‘ধাপ্পাবাজী বিজেপি; কংগ্ৰেছক আলফা ব্ৰিটিছে নোৱাৰিলে ৰনজিৎ দাস কোন?’ – ৰিপুন বৰা

বিজেপিৰ সভাপতিক উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই

WhatsApp Image 2020-08-04 at 7.06.44 PM

‘প্ৰতাৰণাৰ কথা ক’লে কিয় লাজ পায়। এনে ধাপ্পাবাজী বিজেপিৰ চৰিত্ৰ। কংগ্ৰেছৰ মনোবল ইমান দূৰ্বল নহয়। ৰণজিৎ দাসৰ সমালোচনাত কংগ্ৰেছ দল থমকি ৰ’ব। আলফাই নোৱাৰিলে ব্ৰিটিছে নোৱাৰিলে কংগ্ৰেছক থমকাবলৈ তুমি ৰনজিৎ দাস কোন।’ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত এই তীৰ্যক মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ।

অসম প্ৰদেশ কংগ্ৰেছৰ ৩ আগষ্ঠত হৈ যোৱা প্ৰতাৰণা দিবসৰ ফলত বিজেপি হতাশ হৈছে বুলি উল্লেখ কৰি বৰাই কয়, ‘কংগ্ৰেছৰ দিনত বিজেপিয়ে বাংলাদেশক এক ইঞ্চিও মাতি নিদিওঁ বুলি প্ৰতিবাদ কৰিছিল। কোনো বাংলাদেশী অসমত থাকিব নোৱাৰিব। এয়া প্ৰতাৰণা নহয় কি? ইফালে তেওলোকে ওলোটাই কা আইন আনি বাংলাদেশকো মাটি দিলে আৰু বিদেশীকো স্বদেশী কৰাৰ ব্যৱস্থা কৰিলে।’

আমিতো টুইন টাৱাৰ বনাম বুলি আমি সপোন দেখুৱা নাই তোমালোকে দেখুৱাইছা বুলি উল্লেখ কৰি বৰাই কয় ‘এক্সপ্ৰেছ হাইৱেৰ সপোন আমি দেখুৱা নাই। বছৰত দুই কোটি চাকৰি আমিতো দিম কোৱা নাই। এইটো প্ৰতাৰণা বুলি ক’লে লাজ পোৱা কিয়?’

‘বৃহৎ নদী বান্ধ এক বিন্দু তেজ থকালৈ হ’ব নিদিও বুলি প্ৰতিবাদ কৰিছিলা।’ কিন্তু এতিয়া তেওঁলোকে নদী বান্ধ নিৰ্মাণ কৰিবলৈ উথপথপ লগোৱা বুলিও বৰাই লগতে কয় ।

ইফালে বিদ্যালয় প্ৰাদেশিকৰণৰ ক্ষেত্ৰতো চৰকাৰে বৈষম্য কৰিছে বুলি উল্লেখ বৰাই কয়, ‘ছাত্ৰ-ছাত্ৰীৰ পঢ়াক লৈ ৰাজনীতি কৰাতো উচিত নহয়। পূৰ্বেই ৭৭৬ খন শিক্ষানুষ্ঠান উপযুক্ত বুলি ঘোষণা কৰিছিল। কিন্তু শেষত ৩৩৫ খনহে বাছনি কৰিলে।’

কিহৰ ভিত্তিত বাকী ৪২১ খন শিক্ষানুষ্ঠান বঞ্চিত কৰিলে তাৰ উত্তৰ বিচৰাৰ লগতে প্ৰাদেশীকৰণ কৰাৰ আহ্বান জনালে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। যদি নকৰে কংগ্ৰেছৰ চৰকাৰ আহিলে প্ৰথমতে প্ৰাদেশীকৰণ কৰাৰ আশ্বাস দিয়ে বৰাই।

বিৰোধীৰ সমষ্টিত বিজ্ঞান শাখা প্ৰৱৰ্তন নকৰাকলৈ ক্ষোভ প্ৰকাশ কৰে বৰাই। বিৰোধীৰ সমষ্টিত বিজ্ঞান পঢ়া কোনো ছাত্ৰ-ছাত্ৰী নাই নেকি বুলি প্ৰশ্ন বৰাৰ।