গোৱালপাৰা কোৱাৰেন্টাইন চেণ্টাৰে মনা নাই কোনো ধৰণৰ প্ৰটকল; অভিযোগ এগৰাকী UPSC ছাত্ৰীৰ

"নিৰ্ধাৰিত সময় পাৰ হৈ যোৱাৰ পাছতো কোৱাৰেন্টাইন চেণ্টাৰতে ৰখা হৈছে লোকক, নতুনকৈ আনি আছে বহু লোক"

index.jpg656

বহিঃ ৰাজ্যৰ পৰা ট্ৰেইন বাছ যোগে প্ৰতিদিনে অসমলৈ অনা হৈছে বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকসকলক।

তেনে সময়তে গোৱালপাৰা কোৱাৰেন্টাইন চেণ্টাৰে মনা নাই কোনো ধৰণৰ প্ৰটক’ল।

এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে চেণ্টাৰটোত কোৱাৰেন্টাইন হৈ থকা এগৰাকী মুম্বাইত UPSC অধ্যয়নৰত ছাত্ৰী আয়েশাই।

নৰ্থ ইষ্ট নাওৰ আগত আয়েশাৰ গুৰুতৰ অভিযোগ “পূৰ্বৰ কোভিড-১৯ পৰীক্ষাত নিগেটিভ অহাৰ পাছতো কোৱাৰেন্টাইন চেণ্টাৰৰ পৰা যাবলৈ দিয়া হোৱা নাই। কিন্তু প্ৰতিদিনে নতুন নতুন লোকক আনি থকা হৈছে চেণ্টাৰটোলৈ।”

উল্লেখযোগ্য যে, যোৱা ২৩ মাৰ্চত দিল্লীৰ পৰা আহি গোৱালপাৰাৰ দস্তিনগৰৰ নিজ বাসগৃহতে তেওঁ আৰু তেওঁৰ পিতৃ কোৱাৰেন্টাইন হৈ আছিল। কিন্তু উক্ত অঞ্চলত যোৱা ৫ মে’ত এজন ইমাম এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছতে তেওঁলোকক গোৱালপাৰা কলেজ কোৱাৰেন্টাইন চেণ্টাৰলৈ লৈ অনা হৈছিল।

আজি চেণ্টাৰটোত তেওঁ আৰু তেওঁৰ পিতৃয়ে ১১ দিন অতিক্ৰম কৰিছে।

আয়েশাই জনোৱা অনুসৰি এই ১১ দিনত তেওঁলোকৰ দুবাৰকৈ স্বাৱ চেম্পল সংগ্ৰহ কৰা হ’ল আৰু তৃতীয় টেষ্ট কৰিবলৈ বাকী আছে।

কিন্তু পূৰ্বৰ দুটা ফলাফলৰ ৰিজাল্ট বৰ্তমানলৈকে লাভ কৰা নাই ছাত্ৰীগৰাকী আৰু তেওঁৰ পিতৃয়ে।

দুয়োগৰাকীয়ে ১৪ দিনৰ কোৱাৰেন্টাইন শেষ হোৱালৈ অপেক্ষা কৰি আছে যদিও তেওঁলোকৰ লগৰ এটা পৰিয়ালক ১৯ দিন ধৰি ৰখাই থোৱা হৈছে চেণ্টাৰটোত।

যুৱতীগৰাকীয়ে উল্লেখ কৰা অনুসৰি পৰিয়ালটোৰ মফিজুদ্দিন আহমেদ নামৰ সদস্যজন যোৱা ২৭ এপ্ৰিলত ক’ৰ’ণাত আক্ৰান্ত হৈছিল আৰু তাৰ পাছতে তেওঁৰ পৰিয়ালৰ সদস্যক অনা হৈছিল চেণ্টাৰটোলৈ। আজি চেণ্টাৰটোত ১৯ দিন উকলিব পৰিয়ালটোৰ।

তাৎপৰ্যপূৰ্ণভাৱে মফিজুদ্দিনক যোৱা ১৩ মে ৰ দিনা গুৱাহাটী MMCH ৰ পৰা মুক্তি দিয়া হয় যদিও এতিয়ালৈকে পৰিয়ালটোক কেতিয়া মুকলি কৰি দিয়া হ’ব তাক লৈ এতিয়াও একো নিশ্চিত হোৱা নাই বুলি আয়েশাই অভিযোগ কৰে।

আয়েশাই আৰু কয় “বৰঞ্চ দৈনিক নতুন নতুন লোকক অনা হৈছে কোৱাৰেন্টাইন চেণ্টাৰটোলৈ। তেওঁলোকক গেটৰ বাহিৰত এৰি দি প্ৰশাসনৰ লোকে তেওঁলোক কোন কোঠাত থাকিব সেয়া নিৰ্দিষ্ট কৰি নিদিয়ে।”

ইপিনে পূৰ্বৰে পৰা কোৱাৰেন্টাইন হৈ থকা লোকসকলে সামাজিক দূৰত্ব বৰ্তাই ৰাখি পৃথক পৃথককৈ আছে আছে আৰু পৃথক বাথৰুম ব্যৱহাৰ কৰি আহিছে বুলিও তেওঁ কয়।

“তেনে পৰিপ্ৰেক্ষিতত এনেকৈ দৈনিক নতুন মানুহ আনি থাকিলে কেনেকৈ সামাজিক দূৰত্ব বৰ্তাই ৰাখিম? কেনেকৈ পৃথককৈ বাথৰুম ব্যৱহাৰ কৰিব পাৰিম? যদি নতুনকৈ অহা কোনো ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত লোকে বাথৰুম ব্যৱহাৰ কৰে তেন্তে তাৰ পৰা আমাৰ ভাইৰাছ সংক্ৰমণ নহ’ব নেকি?” ভুক্তভোগী যুৱতীগৰাকীৰ গোৱালপাৰা জিলা প্ৰশাসনলৈ প্ৰশ্ন।

ইতিমধ্যে কোৱাৰেন্টাইন চেণ্টাৰৰ কৰ্তৃপক্ষক তেওঁলোকৰ সমস্যা বোৰৰ বিষয়ে অৱগত কৰিছে যদিও কোনোধৰণৰ গুৰুত্ব আৰোপ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে।