এনেকৈয়ে চলিছে যাতায়ত! ৰাজ্যত বিজেপিৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাইছে জৰাজীৰ্ণ বাঁহৰ দলঙে

Bamboo bridge Tamulpur

ফটো: নৰ্থইষ্ট নাও।

স্বাধীনোত্তৰ কালত বিজেপি নেতৃত্বাধীন ৰাজ্যত প্রকৃততে কিমান উন্নয়ন হৈছে ?

যাতায়ত ব্যবস্থাই হৈছে একো একোটা অঞ্চলৰ আৰ্থ সামাজিক দিশৰ উন্নয়নৰ মাপকাঠি। কিন্তু কিছুমান অঞ্চলৰ যাতায়ত ব্যৱস্থা দেখিলে সহজতে অনুমান কৰিব পাৰি আমাৰ উন্নয়ন প্ৰকৃতাৰ্থত কিমান হৈছে !

তামুলপুৰ বিধানসভা সমষ্টিৰ বৰবালিশীহা গাঁওত বৰলীয়া নদীৰ ওপৰত থকা এখন জৰাজীৰ্ণ বাঁহৰ দলং।

নদীখনৰ ওপৰত এখন পকী দলং নিৰ্মান নোহোৱাৰ বাবে বছৰৰ পিছত বছৰ ধৰি  যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগি আহিছে নৈ খনৰ দুই পাৰৰ নাগ্ৰীজুলি,  বৰবালিশিহা, লতিবাৰী, বৰলীয়াপাৰ, গেৰুৱাপাৰ, দোৱামখা,  ৰামেচুবুৰী, ঢেকিপোতা আদিকে ধৰি কে’বাখনো গাঁওৰ ৰাইজ৷

সততে দেখা পোৱা যায় জহি খহি খোৱা যোৱা বাঁহৰ দলংখনৰ ওপৰেৰে অতি বিপজ্জনকভাৱে হাতৰ মুঠিত জীৱনটো লৈ মানুহ পাৰ হৈ যোৱা শিহৰণকাৰী দৃশ্য।

জৰাজীৰ্ণ দলংখনেৰে পাৰ হওঁতে যিকোনো মুহূৰ্ততে ঘটিব পাৰে ভয়ানক দুৰ্ঘটনা।

তামুলপুৰ মহকুমা সদৰ সংযোগী নাগ্ৰীজুলি- লতিবাৰী- তামুলপুৰ পথৰ  বৰবালিশিহাত বৰলীয়া নদীৰ ওপৰত এখন স্থায়ী পকী দলং নথকাত এইদৰে বিপদ সংকুল ভাৱে যাতায়ত কৰিব লগা হৈছে বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী, ৰোগীকে ধৰি সাধাৰণ ৰাইজ।

ভগা দলঙেৰে পাৰ হওঁতে দলঙৰ পৰা পৰি বহু লোক আঘাত প্ৰাপ্তও হৈছে। নিশা হ’লেই পথটোৰে বন্ধ হৈ পৰে যাতায়ত।

অঞ্চলটোৰ ৰাইজে বিগত সময়ছোৱাত চৰকাৰ, জনপ্ৰতিনিধি, বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো বৰলীয়া নদীৰ ওপৰত আজিও নিৰ্মাণ নহ’ল এখন পকী দলং।

স্থানীয় ৰাইজে প্ৰতি বছৰে গাঁঠিৰ ধন ভাঙি বাঁহৰ দলংখন মেৰামতি কৰি লয় যদিও বাৰিষা আহিলেই বৰলীয়া নদীৰ প্ৰবল সোঁতে উটুৱাই নিয়ে বাঁহৰ দলং খন।

বছৰ বছৰ ধৰি যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগি অহা অঞ্চলটোৰ ৰাইজৰ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচি প্ৰধান প্ৰমোদ বড়োক কাতৰ আহ্বান -আমাৰ যাতায়তৰ সুবিধাৰ বাবে শীঘ্ৰেই বৰলীয়া নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰি দিয়ক।

পিচে, ৰাইজৰ এই অনুৰোধ শুনিবনে চৰকাৰে?