবে নদীবান্ধ নিৰ্মাণৰ বাবে উঠি পৰি লাগিছে।
কেন্দ্রীয় চৰকাৰে শীঘ্রেই এই সিধান্তৰ পুনৰ বিবেচনা নকৰিলে অনাগত দিনত তীব্র গণতান্ত্রিক আন্দোলন সাবস্ত্য কৰাৰ লগতে প্রয়োজনত নেশ্যনেল গ্রীণ ট্রিবিউনেল লৈ যোৱাৰ হুংকাৰ প্ৰদান কৰে জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষ্যজ্যোতি গগৈয়ে ।