কলিয়াবৰ মহকুমাৰ কুঠৰীত ৩৭ নং ৰাষ্ট্ৰীয় পথত আশ্ৰয় লোৱা গঁড়টোৰ মৃত্যু

IMG-20200724-WA0069~2

ফটো: নৰ্থইষ্ট নাও

প্লাৱিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি কলিয়াবৰ মহকুমাৰ কুঠৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত চাৰিদিন আশ্ৰয় লৈ ৰাষ্ট্ৰীয় উদ্যানলৈ উভতি যোৱা বৃদ্ধ গঁড়টোৱে শুকুৰবাৰৰ দিনা মৃত্যুক সাৱটি লয় ৷

শুকুৰবাৰে পুৱাতেই ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ দেওচূড় নদীৰ পাৰত বনকৰ্মীয়ে মৃত অৱস্থাত গঁড়টোক প্ৰতক্ষ্য কৰে ৷

বাৰ্ধক্য জনিত কাৰণতেই গঁড়টোৰ মৃত্যু হোৱা বুলি বিভাগীয় সুত্ৰত প্ৰকাশ ৷

বৃদ্ধ গঁড়টোৱে বানপানীৰ মাজতে দীৰ্ঘ সময় সাঁতুৰি আহি ১৮ জুলাইৰ পুৱতি নিশা কুঠৰীৰ দেওচুড় অঞ্চলত ৩৭ নংৰাষ্ট্ৰীয় পথৰ ওপৰতে আশ্ৰয় লৈছিল ৷

কিছু সময় ৰাষ্ট্ৰীয় পথৰ ওপৰতে বিশ্ৰামো কৰিছিল ৷ পিছত পথৰ কাষৰ পানী যুঁৱলিলৈ নামি গৈছিল এই গঁড়টো ৷

বাৰ্ধক্যৰ বাবেই চকুৰ দৃষ্টি শক্তি দুৰ্বল হৈ পৰা গঁড়টোৱে বানপানীৰ ভয়াবহতাত ভীতিগ্ৰস্ত হৈ দুৰ্বল শৰীৰেৰে ৰাষ্ট্ৰীয় পথতে আশ্ৰয় লৈছিলহি ৷

উক্ত স্থানতে গঁড়টোক পৰিচৰ্যাও কৰিছিল বনকৰ্মী আৰু পশু চিকিৎসকৰ দলে ৷

গঁড়টোক ৰাষ্ট্ৰীয় উদ্যানলৈ ওভটাই পঠাবৰ বাবে প্ৰচেষ্টাও চলাইছিল কাজিৰঙাৰ কৰ্তৃপক্ষই ৷

এই কাৰ্য তদাৰক কৰিবৰ বাবে গুৱাহাটীৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক পদ্মশ্ৰী ডাঃ কুশল কুমাৰ শৰ্মা সদলবলে আহি উপস্থিত হৈছিলহি ঘটনাস্থলীত ৷

চাৰিদিনৰ পৰিচৰ্যা আৰু প্ৰাথমিক চিকিৎসাত কিছু সুস্থ আৰু সবল হৈ গঁড়টোৱে পথৰ কাষতে লাগি থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিছিল যদিও গঁড়টোক নিৰীক্ষণত ৰাখিছিল বনকৰ্মীয়ে ৷

প্লাৱিত কাজিৰঙাৰ বেছি দুৰলৈ সোমাই যাব নোৱাৰিলে দুৰ্বল হৈ পৰা এই গঁড়টো ৷

বনকৰ্মীৰ অক্লান্ত পৰিচৰ্যাৰ পিছতো শুকুৰবাৰৰ দিনা পুৱাতেই দেওচূড় নদীৰ নাতিদুৰতে মৃত্যুক আঁকোৱালি ল’লে বিগত সময়চোৱাত সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা কাজিৰঙাৰ বৃদ্ধ গঁড়টোৱে ৷

মৃত্যুৰ প্ৰাকক্ষণত ৩৭ নং ৰাষ্ট্ৰীয় পথত আশ্ৰয় লৈ গঁড়টোৱে সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰি গ’ল৷ শুকুৰবাৰৰ দিনা বিয়লি আনুষ্ঠানিকভাৱে মৃত গঁড়টোৰ মৰণোত্তৰ পৰীক্ষাও কৰা হয় ৷