বিশ্ব ঐতিহ্যক্ষেত্ৰ সুন্দৰবন ভ্ৰমণৰ অনন্য অভিজ্ঞতা

Sundarban

সুন্দৰবনৰ এখন স্থিৰ চিত্ৰ।

পৃথিৱীৰ বিভিন্ন দেশ বিভিন্ন চহৰ ফুৰি-চাকি নিজৰ ঘৰৰ ওচৰত থকা ঠাইবিলাক যেন কেতিয়াবা অৱহেলা কৰা হয়। গুৱাহাটীত থকা দিনত বহুবাৰ কলকাতালৈ গৈছো যদিও সুন্দৰবন চাবলৈ সুযোগ পোৱা নাছিলো।  সেইবাবে এইবাৰ অক্টোবৰ মাহত গুৱাহাটীলৈ যাওতে ভাগিনী-ভতিজাৰ উৎসাহত সিহঁতৰ লগতে কলকাতালৈ গৈ সুন্দৰবন চাওঁ বুলি ঠিক কৰিলো। সেইমতেই আমাৰ ভতিজা জোঁৱাই অসীমে আমাৰ ভ্ৰমণৰ পৰিকল্পনাবোৰ কৰিলে। লগত আমাৰ নীলিমা বৌ, ভাগিনী স্মৃতিশ্ৰী, ভতিজা ছোৱালী ঋতুপৰ্ণা, কণমানি আয়ন আৰু অসীমৰে সৈতে আমি কলকাতা পালোগৈ।

পিছদিনা কলকাতাৰ পৰা এখন ছুমো গাড়ীত গৈ প্ৰায় তিনি ঘণ্টাৰ পাছত সুন্দৰবনলৈ যোৱা ঘাটত আমাৰ কাৰণে ৰৈ থকা নাওখনত উঠিলোগৈ।

এই নাওখনেৰে আমি আমাৰ ৰিজৰ্টলৈ গৈছিলো । কলকাতাৰ গৰমৰ পাছত নাওত থকা সময়খিনি বৰকৈ উপভোগ কৰিছিলো। তিনি ঘণ্টাৰ মূৰত আমি আমাৰ ৰিজৰ্টখন পাইছিলো । নতুনকৈ সজা আমাৰ ৰিজৰ্টখন বৰ ধুনীয়া আৰু পৰিপাটি আছিল । ৰিজৰ্টত নামি মুখ-হাত ধুই আমাৰ দুপৰীয়াৰ সাঁজ খোৱাৰ পাছত আমি আকৌ আমাৰ নাওখনত উঠি যাত্ৰা কৰিলো  সুন্দৰবনৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ।

সুন্দৰবন পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপপুঞ্জ। গঙ্গা, ব্ৰহ্মপুত্ৰ আৰু মেঘনা নদীৰ সংগমস্থলত য’ত পশ্চিমবংগৰ হুগলী আৰু বাংলাদেশৰ বালেশ্বৰ নদীৰ সুঁতিবোৰ লগ লাগি সুন্দৰবনৰ ব-দ্বীপ (Delta) গঢ়ি উঠিছে। সুন্দৰবনৰ Mangrove Forest পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ। সুন্দৰবনৰ বন্যপ্ৰাণী অভয়াৰণ্য য়ুনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ। গোটেই সুন্দৰবন ১ মিলিয়ন হেক্টৰ জোৰা- ইয়াৰ ষাঠি শতাংশ বাংলাদেশৰ অন্তভুক্ত, বাকী চল্লিচ শতাংশ ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত।

ৰামংগল নামৰ নদীখনে এই দুয়োখন দেশৰ সীমা নিৰ্ধাৰণ কৰিছে। সুন্দৰবনত চল্লিচবিধৰ পশু-পক্ষী, ২৬০ বিধ চৰাই-চিৰিকটি, ৩৫বিধ সৰীসৃপ আছে। আৰু আছে বিখ্যাত বেংগল টাইগাৰ। বনৰীয়া গাহৰি, ফুটুকী হৰিণ আৰু মাকাক বান্দৰো পোৱা যায়। মাজে মাজে বান্দৰ চাৰিওফালে জঁপিয়াই ফুৰা দেখিছিলো। ফুটুকী হৰিণ বা বেংগল টাইগাৰ দেখাৰ সৌভাগ্য নহ’ল। নদীৰ কাষত ঘঁৰিয়ালো চকুত পৰিছিল।

গধূলিৰ সময়ত বিভিন্ন ধৰণৰ চৰাই-চিৰিকটিৰ মাতত নিস্তব্ধতা ভাগি গৈছিল। গধূলি ঘুৰি আহি আমি যেতিয়া আকৌ ৰিজ’ৰ্ট পাইছিলো, আমাৰ বাবে ঝুমুৰ নাচৰ আয়োজন কৰা হৈছিল। আমিও আটায়ে ঝুমুৰ নাচৰ ভাগ লৈছিলো। ৰাতিৰ আহাৰত আমি সুন্দৰবনত পোৱা বিশেষ মাছ খালো।

পিছদিনা ৰাতিপুৱা আমি আকৌ আমাৰ বাবে ৰখা নাওখনতে উঠি সুন্দৰবনৰ পৰা উভতি আহিলো। আমাৰ সকলো খোৱা-বোৱাৰ ব্যৱস্থা নাওখনতে কৰা হৈছিল। আমি উভতি অহা সুঁতিটো বেলেগ ফালে অহা বাবে দিনটো বিভিন্ন প্ৰাকৃতিক দৃশ্য উপভোগ কৰিছিলো। ঠায়ে ঠায়ে নাৱৰ পৰা নামি আমি চৰকাৰে সংৰক্ষণ কৰা গছ-গছনি চাবলৈ যাওঁ।

চৰকাৰীভাৱে লোৱা ব্যৱস্থাবোৰ দেখি বৰু ভাল লাগিল।

এটা কথাতহে শংকা জাগিল- যিমানবোৰহে নতুন নতুন ৰিজ’ৰ্ট হৈছে, মানুহৰ সমাগম বেছি হৈ গ’লে পশু-পক্ষীবোৰ লোপ পাব পাৰে।