Bharat Ratna Bhupen Hazarika দশম মৃত্যু বাৰ্ষিকতো উকা হৈ ৰ’ল ভূপেন হাজৰিকাৰ কলিয়াবৰৰ কুঠৰীৰ বাসগৃহ। ভূপেন হাজৰিকাৰ সংগী হিচাপে ১৯৭৪ চনৰ পৰাই কুঠৰীৰ বাসগৃহটোত থকা সুৰেন নেওগৰ পত্নীয়ে অকলে স্মৰণ কৰিলে সুধাকণ্ঠক।
দশম মৃত্যু বাৰ্ষিকৰ আগতো মেৰামতি নহ’ল ভূপেন হাজৰিকাৰ কলিয়াবৰৰ পূব প্ৰান্তৰ মনোৰম কুঠৰীৰ ১৯৬৭তে সাজি উলিওৱা বাসগৃহটো৷
আজি ৫ নৱেম্বৰ, সুধাকণ্ঠৰ দশম মৃত্যু বাৰ্ষিক। কিন্তু এই দশম মৃত্যু বাৰ্ষিকতো সুধাকণ্ঠৰ একালৰ প্ৰানৱন্ত আৰু বৰ্তমানে জৰাজীৰ্ণ কলিয়াবৰৰ কুঠৰীৰ ঘৰখন উকা হৈয়ে পৰি ৰ’ল৷
উল্লেখ্য যে এই ঘৰটোতে জোনাকী নিশা নিৰলে বহি সুধাকণ্ঠই সৃষ্টি কৰিছিল বহু কালজয়ী গীত। কিন্তু বৰ্তমান এই ঘৰটোৰো অৱস্থা তথৈৱচ৷
’মন প্ৰজাপতি’ কথাছবিৰ একালৰ শ্বুটিং স্থলী এই বাসগৃহটোৰ বৰ্তমান জৰাজীৰ্ণ ৰূপ। সুধাকণ্ঠই জিৰণি লোৱা বিছনাখনো বৰ্তমানে ভগ্নাৱশেষৰ ৰূপত হে আছে।
দেশৰ ভিন্ন প্ৰান্তৰ ৰাইজৰ মৰম বুটলি লাভ কৰা বহু স্মাৰক আজি ঘৰটোৰ বেৰতেই উৱলি গৈছে। যেন জহি খহি যোৱাৰ উপক্ৰম হৈছে সুধাকণ্ঠৰ একালৰ প্ৰাণৱন্ত ঘৰখন৷
উল্লেখ্য যে, কাৰ্বিপাহাৰৰ নামনিত তেতিয়াতে ভূপেন হাজৰিকাই নিজা তত্ত্বাৱধানত নিৰ্মাণ কৰোৱাইছিল ঘৰটো৷ ঘৰটোৰ চৌহদত পাছফালেই আছে এটা প্ৰাণ চঞ্চল নিজৰা৷ ইয়ো সুধাকণ্ঠৰ এক সৃষ্টিৰ আকৰ৷
১৯৭৪ চনৰে পৰা ঘৰটোৰ তত্ত্বাৱধানত আছিল সুৰেণ নেওগ নামৰ ব্যক্তিজনৰ লগতে তেওঁৰ পৰিয়াল। আজিও ভূপেন দাৰ স্মৃতি সুঁৱৰি আবেগিক হৈ পৰে তেওঁলোক।
চৰকাৰী সদিচ্ছাৰ অভাৱে জুৰুলা কৰা ঘৰটোৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰখনে মাজুলীত হোৱা বিশেষ অধিৱেশনত বিশেষ প্ৰস্তাৱ লৈ সংৰক্ষণৰ ব্যৱস্থা ঘোষণা কৰিছিল আৰু মন্ত্ৰী বিমল বৰা আহি সুধাকণ্ঠৰ বাসগৃহটো সংৰক্ষণৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে অনতি পলমে কাম আৰম্ভ হোৱাৰ কথাও উল্লেখ কৰিছিল।
কিন্তু বৰ্তমানেও কাম আৰম্ভ নোহোৱা সুধাকন্ঠ ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিকীৰ দিনাও বাসগৃহটোৰ গেটত ওলমি ৰ’ল বৃহৎ আকাৰৰ এটা তলা।
উল্লেখ্য যে ১৪ বিঘা ভুমিৰে পৰিবেষ্টিত এই সুধাকণ্ঠৰ গৃহ চৌহদত আছে বহু মূল্যবান ফলমূলৰ লগতে ঔষধি গছ। একালত পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ থলী আছিল এই ঘৰখন।
কিন্তু বৰ্তমান জৰাজীৰ্ণ ৰূপ লোৱা ঘৰখনত সুধাকণ্ঠৰ মৃত্যু দিনা উকা হৈ ৰোৱা দেখা গ’ল।