যোৰহাটৰ অসম মহিলা বিশ্ববিদ্যালয়ৰ ফেশ্বন প্ৰযুক্তি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় খাদী দিৱস উদযাপন

মঙলবাৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ফেশ্বন প্ৰযুক্তি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় খাদী দিৱসটি উদযাপন কৰা হয়।

বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰ্যসূচীত ফেশ্বন প্ৰযুক্তি বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে নিৰ্মাণ কৰা বিভিন্ন হস্ত-তাঁত নিৰ্মিত আৰু হাতেৰে নিৰ্মিত সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰীকে ধৰি একাধিক কাৰ্যসূচী সম্পন্ন হয়।

বন্তি প্ৰজ্বলনৰ পাছতে জাতীয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত ফেশ্বন প্ৰযুক্তি বিভাগৰ মুৰব্বী শ্ৰীমতী পূৰ্বশ্ৰী বৰাই  আদৰণি ভাষণ আগবঢ়ায়। ইয়াৰ পাছতে পঞ্জীয়ক তপন কুমাৰ গোহাঁইয়ে ৰাষ্ট্ৰীয় খাদী দিৱসৰ তাৎপৰ্য, উদযাপনৰ প্ৰাসংগিকতা আৰু গুৰুত্ব সম্পৰ্কে বক্তৃতা প্ৰদান কৰে।উপাচাৰ্য প্ৰাধ্যাপক অজন্তা বৰগোহাঁই ৰাজকোঁৱৰে মুখ্য ভাষণত  খাদী উদ্যোগৰ সৈতে জড়িত ব্যক্তিগত অভিজ্ঞতাৰ বিষয়ে কয় আৰু এই উদ্যোগৰ ভৱিষ্যৎ সম্ভাৱনীয়তা সন্দৰ্ভত এক  তথ্যসমৃদ্ধ বক্তব্য প্ৰদান কৰে।

মুখ্য অতিথি হিচাপে উপস্থিত থাকি হস্ত-তাঁত আৰু বস্ত্ৰ বিভাগৰ সঞ্চালক ড০ প্ৰশান্ত কুমাৰ বৰঠাকুৰে খাদী উদ্যোগৰ ঐতিহাসিক তাৎপৰ্য, ইয়াৰ বহন ক্ষমতা, অৰ্থনৈতিক সবলতা তথা আৰু বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত ইয়াৰ ভূমিকাৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়।

সন্মানীয় অতিথি হিচাপে উপস্থিত থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ বস্ত্ৰশিল্প আৰু পোছাক ডিজাইনিং বিভাগৰ ড°বিনীতা বৈশ্য কলিতাই খাদী শিল্পৰ গুৰুত্বৰ বিষয়ে বক্তৃতা প্ৰদান কৰে। বিশ্ববিদ্যালয়ৰ শিক্ষক সকলৰ লগতে শতাধিক ছাত্ৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত শলাগ জ্ঞাপন কৰে বিভাগৰ সহকাৰী অধ্যাপক গল্ডী বৰাই।