বোকাখাতত চাঞ্চল্যকৰ ঘটনা: বোৱাৰীয়েকৰ দা’ৰ ঘাপত গুৰুতৰভাৱে আহত বৰজনাক

murder-759

প্রতিনিধিত্বমূলক ফটো।

বোকাখাতৰ গড়মুৰ গাওঁত শনিবাৰে এক চাঞ্চল্যকৰ ঘটনা ঘটে ৷ গাওঁখনত নিজৰ বোৱাৰীয়েকৰ দা’ৰ ঘাপত গুৰুতৰভাৱে আহত হয় বিজয়সিং ৰবিদাস নামৰ এজন লোক৷

প্ৰাপ্য তথ্য মতে বিজয়সিং ৰবিদাস নামৰ লোকজনে নিজৰ ভাই বোৱাৰী পিংকী ৰবিদাসক নিজৰ কামনা চৰিতাৰ্থ কৰাৰ উদ্দেশ্যেৰে বলৎকাৰৰ চেষ্টা চলায় ৷

বৰজনাক বিজয়সিং ৰবিদাসৰ হাতৰ পৰা নিজকে ৰক্ষা কৰাৰ বাবে পিংকী ৰবিদাসে দাৰে বিজয়ক আক্ৰমণ কৰে ৷ বিজয়সিং ৰবিদাসেও পিংকী ৰবিদাসক প্ৰত্যাক্ৰমণ কৰে ৷

এই ঘটনাত বিজয়সিং ৰবিদাস গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে পিংকী ৰবিদাসো আহত হয় ৷

ঘটনাৰ পিছত দুয়োজনকে বোকাখাতৰ অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷

ঘটনা সন্দৰ্ভত সম্প্ৰতি বোকাখাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷