শোষণৰ চূড়ান্ত পৰ্যায় : শ্ৰমিকৰ জীৱনৰ সৈতে হেতালি খেলিছে মহানগৰ পৌৰ নিগমে

শ্ৰমিক নে দাস যেন ধৰিবই নোৱাৰি। গুৱাহাটীৰ নলা-নৰ্দমা চাফা কৰা আৰু জাৱৰ চাফা কৰা শ্ৰমিক তথা চাফাই কৰ্মচাৰী সকলৰ জীৱনৰ লগত দীৰ্ঘদিন ধৰি হেতালি খেলি আহিছে গুৱাহাটী পৌৰ নিগম তথা মহানগৰ প্ৰশাসনে। 

জাৱৰ চাফাই কৰ্মী সকলৰ লগতে নলা-নৰ্দমাৰ চাফাই কামত নিয়োজিত শ্ৰমিক সকলৰ জীৱনৰ সুৰক্ষাৰ কথা নাভাবি অসুৰক্ষিতভাবে কাম কৰিবলৈ বাধ্য কৰাইছে মহানগৰ প্ৰশাসনে। অতি কদৰ্য্যময় পৰিৱেশত নিতৌ কাম কৰিবলগীয়া হয় এইসকল শ্ৰমিকে। পৌৰ নিগম বা চৰকাৰে তেওঁলোকক প্ৰদান নকৰে কোনোধৰণৰ সুৰক্ষা সঁজুলি।

সুৰক্ষা সঁজুলিৰ অবিহনেই এই সকল শ্ৰমিকে নিতৌ খালী হাতেৰে মানুহৰ লেতেৰা জাৱৰ পৰিস্কাৰ কৰাৰ লগতে নৰ্দমা চাফাই কৰিবলৈ নামি যাবলগীয়া হয় লেতেৰা নৰ্দমা সমূহলৈ। 

সুৰক্ষা সঁজুলিৰ উদাহৰণ

উল্লেখ্য যে , আজিৰ যুগত নলা নৰ্দমা চফা কৰা ইমানবোৰ অত্যাধুনিক সঁজুলি বা প্ৰযুক্তি থকাৰ পিছতো এই সকল শ্ৰমিকে সোঁশৰীৰে নলা নৰ্দনাৰ লেতেৰা পানীত নামি চাফাইৰ কাম কৰিবলগীয়াটো অত্যন্ত পৰিতাপৰ কথা।  তথাপি এই সকল শ্ৰমিকে কোনো দিনে লাভ নকৰে সুৰক্ষা সঁজুলি।

পেটৰ তাড়নাত মাত্ৰ কেইটামান টকাৰ বাবে এনেদৰে সুৰক্ষাৰ অবিহনে অস্বাস্থ্যকৰ পৰিৱেশত কাম কৰাৰ বাবে বিভিন্ন জটিল ৰোগত আক্ৰান্ত হ’বলগীয়া হয় এই সকল দৰিদ্ৰ শ্ৰমিক। আনকি ৰোগত আক্ৰান্ত হোৱাৰ পিছত চিকিৎসা কৰিবলৈ তেওঁলোকে লাভ নকৰে শ্ৰমিকৰ বিশেষ চিকিৎসাৰ সুবিধা। যাৰ বাবে বহু লোকে অস্বাস্থ্যকৰ পৰিৱেশত কাম কৰাৰ ফলত অকালতে প্ৰাণ হেৰুৱাব লগীয়া হয়। 

উল্লেখ্য যে মাত্ৰ কেইটামান টকা খৰচ কৰিয়েই এই সকল শ্ৰমিকক যোগান ধৰিব পৰা জোতা, মাক্স, হাত মোজা, বিশেষ পোছাক। কিন্তু যাগ-যজ্ঞ পাতি, অথযা বিজ্ঞাপন দি, বিশ্ব ৰেকৰ্ডৰ নামত কোটি কোটি টকা শৰাধ কৰা চৰকাৰখনৰ পকেটৰ পৰা শ্ৰমিকৰ সুৰক্ষাৰ বাবে মাত্ৰ কেইলাখমান টকা ওলাই নাহে। বোধহয় , দৰিদ্ৰ শ্ৰমিকৰ কৰেৰে নিজৰ ভঁৰাল টনকিয়াল কৰা নেতাসকলে মানুহ বুলিয়েই গণ্য নকৰে এই শ্ৰমিকসকলক।