আজি পুৱা দিল্লীৰ পৰা ডিব্ৰুগড় অভিমুখী তৃতীয়খন ৰে’ল উপস্থিত হয় মৰিয়নী জংচনত

উজনিৰ ২ খন জিলাৰ মুঠ ২৭ গৰাকী যাত্ৰী নামে মৰিয়নী জংচনত

277489(1)

আজি শনিবাৰে পুৱা দিল্লীৰ পৰা  ডিব্ৰুগড় অভিমুখী তৃতীয়খন ৰে’ল যোৰহাট জিলাৰ মৰিয়নী জংচনত উপস্থিত হয়।

পুৱা ৩:৩০ বজাত নিৰ্ধাৰিত সময়তকৈ প্ৰায় ২ ঘন্টা পলমকৈ মৰিয়নী জংচন উপস্থিত হয় ৰে’লখন৷

উজনিৰ ২ খন জিলাৰ মুঠ ২৭ গৰাকী যাত্ৰী মৰিয়নী জংচনত নামে৷

গোলাঘাট জিলাৰ ১৩ গৰাকী, যোৰহাট জিলাৰ ১৪ গৰাকী যাত্ৰীয়ে ৰে’লখনৰ পৰা নামে৷

নিশাৰ পৰা মৰিয়নী জংচনত উপস্থিত থাকে জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, চিকিৎসকসহ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা কৰ্মীৰ দলৰ লগতে ৰে’ল বিভাগৰ বিষয়ববীয়া আৰু ৰেল আৰক্ষীৰ দল৷

যাত্ৰীসকলক মৰিয়নী জংচনৰ বাহিৰ ভাগত স্কেনিং কৰে স্বাস্থ্য বিভাগৰ লোকে৷

স্কেনিংৰ অন্তত ২ খন জিলাৰ দণ্ডাধীশসকলে বাছ যোগে নিজ নিজ জিলাৰ কোৱাৰেন্টাইন চেন্টাৰলৈ যাত্ৰীসকলক লৈ যায়৷

মৰিয়নী জংচনত ৰে’লৰ পৰা নমা কোনো যাত্ৰীৰ কোভিত১৯ সম্পকীয় কোনো লক্ষণ নাই বুলি জানিবলৈ দিয়ে চিকিৎকৰ তৰফৰ পৰা৷

মৰিয়নী জংচনত যাত্ৰী সকলক আন দিনাৰ দৰে আজিও মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত থাকি আদৰণি জনায় আৰু পৰিস্থিতিৰ তদাৰক কৰে৷

কালি দ্বিতীয়খন ৰে’ল অহা সময়ত উপস্থিত থাকি যাত্ৰীসকলৰ বাবে বিধায়ক গৰাকীয়ে নিম্নতম একাপ চাহ আৰু শিশুসকলক বাবে শিশু খাদ্যৰ যোগান ধৰিবলৈ অনুৰোধ কৰিছিল চৰকাৰক।

আজি বিধায়কৰ অনুৰোধত সঁহাৰি জনাই  জংচনত উপস্থিত হোৱা যাত্ৰীসকলৰ বাবে পানীৰ ব্যৱস্থা কৰাত বিধায়ক গৰাকীয়ে ধন্যবাদ জনায় ৰে’ল বিভাগ আৰু জিলা প্ৰশাসনক৷

বিধায়ক গৰাকীয়ে আজি চৰকাৰ আৰু জিলা প্ৰশাসনলৈ অনুৰোধ কৰে যে ৰে’ল যোগে অসমলৈ অহা লোকসকলৰ বাবে ৰে’ল জংচনত বিভিন্ন দায়িত্ব থকা বিষয়া কৰ্মচাৰীসকলৰ বাবে লঘু আহাৰৰ  ব্যৱস্থা কৰিবলৈ৷

নিশাৰ পৰা লঘোণে ভোকে দায়িত্ব পালন কৰা চৰকাৰী বিষয়াসকলৰ বাবে চৰকাৰে নিম্নতম দায়িত্ব পালন কৰিবলৈ অনুৰোধ কৰে বিধায়ক কুৰ্মীয়ে৷