• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে! হিমন্ত বিশ্ব শৰ্মাক অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2025 8:40 pm
164
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ পশ্চিম প্ৰান্তৰ তিনিখন জিলাত শনিবাৰে ৰেড এলাৰ্টত জাৰি কৰা হৈছে। দেওবাৰেও অসমৰ বান পৰিস্থিতি শোচনীয় হৈয়েই আছে কাৰণ ১০খন বৃহৎ নদী বিপদৰ সীমাৰ ওপৰেৰে বৈ গৈছে। আৰু ১৫খনতকৈও অধিক জিলাৰ ৭৮ হাজাৰ লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

ৰাজ্যখনত বানপানী আৰু ভূমিস্খলনত এতিয়ালৈকে ৮ জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। বান পানীৰ বাবে ১৫খনতকৈও অধিক জিলাৰ ৭৮ হাজাৰৰো অধিক বাসিন্দা ক্ষতিগ্ৰস্ত হৈছে বুলি বিষয়াসকলে সদৰী কৰিছে। বান আৰু ভূমিস্খলনৰ ফলত পথ পৰিবহণ, ৰে’ল চলাচল আৰু ফেৰী সেৱাও ক্ষতিগ্ৰস্ত হৈছে।

ব্ৰহ্মপুত্ৰ আৰু বৰাককে ধৰি ১০খন ডাঙৰ নদী বিপদ সীমাৰ ওপৰেৰে বৈ যোৱাত কেন্দ্ৰীয় জল আয়োগে ভয়াৱহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ বাবে অৰেঞ্জ বুলেটিন জাৰি কৰিছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, দুদিনৰ বাবে দুলাবচেৰা-শিলচৰ যাত্ৰীবাহী ৰে’ল, শিলচৰ-দুলাবচেৰা যাত্ৰীবাহী ৰে’ল আৰু বদৰপুৰ-দুলাবচেৰা-বদৰপুৰ যাত্ৰীবাহী ৰে’ল দুদিনৰ বাবে বাতিল কৰা হৈছে।

তেওঁ কয় যে গুৱাহাটী-দুলাবচেৰা-গুৱাহাটী ৰে’লখন কেৱল বৰাইগ্ৰামৰ পৰা/বৰাইগ্ৰামলৈ চলাচল হ’ব আৰু মঙলবাৰলৈকে বৰাইগ্ৰাম আৰু দুলাবচেৰাৰ মাজত বাতিল হৈ থাকিব।

বিষয়াসকলে জনোৱা মতে,শনিবাৰৰ পৰা  কামৰূপ জিলাৰ চয়গাঁও অঞ্চলৰ শিঙৰা শলানিবাৰীৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথ–১৭ৰ এটা অংশৰ ওপৰেৰে পানী পাৰ হৈ আছে।

তেওঁ কয় যে মুষলধাৰ বৰষুণ আৰু চুবুৰীয়া মেঘালয়ৰ পৰা বৈ অহা পানীয়ে অঞ্চলটোৰ পৰিস্থিতি আৰু অধিক ভয়াৱহ কৰি তুলিছে। বিকল্প পথ ব্যৱহাৰ কৰি যান-বাহন চলাচলৰ সুবিধাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

বিষয়াসকলে জনোৱা মতে, ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে যোৰহাট-মাজুলীৰ মাজত ফেৰী সেৱা তাৎক্ষণিকভাৱে স্থগিত ৰখা হৈছে। ডিব্ৰুগড় আৰু নেমাতীঘাট (যোৰহাট)ত ব্ৰহ্মপুত্ৰ বিপদৰ স্তৰৰ ওপৰেৰে বৈ আছে বুলি চি ডব্লিউ চিৰ বুলেটিনত উল্লেখ কৰা হৈছে।

বিপদ সীমা অতিক্ৰম কৰা আন নদীসমূহৰ ভিতৰত ঘৰমুৰা (হাইলাকান্দি), ধোলাই (কাছাৰ)ৰ ৰুকনি, মাটিজুৰি (হাইলাকান্দি)ৰ কটাখাল, বদৰপুৰ ঘাট (শ্ৰীভূমি)ৰ বৰাক, মাৰ্ঘেৰিটা (তিনচুকীয়া) আৰু (নগাঁও)ৰ বুৰিডেহিং আদি নদীসমূহৰ ভিতৰত আছে বুলি জানিব পৰা গৈছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা চমুকৈ এএছডিএমএৰ তথ্য অনুসৰি শনিবাৰে সন্ধিয়ালৈকে ভূমিস্খলনত ৫ জন আৰু বানত তিনিজন লোকৰ মৃত্যু হৈছে।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ (আৰ এম চি)ৰ তথ্য অনুসৰি শনিবাৰে ৰাজ্যৰ পশ্চিম প্ৰান্তৰ তিনিখন জিলা ৰেড এলাৰ্ট আৰু আৰু ৮খন কমলা এলাৰ্টত জাৰি কৰাৰ  বিপৰীতে অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ উৰ্ধমুখী অঞ্চলৰ পৰা অহা বৰষুণৰ পানীয়ে অসমৰ বান পৰিস্থিতি আৰু অধিক ভয়াৱহ কৰি তুলিছে।

এনডিআৰএফ, এছডিআৰএফ, আৰক্ষী, অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ কৰ্মীকে ধৰি কেইবাটাও সংস্থাই সাহায্য আৰু উদ্ধাৰ অভিযানত জড়িত হৈ পৰিছে, আৰু বানপীড়িত অঞ্চলৰ পৰা মানুহক নিৰাপদে উলিয়াই অনা হৈছে বুলি বিষয়াসকলে জনাইছে।

ৰাজ্য খন এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ নিৰ্দেশ দিছে।

Tags: AmitShahASDMAAssamDisasterAssamFloods2025AssamNewsBrahmaputraRiverDisasterManagementFloodAlertHimantaBiswaSarmaIndianWeatherNDRFNortheastIndia

Recent News

১৫ আগষ্টৰ ভিতৰত ৫টা বিবাদিত অঞ্চলত চাৰিসীমাৰ খুঁটা স্থাপন কৰিব অসম আৰু মেঘালয়ে

১৫ আগষ্টৰ ভিতৰত ৫টা বিবাদিত অঞ্চলত চাৰিসীমাৰ খুঁটা স্থাপন কৰিব অসম আৰু মেঘালয়ে

গৌৰী লংকেশ হত্যাকাণ্ডৰ মূল সাক্ষীক ভাবুকি! ন্যায় পাবনে এই নিৰ্ভীক সত্তাই?

গৌৰী লংকেশ হত্যাকাণ্ডৰ মূল সাক্ষীক ভাবুকি! ন্যায় পাবনে এই নিৰ্ভীক সত্তাই?

পুৱা উঠাৰ লগে লগে মূৰৰ বিষ! সম্ভাৱ্য কাৰণ আৰু নিৰাময় সন্দৰ্ভত কি কয় বিশেষজ্ঞই?

পুৱা উঠাৰ লগে লগে মূৰৰ বিষ! সম্ভাৱ্য কাৰণ আৰু নিৰাময় সন্দৰ্ভত কি কয় বিশেষজ্ঞই?

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd