পশ্চিমবংগৰ ইণ্ডো-ভূটান সীমান্তৰ কালিম্পঙৰ এখনি সৰু গাওঁ-পেৰেংগটাৰ। যান্ত্ৰিকতাৰ বাহ্যিক পৃথিৱীৰ পৰা বহু নিলগত, নৈসৰ্গিক প্ৰাকৃতিক শোভাৰ মাজত অৱস্থান কৰা এই গাওঁখনি মূলতঃ নেপালী সম্প্ৰদায়ৰ লোকৰ বাসস্থান। এখন মালভূমিত অৱস্থিত এই পেৰেংগটাৰ গাওঁখন সেউজ পথাৰৰে আৱৰা। প্ৰায় শতিকা পূৰ্বে পেৰেংগা নামৰ এডৰা বাঁহনি কাটি,বসতি নিৰ্মাণ কৰিব পৰাকৈ এই গাওঁখনি গাওঁবাসীসকলে প্ৰতিষ্ঠা কৰিছিল।
বসতি স্থাপনৰ পিছত গাওঁবাসীয়ে খেতি-বাতি আৰম্ভ কৰাৰ কালৰে পৰা চলিত এক পৰম্পৰা আছিলে-খেতি চপোৱাৰ সময়ত কিছু নিয়ম-নীতিৰে এক আনুষ্ঠানিকতা ৰক্ষা কৰা। চাবলৈ গ’লে সৰু-সুৰা এক উদযাপন, যিদৰে আমাৰ মাঘ বা ভোগালী বিহু পতা হয়, খেতি চপোৱাৰ পিছত যিদৰে নৰা কটা, মৰণা মৰা আদিবোৰ কৰা হয়, ঠিক তেনেকুৱাই কিছুখিনি উদযাপন হৈছিলে।
পিছে কালক্ৰমত সেই পৰম্পৰা হেৰাই গৈছিল। অৰ্থাৎ আজিৰ পৰা প্ৰায় ২০ বছৰৰ আগৰ পৰা এই পৰম্পৰা পালন বন্ধ হৈয়েই পৰিছিলে। পিছে বিগত বৰ্ষৰ পৰা পাৰেংগটাৰ নাউল’ ৱেলফেয়াৰ ছ’চাইটি, মুহান, কেফে কালিম্পঙ আৰু ৱাৰ্ণামালা পৰিৱাৰৰ সামূহিক সৌজন্যত এই লুপ্ত হ’ব ধৰা পৰম্পৰাক পুনৰাই উজ্জীৱিত কৰাৰ প্ৰয়াস আৰম্ভ কৰা হৈছে।
অৰ্থাৎ বিগত ২০২১বৰ্ষৰ ডিচেম্বৰ মাহত পাৰেংগাটাৰত এই উৎসৱ অনুষ্ঠিত হৈ গৈছে। খেতি চপোৱাৰ লগত জড়িত আনুষাংগিক পৰম্পৰাৰ লগতেই ঠাইখনৰ প্ৰাকৃতিক সৌন্দৰ্য, লোক-সংস্কৃতি,খাদ্যাভাস, গাওঁবাসীৰ জীৱনচৰ্যা-এই সকলোবোৰ বাহ্যিক জগতবাসীৰ আগত তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে। নেপালি ভাষাত “খ’লে”মানে হৈছে-নতুন চাউলৰ ভাত,আৰু “দাই” মানে হৈছে-খেতি চপোৱা কাৰ্য। এই খ’লে আৰু দাই দুয়োটি শব্দকেই সংযুক্ত কৰি “খ’লেদাই উৎসৱ”নামৰে নামাংকৃত এই উৎসৱটি পুনৰাই উদযাপন আৰম্ভ কৰা হৈছে। মূলতঃ কৃষিজীৱীসকলৰ বা কৃষিভিত্তিক উৎসৱ বুলিব পাৰে এই উৎসৱক।
বৰ্তমানৰ পৰিৱৰ্তিত সময়ৰ লগত তাল মিলাই এই শতিকা পুৰণি উৎসৱৰ পুনৰ-আৰম্ভণিত কিছু অন্যান্য দিশ বা কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে, পিছে এই উৎসৱৰ পুৰণি গৰিমা আৰু স্বকীয়তা অক্ষুণ্ণ ৰাখি। এই উৎসৱ উদযাপনৰ মাজেৰে মূলতঃ সাংস্কৃতিক ঐতিহ্য ৰক্ষা আৰু প্ৰদৰ্শন কৰা, গ্ৰাম্য পৰ্যটন আৰু থলুৱা সংগীত, নৃত্য আদিক একত্ৰ কৰি বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰাৰ এক প্ৰচেষ্টা কৰা হৈছে,আৰু এইখিনিতেই এই উৎসৱটি আন এনেধৰণৰ উৎসৱবোৰৰ পৰা পৃথক।
এই উৎসৱ উদযাপনৰ কিছু লক্ষ্য-উদ্দেশ্য নিৰ্ধাৰিত আছে। যেনে-পৰপম্পৰাগত সংস্কৃতিক আগুৱাই নিয়াৰ লগতে সংৰক্ষণো কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে চানেকি গঢ়ি তোলা,পাহাৰীয়া অঞ্চলত খেতি কৰাৰ গুৰুত্ব সম্পৰ্কে সজাগতা বৃদ্ধি আৰু ইয়াৰ এক সুদৃঢ় ভৱিষ্যতৰ ভেটি প্ৰতিষ্ঠা কৰা, গ্ৰাম্য পৰ্যটনৰ যোগেদি গাওঁবাসীৰ বাবে ন ন সম্ভাৱনাৰ বাট প্ৰশস্ত কৰা,সাংস্কৃতিক আদান-প্ৰদান, ভিন্ন লোকশিল্পীৰ চৰ্চাক এখনি মঞ্চ প্ৰদান কৰা ইত্যাদি।
ইয়াৰ লগতেই এই উৎসৱ উদযাপন, সম্পূৰ্ণৰূপে স্থানীয় প্ৰাকৃতিকভাৱে উপলব্ধ সামগ্ৰীৰ সহায়ত কৰা আৰু ন্যুনতম পেলনীয়া সামগ্ৰী বৰ্জিত এক উৎসৱ ৰূপে পালনৰ প্ৰতিও লক্ষ্য ৰখা হৈছে। তদুপৰি কালিম্পঙৰ গ্ৰাম্য পৰিবেশ অটুট ৰাখি, তাত দীৰ্ঘস্থায়ী হোৱাকৈ গ্ৰাম্য পৰ্যটনক আগবঢ়াই নিয়াৰ প্ৰতিও লক্ষ্য ৰখা হৈছে।
লোক আৰু স্থানীয় কলা-সংস্কৃতিও এই উৎসৱৰ এক অবিচ্ছেদ্য অংগ। বিভিন্ন স্থানীয় লোকনৃত্য,যেনে-মাৰিনি নৃত্য,চিল্লি নৃত্য,টামাংগ চেল’,পালাম গীতৰ লগতে সম্প্ৰদায়টিৰ মাজত চৰ্চিত সুকীয়া লোক সংস্কৃতিৰ সমলসমূহক সামৰি লোৱা হয়। তদুপৰি এই উৎসৱত নেপাল,চিক্কিম,দাৰ্জিলিং,কালিম্পঙ,অসম আৰু মণিপুৰৰ লোক-সংগীতক প্ৰদৰ্শন কৰাও এই উৎসৱ উদযাপনৰ এক অংশ। বিগত বৰ্ষতো অসমৰ পৰা শিল্পীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলে আৰু এইবাৰো কৰিব।
যান্ত্ৰিকতাৰ পৃথিৱীখনত দৈনন্দিন জীৱনচৰ্যা পৰা আঁতৰি, অলপ মুকলি উশাহ,বতাহ আৰু প্ৰাকৃতিক পৰিবেশত কিছু সময় প্ৰকৃতিৰ সৈতে একাত্ম হৈ কটাবলৈ বিচৰা এক অতি স্বাভাৱিক কথা হৈ পৰিছে বৰ্তমান সময়ত। পেৰেংগাটাৰ এক উপযুক্ত স্থান,এনে সময় কটাবৰ বাবে। লগতেই সহজ-সৰল গাওঁবাসীৰ সংগ আৰু আতিথ্যও আন এক খুবেই যোগাত্মক দিশ এই উৎসৱৰ। বৰ্তমান সময়ত আমি যিমানেই যি কৰি আগুৱাই নেযাঁও কেলৈ,আমাৰ শিপা-মাটি আৰু খেতিৰ লগতেই সংপৃক্ত এতিয়াও। সেইখিনিৰ লগত পুনৰাই এবাৰ সংযুক্ত হ’ব পৰাকৈ এক নিভাঁজ গ্ৰাম্য পৰিবেশ পেৰেংগাটাৰত পাব। চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত অংশ ল’ব বিচৰা লোকসকলৰ বাবে গাঁৱৰ মানুহৰ ঘৰতে থাকিব (হ’ম ষ্টে)ৰ ব্যৱস্থাৰ লগতেই টেন্টৰ ব্যৱস্থাও কৰা হৈছে।
গ্ৰাম্য আৰু কৃষিভিত্তিক পৰ্যটনৰ এনে এক সুকীয়া প্ৰয়াস দেখিবলৈ খুব কমেইহে পোৱা যায়। পৰম্পৰাগতভাৱে চলি অহা ৰীতি-নীতি,বিভিন্নধৰণৰ শৈলী,কৃষ্টি-সংস্কৃতি-এই সকলোবিলাকেই জীয়াই ৰাখিবলৈ,পৰৱৰ্তী প্ৰজন্মলৈ আগবঢ়াই দিয়াৰ লগতে বাহ্যিক জগতবাসীকো জনোৱাৰ প্ৰয়াস এই উৎসৱ। লগতেই গাওঁবাসীৰ মুখেৰে অলিখিত ইতিহাস আৰু অতীত কাহিনী শুনাৰ আমেজো একেবাৰেই সুকীয়া। এনেদৰে বাহিৰৰ কোনো এজন ব্যক্তি সেই গাঁৱৰ মাটি আৰু শিপাৰ সৈতে সংযুক্ত হ’বলৈয়ো পাৰে।
ইয়াৰ লগতে এই উৎসৱ উদযাপনৰ জড়িয়তে গাঁৱৰ লোকসকলক বা উঠি অহা প্ৰজন্মক সংস্থাপনৰ বাট মুকলি কৰি দিয়াৰ প্ৰয়াসো কৰা হৈছে। পৰ্যটনৰ লগতেই,হস্তশিল্প,অনুষ্ঠান উদযাপনৰ কাৰিকৰী জ্ঞান,পেলনীয়া বা বজ্য সামগ্ৰীৰ ব্যৱস্থাপনা,বিপণন পদ্ধতি আদিৰ বিষয়েও এই উৎসৱ উদযাপন এক প্ৰশিক্ষণৰ দৰে হৈ পৰে। যিহেতু একেবাৰেই চালুকীয়া বা প্ৰাৰম্ভিক পৰ্যায়ত আছে এই উৎসৱৰ উদযাপন, তথাপি পৰৱৰ্তী সময়ত অনুষ্ঠানৰ আয়োজকসকলৰ এনেধৰণৰ উৎসৱ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যতো অনুষ্ঠিত কৰাৰ পৰিকল্পনা আছে। ই নিশ্চয়কৈ অসমৰ থলুৱা লোক-সংস্কৃতিক জীপাল কৰি ৰখাৰ লগতে কৃষিজীৱী লোকৰ শিপাক উপলব্ধি কৰাৰ ক্ষেত্ৰত এক ন-দিশা দিয়াৰ সম্ভাৱনাপূৰ্ণ হ’ব।
যদিহে অনাগত ডিচেম্বৰৰ ১৫ ৰ পৰা ১৮ তাৰিখলৈকে অনুষ্ঠিত হ’বলগীয়া এই উৎসৱ উদযাপনৰ আপুনিও এক অংশ হ’ব বিচাৰে,আয়োজকমণ্ডলীৰ লগত যোগাযোগ কৰিবৰ বাবে ৱেবছাইট আৰু ফ’ন নাম্বাৰ লগত সন্নিবিষ্ট কৰি দিয়া হৈছে। ফ’ন- ৯৩৩৯০৭০৮২৫, ৱেবছাইট- https://www.muhaan.in/kholey-dai-fest ।