NORTHEAST NOW (Assamese)

২২ জানু্ৱাৰীত মুকলি কৰা হ’ব ৰাম মন্দিৰ : মুকলি কৰা হ’ব ৰাম সেৱা এপ

November 25, 2023 10:00 am · এন ই নাও নিউজ, গুৱাহাটী

২২ জানুৱাৰীত মুকলি হ’ব ৰাম মন্দিৰৰ দুৱাৰ। উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি পূৰ্ণ গতিত আৰম্ভ হৈছে। বিশ্ব হিন্দু পৰিষদৰ দৰে সংগঠনেও এই অনুষ্ঠানৰ বাবে সাজু হৈছে।

মন্দিৰ উদ্বোধনৰ পিছত ৪০ দিনৰ বাবে অযোধ্যাত বিশেষ কাৰ্যসূচীও অনুষ্ঠিত হ’ব। মণ্ডল উৎসৱ অব্যাহত থাকিব। ভক্তই ৰূপৰ কলহৰে ৰামক অভিষেকম অৰ্পণ কৰিব। 

সূত্ৰ অনুসৰি ডিচেম্বৰ মাহত শ্ৰী ৰাম সেৱা নামৰ এটা বিশেষ এপ মুকলি কৰা হ’ব।

জানিব পৰা মতে, এই এপটোৰ জৰিয়তে মন্দিৰৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আবেদন কৰিব পাৰিব। গোসেৱাকে ধৰি বিভিন্ন সামাজিক কামৰ সৈতে জড়িতসকলক এই ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব। 

মন্দিৰ কৰ্তৃপক্ষই সিদ্ধান্ত লৈছে যে মণ্ডল উৎসৱৰ শেষত ৫ দিনৰ বাবে প্ৰতিদিনে ১০০০ টা ৰূপৰ পাত্ৰত ৰামৰ অভিষেক কৰা হ’ব।

ইফালে সংঘ পৰিবাৰৰ ছত্ৰছায়াত কেইবাটাও সংগঠনে সমগ্ৰ দেশতে ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানত গুৰুত্ব আৰোপ কৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত ৰামলালাৰ বিনামূলীয়া দৰ্শন, প্ৰভাত ফেৰী, দেশৰ দুৰ্গম অঞ্চলৰ লোকসকলৰ বাবে ধৰ্মীয় আলোচনা সভা আদি কাৰ্যসূচী। 

 মন্দিৰ উদ্বোধনৰ দিনা হনুমান চলিছা আৰু ৰামচৰিত মানস পাঠ কৰিবলৈ দেশবাসীলৈ আহ্বান জনাইছে সংঘ পৰিবাৰে। টেলিভিশ্যনত উদ্বোধনী অনুষ্ঠানটো চাবলৈ দেশবাসীক অনুৰোধ জনাইছে সংঘ পৰিবাৰে। ইয়াৰ উপৰিও সেইদিনা সন্ধিয়া ঘৰৰ সন্মুখত চাকি জ্বলাই শংখ বজাবলৈ আহ্বান জনোৱা হৈছে। 

ইফালে আহি আছে দেশৰ সাধাৰণ নিৰ্বাচন। ৰাজনৈতিক বিশ্লেষকসকলে কৈছে যে ৰাম মন্দিৰ বিজেপিৰ বাবে এক ডাঙৰ আহিলা হ’বলৈ গৈ আছে।

Related News