• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰে নোৱাৰিলে! : অৱশেষত ৬ নং দফাৰ প্ৰতিবেদন ৰাজহুৱা কৰিলে আছুৱে

বৃহত্তৰ অসমীয়া জাতিৰ সুৰক্ষা নিশ্চিত হোৱাকৈ কি কি আছে এই প্ৰতিবেদনত?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 11, 2020 5:39 pm
86dd9c8b-bb53-4695-83cb-29b162ab17f2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অপেক্ষাৰ অন্ত পৰিল। অসমৰ জনসাধাৰণৰ মনত থকা বহুদিনীয়া প্ৰশ্ন এটাৰ উত্তৰ ৰাজহুৱা কৰিলে সদৌ অসম ছাত্ৰ সন্থাই।

বন্ধ খামত যোৱা ফেব্ৰুৱাৰি মাহতে ৬ নং দফা সন্দৰ্ভত উচ্চস্তৰীয় কমিটিয়ে মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰিছিল প্ৰতিবেদন। উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত গঠিত কমিটিখনে সেই প্ৰতিবেদনত কি আছিল সেয়া আজি পৰ্যন্ত ৰাজহুৱা কৰা নাছিল।

অৱশেষত মহানগৰীৰ উজানবজাৰস্থিত আছুৰ শ্বহীদ ন্যাসত এক সংবাদমেল সম্বোধন কৰি এই প্ৰতিবেদনত কি কি উল্লেখ আছে সেয়া ৰাজহুৱা কৰে আছু নেতৃত্বই।

এই সন্দৰ্ভথ সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় ‘এই প্ৰতিবেদনৰ লক্ষ্য আৰু উদ্দেশ্য আছিল অসমৰ খিলঞ্জীয়া লোকৰ সাংবিধানিক সুৰক্ষা কৱচ নিশ্চিত হ’ব লাগিব। আমি সময় মতে আমাৰ প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়ালো। কিন্তু আজি পৰ্যন্ত সেইখন কাৰ্যকৰী নকৰিলে। উচ্চস্তৰীয় কমিটিয়ে আজিলৈকে কাৰ্যকৰী কৰিবলৈ যো-জা কৰি আছো বুলিও নক’লে।‘

‘কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে কা আন্দোলনৰ সময়ত প্ৰতিবেদন কাৰ্যকৰী কৰিম বুলি কৈ আছিল। আনকি দাঢ়ি কমা পৰ্যন্ত কাৰ্যকৰী কৰিম বুলি সংসদত ঘোষণা কৰিছিল। কিন্তু আজিলৈকে প্ৰতিবেদনখনেই ৰাজহুৱা নকৰিলে।‘ ভট্টাচাৰ্যই লগতে কয়।

ইপিনে, চুক্তিৰ কেইটামান দফা সংশোধন কৰা হৈছে বুলি উল্লেখ কৰি ভট্টাচাৰ্যই কয় ‘কমিটিৰ প্ৰত্যোকটো দফা কাৰ্যকৰী কৰিবলৈ একোখন টাইম বণ্ড একশ্যন প্লেন লাগিব। বিদেশী নাগৰিক চিনাক্তকৰণ, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন, আৰু বহিস্কাৰ কৰিবলৈ সময় নিৰ্দিষ্ট কাৰ্যসূচী লাগিব। চুক্তিৰ ৫.১ ৰ পৰা ৫.৯ দফালৈকে কোনোধৰণৰ লৰচৰ কৰিব নোৱাৰিব।‘

‘ভাৰত বাংলাদেশৰ সীমা পাকিস্তানৰ সীমাৰ দৰে সুৰক্ষিত হ’ব লাগে। ‘৭১ ৰ পাছত অহা বিদেশী বহিস্কাৰ হ’বই লাগিব। যদি নোৱাৰে তেন্তে অসমক বাদ কৰি অন্য ৰাজ্যলৈ বিদেশীখিনিক লৈ যাব লাগে। অসম কেতিয়াও অবৈধ বাংলাদেশীৰ ডাষ্টবিন নহয়।‘ ভট্টাচাৰ্যই লগতে কয়।

তেওঁ আৰু কয় ‘অসমীয়া খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া মানুহৰ বাবে সংসদ, অসম বিধান সভা, স্থানীয় নিগম-নিকায় সমূহত আসন সংৰক্ষণৰ ব্যৱস্থা কৰা। কেন্দ্ৰীয় চৰকাৰৰ টাৰ্মছ অৱ কণ্ডিচনত সংসদ শব্দটো নাই। যিহেতু ভি কে পিল্লাই কমিটিত ইতিমধ্যে সিদ্ধান্ত হৈ আছে। গতিকে সংসদৰ ক্ষেত্ৰতো আসন সংৰক্ষণ লাগিব।আসন সংৰক্ষণৰ বাবেহে অসমীয়াৰ সংজ্ঞা নিৰূপন কৰা হৈছে। ১৯৫১ চনৰ পৰা ৭১ চনলৈকে ইতিমধ্যে বিদেশীৰ বোজা লোৱা বাবে ১৯৫১ চনৰ আগৰ মানুহখিনিৰ বাবেহে সাংবিধানিক সুৰক্ষা কৱচৰ কথা কোৱা হৈছে। ১৯৫১-৭১ চনলৈকে থকাখিনি কেৱল ভাৰতীয় নাগৰিক হিচাপেহে থাকিব। ১৯৫১ চনৰ আগৰ ভাৰতীয় নাগৰিকৰ সতি সন্ততিসহ এই অসমীয়াৰ সংজ্ঞা নিৰূপন কৰা হৈছে।‘

‘পাছত প্ৰতিবেদনৰ বিষয়ে যি আলোচনা হ’ব সেয়া এইটো অসমীয়া সংজ্ঞা অনুসৰিয়েই হ’ব। সংসদ, বিধানসভা নিগম নিকায় ইত্যাদিৰ ক্ষেত্ৰত ১০০ শতাংশই আসন সংৰক্ষণৰ কথা কোৱা হৈছে। কমিটিৰ বাকী সদস্যসকলে ৮০ শতাংশ আসন সংৰক্ষণ বিচাৰিছিল যদিও আছুৱে ১০০ শতাংশই বিচাৰিছে।‘ তেওঁ এইদৰে কয়।

ষষ্ঠ অনুসূচীৰ অন্তৰ্গত স্বায়ত্ত পৰিষদ এলেকা বা বিটিএডিত অন্যান্য লোকসকলৰো অধিকাৰ সু-নিশ্চিত হ’ব লাগিব বুলি প্ৰতিবেদন উল্লেখ কৰা হৈছে বুলি তেওঁ জনায়।

ভট্টাচাৰ্যই লগতে জনোৱা অনুসৰি অসমৰ ক্ষেত্ৰত উচ্চ সদনৰ ব্যৱস্থা কৰিব লাগিব বুলিও প্ৰতিবেদনত উল্লেখ আছে। চাকৰিৰ ক্ষেত্ৰতো খিলঞ্জীয়াৰ ১০০ শতাংশ আসন সংৰক্ষণ লাগিব বুলি প্ৰতিবেদনৰ জৰিয়তে দাবী জনোৱা হৈছে।

তেওঁ আৰু কয় ‘মাটিৰ অধিকাৰ কেৱল খিলঞ্জীয়াৰ হাতত থাকিব লাগিব। মাটি বেচা কিনাৰ অধিকাৰ কেৱল খিলঞ্জীয়াৰ থাকিব। খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ৰক্ষা কৰিব পৰাকৈ লেণ্ড ট্ৰিবিউনেল নিৰ্মাণ কৰিব লাগে। চৰ অঞ্চলৰ ভূমি জৰীপ কৰিবলৈ প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

ইপিনে, আন্তঃৰাজ্যিক পাৰপত্ৰৰ ক্ষেত্ৰত অৰুণাচলৰ লগতে অসমতো লাগে বুলি প্ৰতিবেদনত জনোৱা হৈছে বুলি ভট্টাচাৰ্যই জনায়।

ইপিনে, ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে জ্যেষ্ঠ অধিবক্তা তথা উচ্চস্তৰীয় কমিটিৰ সদস্য নীলয় দত্তই এই সংবাদমেলৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুক প্ৰতিবেদন ৰাজহুৱা কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

তেওঁ কয়, আমি যিখন প্ৰতিবেদন দিছো তাৰ সকলো কথা শুদ্ধ বুলি মই নকওঁ। মানুহ মাত্ৰেই ভুল হয়। অসমৰ ৰাইজে জানিব লাগে যে তেওঁলোকৰ বিষয়ে কি কোৱা হৈছিল। আৰু যদি ৰাইজে যদি কিবা ক’ব বিচাৰে ক’ব পাৰিব লাগিব। চৰকাৰে নিজৰ কাম কৰি থাকিব।‘

আনহাতে, সংবাদমেলত উপস্থিত থকা আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে ৫ মাহে প্ৰতিবেদন ৰাজহুৱা নোহোৱাৰ বাবে আচৰিত হোৱা বুলি উল্লেখ কৰি লগতে কয়, ‘ৰাইজে প্ৰতিবেদনখন অতদিনে দেখা নাই। কিন্তু অতি ৰহস্যজনকভাৱে চৰকাৰ আৰু প্ৰশাসন যন্ত্ৰৰ সৈতে জড়িত একাংশ লোকে এই প্ৰতিবেদনখনত কি আছিল কেনেকৈ জানিলে। এনেকুৱা কিবা জটিল বিষয় উত্থাপন কৰাৰ বাবে কাৰ্যকৰী নহ’ব বুলি কবলৈ আৰম্ভ কৰিছিল।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

September 17, 2025 3:30 pm
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

September 17, 2025 3:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd