উচ্ছেদৰ নামত নাটক; উচ্ছেদিতক মাটি-লাখ-কোটিৰ ঘৰত বিজেপি চৰকাৰে দিয়ে সাহায্য!

অসম চৰকাৰে উচ্ছেদিতক পিছত ক্ষতিপূৰণ দিবলৈ বাধ্য হোৱাটো তথ্যভিত্তিক শুদ্ধ কথা আৰু এই কথা মূখ্যমন্ত্রীয়ে নাকচ কৰিব নোৱাৰে। মূখ্যমন্ত্রীৰ অফিচে মুখেৰে এই কথা মিছা কথা বুলি কলেও তথ্যই কিন্তু এই কথা সচাঁ বুলি কয়। এই মন্তব্য নিখিল ভাৰত ছাত্র সন্থা ( আইচা) ৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি সুব্রত তালুকদাৰৰ।

এক বিবৃতিযোগে তালুকদাৰে কয় যে, প্রাথমিকভাবে পুন:সংস্থাপন নকৰাকৈ উচ্ছেদ কৰা কাৰ্যক আমি স্পষ্টৰূপত বিৰোধিতা কৰো। চৰকাৰ আৰু প্রশাসন যন্ত্রই উচ্ছেদৰ সময়ত বিদেশীক উচ্ছেদ কৰা বুলি প্রচাৰ কৰে। কিন্তু আমাৰ প্রশ্নটো হল যে, যদি বিদেশীকে উচ্ছেদ কৰে অথবা ঘৰ ভাঙি দিয়া হয় তেন্তে পিছত চৰকাৰে আদালতৰ নিৰ্দেশত ক্ষতিপূৰণ দিবলৈ কিয় বাধ্য হয়২০১৭ চনৰ ৬ জুন তাৰিখে তেতিয়াৰ অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যুটীয়া সচিবে এক পত্রযোগে জনাইছিল যে ২০১৫ চনৰ ১৯ চেপ্তেম্বৰ তাৰিখে কাজিৰঙাৰ ওচৰৰ কলিয়াবৰ ৰাজহ চক্রৰ অন্তৰ্গত পালখোৱা আৰু বান্দৰডুবি গাওঁৰ উচ্ছেদিত হোৱা পৰিয়ালসমূহৰ ক্ষতিপূৰণৰ বাবদ ১৪ কোটি ৭১ লাখ ৭২ হাজাৰ ৭২৩ টকা অসম চৰকাৰে বহন কৰিছে। ২০২১ চনৰ ৩১ জানুৱাৰীত দৰং জিলাৰ দলগাঁও ৰাজহ চক্র বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত এক বৈঠকত গৰুখুটীৰ উচ্ছেদিত ২০৫১ টা পৰিয়ালক ২০৫১ বিঘা মাটি দলগাঁও ৰাজহ চক্রৰ অধীনত আবন্টন দিয়াৰ কথা ঘোষণা কৰা হৈছিল। উক্ত বৈঠকত দলগাঁও সমষ্টিৰ বিধায়ক, দৰং জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক সমন্বিতে কেইবাগৰাকীও অসম চৰকাৰৰ উচ্চ পৰ্যায়ৰ বিষয়া উপস্থিত আছিল। ২০২৪ চনৰ মে মাহৰ ২২ তাৰিখে অসম চৰকাৰে উচ্চ ন্যায়ালয়ত জনাইছিল যে, বটদ্ৰৱাত বুলডোজাৰ চলোৱা ৬ টা পৰিয়ালক ৩০ লাখ টকাকৈ ক্ষতিপূৰণ আগবঢ়োৱা হৈছে। এই তথ্যসমূহ মূখ্যমন্ত্রীৰ অফিচে মিছা বুলি কবলৈ সাহস কৰিবনে?’’

 লগতে তালুকদাৰে কয়, ” বটদ্ৰৱাৰ উচ্ছেদিতক চৰকাৰে প্ৰতি পৰিয়ালক ৩০ লাখ টকাকৈ ক্ষতিপূৰণ দিছিল। কাজিৰঙাৰ উচ্ছেদিতক ক্ষতিপূৰণ দিয়া হৈছিল, ধলপুৰৰ মানুহক মাটি দিয়া হৈছিল। এই ক্ষতিপূৰণবিলাক হিমন্ত বিশ্ব শৰ্মাই ন্যায়ালয়ৰ নিৰ্দেশত নিজ হাতেৰে দিছে। এই যে উচ্ছেদ কৰিলে সুৰক্ষিত ঠাইৰ পৰা বিৰাট ফুৰ্টি লাভ কৰে তাৰ পিছত উচ্ছেদিত মানুহবোৰ কত যায় কিবা জানেনে? কতো নাযায়। অসমতেই থাকে, ভাৰততেই থাকে। আমাৰ কৰৰ টকাৰে তেওঁলোকক পিছত ক্ষতিপূৰণো দিব লগা হয়। লাভ হয় কেৱল হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজনৈতিক লাভ। টকা – পইচা সকলোপিনৰ পৰা বৃহৎ ক্ষতি আমাৰ” শীর্ষক টুইটটোৰ বিপৰীতে মূখ্যমন্ত্রীৰ কাৰ্যালয়ৰ পৰা এই টুইটটো মিছা আৰু ভিত্তিহীন বুলি স্পষ্টীকৰণ দিছিল।”

লগতে তালুকদাৰে কয় যে চৰকাৰী ক্ষতিপূৰণ ভাৰতীয় নাগৰিকেহে লাভ কৰে। আদালতৰ ৰায় আৰু চৰকাৰে ক্ষতি পূৰণ দিবলৈ বাধ্য হোৱা ঘটনাই এইটোৱে প্ৰমাণ কৰে যে উচ্ছেদিত ক্ষতিপূৰণ পোৱাসকল ভাৰতীয় নাগৰিক আৰু তেওঁলোকৰ নাম এন.আৰ.চিত অন্তৰ্ভুক্ত আছে। সম্পূৰ্ণ সাম্প্ৰদায়িক ৰাজনৈতিক উদ্দেশ্যেৰে চৰকাৰে উচ্ছেদবোৰ চলাই আহিছে আৰু এতিয়া আচল মুখাখন খোল খাই পৰাত মিছাৰ আশ্ৰয় লৈছে।