দেশত যোৱা ১১ বছৰ ধৰি অঘোষিত জৰুৰীকালীন অৱস্থা চলি আছে। এই মন্তব্য কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশৰ।
কংগ্ৰেছৰ হৈ জয়ৰাম ৰমেশে এক বিবৃতি প্ৰকাশ কৰিছে। তেওঁ অভিযোগ কৰিছে যে বিগত ১১ বছৰত কেন্দ্ৰীয় চৰকাৰে সংবিধানক আক্ৰমণ কৰাৰ লগতে সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰিছে আৰু তদন্তকাৰী সংস্থাসমূহৰ অপব্যৱহাৰ কৰিছে।
জয়ৰাম ৰমেশে দাবী কৰে যে, “সংবিধানৰ ওপৰত নিৰন্তৰ আক্ৰমণ চলি আছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ড° ভীমৰাও আম্বেদকাৰৰ সংবিধান সলনি কৰাৰ উদ্দেশ্যে ৪০০ খন আাসনত জয়ী হ’বলৈ বিচাৰিছিল। কিন্তু ভাৰতৰ জনসাধাৰণে তেওঁক এই সপোনত চেঁচা পানী ঢালিলে।”
“ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত চৰকাৰে আলোচনা কৰিবলৈ অস্বীকাৰ কৰিছে। গুৰুত্বপূৰ্ণ বিধেয়কসমূহ বিতৰ্ক নোহোৱাকৈ বলপূৰ্বকভাৱে গৃহীত কৰা হৈছে। সংসদীয় সমিতিৰ ভূমিকাক একাষৰীয়া কৰি ৰখা হৈছে।” – লগতে জয়ৰাম ৰমেশে কয়।দেশৰ জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কোনো ভাৰতীয়ই কেতিয়াও পাহৰিব নোৱাৰে যে জৰুৰীকালীন সময়ত সংবিধানৰ আত্মাক কেনেকৈ উলংঘা কৰা হৈছিল। ইয়াৰ পিছতে জয়ৰাম ৰমেশে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।