“ষষ্ঠদশ শতিকাৰ আৰম্ভণিত তিব্বতৰ ৰজাই অহোম ৰাজকন্যা এগৰাকীক বিয়া কৰাইছিল, সেই অসম কন্যাৰ পুত্ৰ আছু জাপটং, তেওঁৰে উত্তৰ পুৰুষ সাতৰজা আৰু চেৰদুকপেনসকল। আশ্চৰ্য্যৰ কথা- এই ইতিহাস অসমত কিয় আজি পৰ্য্যন্ত অন্ধকাৰত ৰ’ল।” – “পাণবজাৰৰ জ্যোতি প্ৰকাশনৰ কাৰ্যালয়ত ‘আছু-জাপট’ শীৰ্ষক উন্মোচন কৰি উচ্চ ন্যায়লয়ৰ জেষ্ঠ অধিবক্তা, আহোম ৰাজতন্ত্ৰৰ বিষয়ক অভিজ্ঞ ব্যক্তি সৌৰভ দিহিঙীয়াই উক্ত বক্তব্য ডাঙি ধৰে।
গ্ৰন্থখনৰ উন্মোচনত উপস্থিত থাকে ড০ জিলি বৰদলৈ আৰু জ্যোতি প্ৰকাশনৰ স্বতাধিকাৰৰ তৃতীয় পুৰুষ ময়ুৰ শৰ্মা। প্ৰকাশক নগেন শৰ্মাই জনোৱা মতে বৰ্তমান চলি থকা যোৰহাট গ্ৰন্থমেলাত কিতাপখন উপলব্ধ হৈছে। তেখেতে কয়- ‘এনে এক ঐতিহাসিক কাহিনী সমৃদ্ধ কিতাপ পাঠকে আদৰি ল’ব।’
অৰুণাচলৰ পশ্চিম কামেং জিলাৰ চেৰদুকপেন সমাজৰ ‘চেৰদুকপেন ব্লু’ৰ সভাপতি দৰজে খাণ্ডু ঠংদকে শুভেচ্ছা বাণী পঠিয়াওৰ বাবে লেখক তপন কুমাৰ শৰ্মাই কৃতজ্ঞতা জ্ঞাপন কৰে। কিতাপখনত অসমীয়া সাহিত্য জগতৰ অতি আদৰৰ জনপ্ৰিয় লেখক য়েছে দৰজে ঠংচিৰ বিষয়ে অতি বহলাই আলোচনা কৰা হৈছে।