NORTHEAST NOW (Assamese)

গাম্বিয়াত ৬৬ টা শিশুৰ মৃত্যুৰ বাবে ভাৰতত প্ৰস্তুত কৰা কাফ চিৰাপেই দায়ী বুলি প্ৰমাণ পোৱা নাই দেশ খনৰ চৰকাৰে

November 3, 2022 12:18 pm · এন ই নাও নিউজ,গুৱাহাটী

কিছুদিন আগতে গাম্বিয়াত ভাৰতত প্ৰস্তুত কৰা কাফ চিৰাপ খাই ৬৬ টা শিশুৰ মৃত্যু হোৱা বুলি কোৱা হৈছিল যদিও এতিয়া সেই অভিযোগ এক প্ৰকাৰে ভুল প্ৰমাণিত হ’বলৈ গৈ আছে।

গাম্বিয়াৰ মেডিচিন কণ্ট্ৰোল এজেন্সিৰ এজন বিষয়াই প্ৰকাশ কৰা মতে গাম্বিয়াত শিশুৰ মৃত্যুৰ বাবে ভাৰতৰ কাফ চিৰাপ দায়ী বুলি এতিয়ালৈকে কোনো প্ৰমাণ পোৱা নাই।

শিশু কেইটাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতোউল্লেখ কৰা হৈছে যে শিশুসকল ডায়েৰিয়াতহে ভুগি আছিল। তেনে শিশুক কিয় প্ৰমেথাজিন অৰেল চলুশ্বন, কফমালিন বেবী কাহ চিৰাপ, মেকফ বেবী কফ চিৰাপ দিয়া হৈছিল তাকে লৈয়ো সন্দেহৰ সৃষ্টি হৈছে।

উল্লেখ্য যিটো কোম্পানীটো কাফ চিৰাপ প্ৰস্তুত কৰা হৈছিল সেই কোম্পানীটো হাৰিয়ানাৰ ৰাজ্যিক ঔষধ নিয়ন্ত্ৰকৰ দ্বাৰা অনুজ্ঞাপ্ৰাপ্ত বুলিও ভাৰত চৰকাৰে প্ৰকাশ কৰিছে।

Related News