• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভয়াবহ প্ৰদূষণৰ কবলত ধনশিৰি নদী : ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে নিজাকৈ গোচৰ ৰুজু

পল্লৱ হাজৰিকা by পল্লৱ হাজৰিকা
August 20, 2025 1:24 pm
185
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পল্লৱ হাজৰিকা, বোকাখাত : নুমলীগড় শোধনাগাৰে প্ৰায় জন্মলগ্নৰে পৰা সমিপৰ ধনশিৰি নদীক ব্যাপক ভাৱে প্ৰদূষিত কৰি আহিছে। বিগত সময়চোৱাত এই সন্দৰ্ভত নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈ আহিছে যদিও নদীখনক প্ৰদূষণৰ পৰা মুক্ত কৰিব পৰাৰ কোনো ব্যৱস্থা কাৰ্যকৰি হৈ উঠা নাছিল। আশাৰ বতৰা যে শেহতীয়াকৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে নিজাকৈ গোচৰ ৰুজু কৰিছে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে ধনশিৰি নদীত নুমলীগড় শোধনাগাৰে তৈলজাত সামগ্ৰী পেলাই নদীখন প্ৰদূষিত কৰা ঘটনাৰ বিৰুদ্ধে নিজাববীয়াকৈ (৮৬/২০২৫/ই জেদ )এক গোচৰ তৰে।

উল্লেখযোগ্য যে নুমলীগড় শোধনাগাৰ লিমিটেডৰ ঔদ্যোগিক নিৰ্গমনৰ ফলত ব্ৰহ্মপুত্ৰৰ এখন গুৰুত্বপূৰ্ণ উপনৈ ধনশিৰি নদীত তীব্ৰ প্ৰদূষণৰ সন্মুখীন হোৱাৰ লগতে প্ৰদূষণ হৈ আহিছে আৰু নদীখনৰ জলচৰ প্ৰাণী, জলজ উদ্ভিদ আদি ধ্বংসৰ গৰাহত পৰিছে বুলি বিশিষ্ট পৰিৱেশকৰ্মী তথা জেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে তথ্য সহকাৰে অভিযোগ উত্থাপন কৰি আহিছিল।

এই সন্দৰ্ভত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে গুৰুত্ব সহকাৰে লৈ নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি সংশ্লিষ্ট বিভাগ সমূহক এফিডেফিদ দিবলৈ নিৰ্দেশ দিছে।

উল্লেখযোগ্য যে, ধনশিৰি নদীত নুমলীগড় শোধনাগাৰে তৈলজাত সামগ্ৰী তেল, গ্ৰীচ আদি ৰাসায়নিক পদাৰ্থ পেলাই নদীখন প্ৰদূষিত কৰিছে আৰু  নুমলীগড় শোধনাগাৰ লিমিটেড পৰা ঔদ্যোগিক নিৰ্গমনৰ ফলত ব্ৰহ্মপুত্ৰৰ এক গুৰুত্বপূৰ্ণ উপনৈ ধনশিৰি নদীত তীব্ৰ প্ৰদূষণৰ সন্মুখীন হৈছে বুলি পৰিবেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে জনাই আহিছে লগতে গোস্বামীয়ে গুৱাহাটীস্থ বায়’টেক ৰাসায়নিক পৰীক্ষাগাৰত নুমলীগড় শোধনাগাৰৰ পিছফালে থকা ধনশিৰি নদীৰ পানীৰ নমুনা লৈ পৰীক্ষা কৰাত বিভিন্ন ৰাসায়নিক পদাৰ্থ ধনশিৰি নদীত মিহলি হৈ নদীখন ভয়ানক ভাৱে প্ৰদূষিত হোৱাৰ তথ্য পোহৰলৈ আহিছিল।

ৰিপৰ্টৰ প্ৰতিবেদনৰ মতে জৈৱ অক্সিজেন ১৮, ৰাসায়নিক অক্সিজেন ১৪২, অইল আৰু গ্ৰীচ ১১.৫, ফিনল বিডিএল নদীখনত আছে বুলি জনা গৈছে।

এনেধৰণৰ তৈলজাত সামগ্ৰী নুমলীগড় শোধনাগাৰে ধনশিৰি নদীত পেলাই দিয়াৰ ফলত নদীখনৰ জলচৰ প্ৰাণী, জলজ উদ্ভিদ আদি ধ্বংসৰ গৰাহত পৰিছে। নুমলীগড় তেল শোধনাগাৰৰ পৰিৱেশ আৰু  বাতাবৰণ সন্তুলন বজাই ৰাখিবলৈ এটা বিভাগ আছে। কিন্তু উক্ত বিভাগটোৱে নদীখনক ধ্বংসৰ গৰাহলৈ ঠেলি দি  তেওঁলোকে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ নিয়ন্ত্ৰণ পৰিষদৰ সৈতে গোপন মিতিৰালি কৰি নদীখনত ধ্বংসকাৰ্য সংঘটিত কৰি আহিছে।

নুমলীগড় শোধনাগাৰে সততে কৈ আহিছে যে, নুমলীগড় শোধনাগাৰ এটা হাইটেক শোধনাগাৰ আৰু শোধনাগাৰৰ পৰা নিৰ্গত হোৱা ৰাসায়নিক দ্ৰব্যসমূহ ৱাটাৰ ট্ৰিটমেণ্ট কৰি ধনশিৰি নদীত পেলায়। যদি সেয়াই হয় তেনেহলে নদীখনত তৈলজাত সামগ্ৰী ওলাল কেনেকৈ ? পৰিৱেশ আৰু প্ৰদূষণে জলসিঞ্চন আৰু খোৱাপানীৰ বাবে নদীখনৰ ওপৰত নিৰ্ভৰশীল স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে।

ইফালে নগালেণ্ডৰ পৰা উৎপত্তি হোৱা ধনশিৰি নদী  ডিমাপুৰ আৰু গোলাঘাটৰ মাজেৰে বৈ আহি বোকাখাতৰ ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ সৈতে মিলিত হৈছে গতিকে ই স্বাভাৱিকতেই ব্ৰহ্মপুত্ৰৰ পানীৰ প্ৰতিও অশনি সংকেত কঢ়িয়াই আনিছে। ইফালে ব্ৰহ্মপুত্ৰৰ পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকো প্ৰভাৱিত কৰি আহিছে গতিকে নুমলীগড় শোধনাগাৰ সৃষ্ট এই প্ৰদুষণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকো যে ক্ষতি কৰি আহিছে ই নিশ্চিত।অভিযোগ সত্ত্বেও কৰ্তৃপক্ষই আৱৰ্জনা নিষ্কাশনৰ ক্ষেত্ৰত কঠোৰ নিয়ম বলবৎ কৰাত ব্যৰ্থ হৈছে নুমলীগড় শোধনাগাৰ। বহনক্ষম নদী ব্যৱস্থাপনা আৰু কঠোৰ ঔদ্যোগিক অনুসৰণৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি ধনশিৰিৰ অৱস্থা অপ্ৰত্যাৱৰ্তনীয় হোৱাৰ পূৰ্বে প্ৰদূষণ ৰোধৰ বাবে চৰকাৰে তাৎক্ষণিক ব্যৱস্থা লোৱাৰ দাবী জনাইছে স্থানীয় ৰাইজে।

পল্লৱ হাজৰিকা

পল্লৱ হাজৰিকা

Stay Connected

  • 117k Fans

Recent News

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd