অৱশেষত উদ্ধাৰ মেঘালয়ৰ খনিত আবদ্ধ এজন শ্ৰমিকৰ গলিত মৃতদেহ

Mining-750x375

যোৱা বছৰৰ ডিচেম্বৰ মাহৰ ১৩ তাৰিখে মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাত অৱস্থিত এটা কয়লাখনিৰ ৩৭০ ফুট গভীৰতাত আৱদ্ধ হৈ থকা ১৫জন খনি শ্ৰমিকসকলৰ জীয়াই থকাৰ সম্ভাৱনা নোহোৱা হৈ অহাৰ পাছত, তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰাৰ বাবে চলি আছে উদ্ধাৰ অভিযান।

শেহতীয়াভাৱে নৌ বাহিনীৰ এটা উদ্ধাৰকাৰী গোটে আজি ২৪ জানুৱাৰি বৃহস্পতিবাৰে এজন শ্ৰমিকৰ অতি বেয়াকৈ পচন ধৰা মৃতদেহ এটা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

উদ্ধাৰকাৰী গোটটোৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনাইছে যে  অতি বেয়াকৈ পচি যোৱা মৃতদেহটো খনিৰ ৩৭০ ফুট গভীৰতাৰ পৰা উদ্ধাৰ কৰি আনে জল নিমজ্জিত দূৰ নিয়ন্ত্ৰিত যান (underwater remotely operated vehicle চমুকৈ UROV)  এখনে।

উল্লেখ্য যে শ্বিলহৰ পৰা ১৩০ কিঃমিঃ দূৰত্বত থকা কছান গাঁৱত থকা এটা পৰিত্যক্ত কয়লাখনিত কৰ্মৰত খনিৰ বনুৱাসকল হঠাতে পানীৰে উপচি পৰাৰ ফলত তাতেই আবদ্ধ হৈ পৰে। কেবল ৫গৰাকী শ্ৰমিক প্ৰাণ লৈ উভতি আহিবলৈ সক্ষম হৈছিল।

খনিৰ বনুৱাসকলৰ পৰিয়ালে ইয়াৰ পূৰ্বে জনাইছে যে সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি তেওঁলোকে তেওঁলোকৰ আপোনজনৰ মৃতদেহ ওভোতাই বিচাৰে।

উল্লেখ্য যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ২০১৪ চনৰ এপ্ৰিলত এটা অন্তৰ্ৱৰ্তীকালীন নিষেধাজ্ঞা জাৰি কৰাৰ পাছতো অবৈজ্ঞানিক পদ্ধতিৰ ৰেট হোল মাইনিঙৰ (rat hole mining) বাবে মেঘালয়ৰ কয়লাখনিসমূহত প্ৰায়েই দুৰ্ঘটনা সংঘটিত হৈ আহিছে।