গেলামাল-শাক পাচলিৰ দোকানীৰ কৰ’না পৰীক্ষা বাধ্যতামূলক কৰি নিৰ্দেশনা কেন্দ্ৰৰ

Beltola-market-1-570x320

বেলতলা বজাৰৰ ফাইল ফটো।

শাক-পাচলি, মাছ-মাংস, বজাৰৰ সকলো দোকান আৰু গেলামালৰ দোকানী, কৰ্মীসকলৰ কৰ’নাৰ পৰীক্ষা কেন্দ্ৰই বাধ্যতামূলক কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে আইচিএমআৰৰ নিৰ্দেশাৱলীৰ উল্লেখেৰে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক এক পত্ৰযোগে এই নিৰ্দেশ দিছে।

বজাৰ তথা দোকানসমূহৰ পৰা কৰ’নাৰ সংক্ৰমণ বৃদ্ধিৰ সম্ভাৱনালৈ লক্ষ্য কৰি কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

ভাৰতত বজাৰৰ পৰা কৰ’নাৰ সংক্ৰমণ ঘটাৰ বহু উদাহৰণ আছে। বজাৰ তথা দোকানসমূহৰ পৰা দেশত ভাইৰাছৰ সংক্ৰমণ অধিক বিয়পি পৰিছে।

উদাহৰণস্বৰূপে তামিলনাডুৰ ৩৫শতাংশ কৰ’নাৰ সংক্ৰমণৰ আঁৰত আছে চেন্নাইৰ কোয়েমবেডু বজাৰ।

এনেবোৰ কাৰণতে কেন্দ্ৰীয় চৰকাৰে কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ বদ্ধ পৰিকৰ হৈ এনে পদক্ষেপ গ্ৰহণ কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ সচিব ৰাজেশ ভূষণে প্ৰেৰণ কৰা পত্ৰখনত কেইবাটাও পৰামৰ্শ আগবঢ়োৱা হৈছে।

অক্সিজেন সৰবৰাহ, এম্বুলেন্স সেৱা অধিক সহজলভ্য কৰাৰ পৰামৰ্শ দিয়া হৈছে। তদুপৰি, উদ্যোগ অঞ্চলকে ধৰি কন্টেইনমেন্ট জ’নৰ পৰা কৰ’না সংক্ৰমণৰ গতি হ্ৰাস কৰাৰ লগতে মৃত্যুৰ হাৰ ১শতাংশলৈ কমাব লাগিব।

পত্ৰখনত বয়সস্থ তথা গৰ্ভৱতী মহিলাসকলৰ প্ৰতি বিশেষ দৃষ্টি দিয়াৰো পৰামৰ্শ দিয়া হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য সচিবগৰাকীয়ে হাস্পাতলৰ পৰা পৰিয়ালৰ সৈতে কৰ’না ৰোগীয়ে যোগাযোগ কৰিব পৰা ব্যৱস্থাও ভৱিষ্যতে কৰা হ’ব বুলি উল্লেখ কৰিছে।