NORTHEAST NOW (Assamese)

অধিক ধন আৰু নাগৰিকত্বৰ লোভ দেখুৱাই ৰাছিয়াৰ সেনাত ভাৰতীয়ক ভৰ্তি, উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰীয় চৰকাৰে

May 24, 2026 12:14 pm · এন ই নাও নিউজ, গুৱাহাটী

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ক জনাইছে যে ৰাছিয়াই বিদেশী নাগৰিকসকলক নিজৰ সেনাত ভৰ্তি কৰিবলৈ বিভিন্ন ধৰণৰ প্ৰলোভন দিছে। ইয়াৰ ভিতৰত আছে ডাঙৰ আৰ্থিক পেকেজ, সামাজিক নিৰাপত্তা, ক্ষতিপূৰণ, নাগৰিকত্বৰ প্ৰস্তাৱ আৰু জেলৰ শাস্তি ৰেহাই দিয়াৰ দৰে আকৰ্ষণীয় প্ৰতিশ্ৰুতি। চৰকাৰে স্পষ্ট কৰি দিছে যে চলি থকা যুদ্ধৰ মাজতো বৃহৎ সংখ্যক ভাৰতীয়ই ৰাছিয়াৰ সেনাত যোগদান কৰাৰ মূল কাৰণ আছিল এই আকৰ্ষণীয় আৰ্থিক লাভালাভসমূহ

চৰকাৰৰ ফালৰ পৰা হাজিৰ হোৱা অধিবক্তাগৰাকীয়ে আদালতক জনায় যে একাংশ ভাৰতীয় নাগৰিকে স্বেচ্ছাই ৰাছিয়াৰ সেনাত যোগদানৰ চুক্তিত স্বাক্ষৰ কৰিছিল। তেওঁলোকক প্ৰায় ৫,০০০ মাৰ্কিন ডলাৰৰ অগ্ৰিম চাইনিং বোনাছ আৰু ২,৫০০ মাৰ্কিন ডলাৰৰ মাহিলী দৰমহা দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। ইয়াৰ উপৰিও ৰাছিয়াৰ নাগৰিকত্ব, সামাজিক সা-সুবিধা আৰু মৃত্যু হ’লে ১,৬৮,০০০ মাৰ্কিন ডলাৰৰ ক্ষতিপূৰণ দিয়াৰো প্ৰতিশ্ৰুতি দিয়া হৈছিল বুলি চৰকাৰে জানিবলৈ দিয়ে

আদালতক ইয়াকো জনোৱা হৈছে যে নিচাজাতীয় দ্ৰব্যৰ গোচৰত জেলৰ শাস্তি ভুগি থকা কিশোৰ সাৰাভানান আৰু সাহিল মহামদুসেন মাজোথীৰ দৰে একাংশ ভাৰতীয় ছাত্ৰই শাস্তিৰ পৰা ৰেহাই পোৱাৰ আশাত সামৰিক চুক্তিত স্বাক্ষৰ কৰিছিল। ইয়াৰ ভিতৰত সাৰাভানানক ভাৰত চৰকাৰৰ হস্তক্ষেপৰ পিছত সেনাৰ পৰা মুক্ত কৰা হৈছিল যদিও তেওঁ ৰাছিয়াতে থাকি গ’আৰু ৰাছিয়াৰ নাগৰিকত্ব গ্ৰহণ কৰিলে। আনহাতে মাজোথীয়ে ইউক্ৰেইনৰ সেনাৰ ওচৰত আত্মসমৰ্পণ কৰিছে বুলি জানিব পৰা গৈছে আৰু ভাৰত চৰকাৰে এই সন্দৰ্ভত ইউক্ৰেইনৰ সৈته যোগাযোগ কৰি আছে

চৰকাৰে উচ্চতম ন্যায়ালয়ক জনোৱা মতে আৱেদনখনত উল্লেখ কৰা ২৬ জন লোকৰ ভিতৰত ১৪ জনৰে মৃত্যু হৈছে, ১১ জন সন্ধানহীন হৈ আছে আৰু এজন লোকক আন এটা গোচৰত আঠ বছৰৰ কাৰাদণ্ড বিহা হৈছে। ৰাছিয়াৰ কৰ্তৃপক্ষই জনোৱা মতে বৰ্তমান যুদ্ধক্ষেত্ৰৰ পৰা মৃতদেহ উদ্ধাৰ কৰাটো সম্ভৱ নহয়। সন্ধানহীন লোকসকলৰ সন্ধান উলিাবলৈ আৰু মৃতদেহ চিনাক্ত কৰিবলৈ ২১ জন লোকৰ পৰিয়ালৰ ডিএনএ নমুনা ৰাছিয়াৰ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হৈছে

কেন্দ্ৰীয় চৰকাৰে কয় যে ইণ্ডিয়ান কমিউনিটি ৱেলফেয়াৰ ফাণ্ডৰ অধীনত এতিয়ালৈকে ৪৮ জন লোকক বিমানৰ টিকট প্ৰদান কৰা হৈছে। মৃত ব্যক্তিসকলৰ পৰিয়ালক ৰাছিয়াৰ কৰ্তৃপক্ষৰ পৰা ক্ষতিপূৰণ দিয়াবলৈ চৰকাৰে সক্ৰিয়ভাৱে সহায় কৰি আছে। এতিয়ালৈকে ৰাছিয়াৰ দূতাবাসৰ জৰিয়ته পঠোৱা চাৰিটা ক্ষতিপূৰণৰ দাবীৰ ভিতৰত এটাক মঞ্জুৰী দি ধন পৰিশোধ কৰা হৈছে। ইয়াৰ উপৰিও স্বতন্ত্ৰভাৱে জমা দিয়া আন তিনিটা দাবীও মঞ্জুৰ কৰা হৈছে আৰু পৰিয়ালসমূহে ক্ষতিপূৰণৰ ধন লাভ কৰিছে

Related News