বংগোপসাগৰত বৃদ্ধি পাইছে বছৰৰ প্ৰথমটো ঘূৰ্ণীবতাহৰ শক্তি; ক’ত পৰিব প্ৰভাৱ?

WhatsApp Image 2022-03-17 at 6.43.54 PM

চলিত বছৰৰ প্ৰথমটো ঘূৰ্ণীবতাহে বংগোপসাগৰত অহা ২১ মাৰ্চত ত্ৰাসৰ সৃষ্টি কৰিব বুলি বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিছে। এবাৰ ঘূৰ্ণীবতাহলৈ ৰূপান্তৰিত হ’লে ইয়াৰ নাম হ’ব ‘আছানি’। বছৰটোৰ প্ৰথম এই ঘূৰ্ণীবতাহৰ নামকৰণ কৰিছে শ্ৰীলংকাই।  

বতৰ বিজ্ঞান বিভাগে অৱশ্যে জানিবলৈ দিয়া মতে ভাৰতৰ মূল ভূখণ্ডত এই ঘূৰ্ণীবতাহে প্রভাৱ নেপেলায়। এই সম্ভাৱ্য ঘূৰ্ণীবতাহ বাংলাদেশ আৰু উত্তৰ ম্যানমাৰৰ দিশে গতি কৰিছে।

অহা ২০ আৰু ২১ মাৰ্চত এই ঘূৰ্ণীবতাহে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ অতিক্ৰম কৰিব। ইয়াৰ ফলত দুদিন ধৰি দ্বীপপুঞ্জটোত প্ৰবল বৃষ্টিপাত হ’ব। বুধবাৰে বংগোপসাগৰত সৃষ্টি হোৱা নিম্নচাপ বৃহস্পতিবাৰে পুৱাই ভাৰত মহাসাগৰ সংলগ্ন পূব-উত্তৰ পূব দিশলৈ আগবাঢ়িছে।  

লগতে পঢ়ক: অসমৰ বজাৰলৈ আহিল জেলেনস্কি

বতৰ বিজ্ঞান বিভাগে জনাইছে যে বৰ্তমান এই ঘূৰ্ণীবতাহ বাংলাদেশ আৰু উত্তৰ ম্যানমাৰৰ দিশে অগ্ৰসৰ হৈছে। অহা ২২ মাৰ্চত এই ঘৰ্ণীবতাহে উপকূলত খুন্দিয়াব পাৰে। ধুমুহা যিমানেই আগবাঢ়িব তাৰ লগে লগে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত বৰষুণৰ পৰিমানো বৃদ্ধি পাব।

শুকুৰবাৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ছেগাছোৰোকাকৈ প্ৰবল বৰষুণ হোৱাৰ আগজাননী দিয়া হৈছে। সাগৰত ঘূৰ্ণীবতাহৰ ব্যাপক প্ৰভাৱ পৰিব। সেয়ে মাছমৰীয়াসকলক ১৭ মাৰ্চৰ পৰা ২২মাৰ্চলৈকে আন্দামান সাগৰলৈ যোৱাটো নিষিদ্ধ কৰা হৈছে। উপকূলীয় অঞ্চলত প্ৰতি ঘন্টাত ধুমুহাৰ গতিবেগ ৫০ৰ পৰা ৬০ কিলোমিটাৰ হোৱাৰ আশংকা কৰা হৈছে।