উৰিষ্যাৰ ময়ূৰভঞ্জ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এই ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যখনতে আলোড়নৰ সৃষ্টি কৰিছে।
মঙলবাৰে এজন ৪০ বছৰীয়া ব্যক্তিয়ে মাত্ৰ ১০ টকাৰ ‘গুটখা’ কিনিবলৈ ধন নিদিয়াৰ বাবে নিজৰ ৭০ বছৰীয়া পিতৃক নিৰ্মমভাৱে হত্যা কৰি তাৰ পিছত কটা মূৰটো লৈ থানাত আত্মসমৰ্পণ কৰে।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, অভিযুক্তই চোকা অস্ত্ৰৰে পিতৃ বৈধৰ সিঙৰ মূৰ কাটি পেলায়। ঘটনাৰ পিছতে অভিযুক্তই পিতৃৰ কটা মূৰটো লৈ পোনে পোনে চন্দুৱা থানালৈ গৈ আত্মসমৰ্পণ কৰে।
স্থানীয় আৰক্ষী বিষয়া প্ৰভাত মালিকে কয় যে, “গুটখা কিনিবলৈ ১০ টকা নিদিয়াৰ বাবে অভিযুক্তই ক্ষোভত পিতৃক হত্যা কৰে। ইফালে অভিযুক্তৰ মাতৃয়ে জীৱন ৰক্ষাৰ বাবে পলায়ন কৰে।”
আৰক্ষীয়ে জনোৱা মতে, যদিও হত্যাকাণ্ডৰ আঁৰৰ উদ্দেশ্য সামান্য আছিল, তথাপিও পিতৃ-পুত্ৰৰ মাজত কাজিয়া আৰম্ভ হোৱাৰ লগে লগে ই এক ভয়ংকৰ ৰূপ লৈছিল। ইফালে আৰক্ষী আৰু ফৰেনছিক দলে ঘটনাস্থলীত উপস্থিত হৈ প্ৰমাণ সংগ্ৰহ কৰে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।