সাধাৰণ নিৰ্বাচনত খালেদা জিয়াৰ প্ৰাৰ্থিত্বত বাংলাদেশ উচ্চ ন্যায়ালয়ৰ নিশেধাজ্ঞা

KhaledaZia_June21

বাংলাদেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী খালেদা জিয়াৰ প্ৰাৰ্থিত্ব খাৰিজক প্ৰত্যাহ্বান জনোৱা এখন লেখ আৱেদন বাংলাদেশ উচ্চ ন্যায়ালয়ে (High Court division) খাৰিজ কৰিছিল। দুৰ্নীতিৰ গোচৰত অভিযুক্ত বাংলাদেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী জিয়াই বৰ্তমান ১০ বছৰীয়া কাৰাবাস কটাই আছে।

উল্লেখ্য যে অহা ৩০ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া সংসদীয় নিৰ্বাচনৰ বাবে ব্গম জিয়াই মনোনয়নপত্ৰ দাখিল কৰিছিল। বাংলাদেশৰ আইনৰ অধীনত জিয়াৰ প্ৰাৰ্থিত্ব খাৰিজ কৰা হৈছিল। উল্লেখ্য যে বাংলাদেশৰ আইন অনুসৰি ২ বছৰতকৈ অধিক সময়ৰ বাবে কাৰাবাস বৰণ কৰা ব্যক্তিয়ে দেশখনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে।

১৮ ডিচেম্বৰ মঙলবাৰে বিচাৰক জেবিএম হাছানৰ এজনীয়া বিচাৰপীঠে খালেদা জিয়াৰ প্ৰাৰ্থিত্ব খাৰিজক প্ৰত্যাহ্বান জনোৱা এখন লেখ আৱেদন খাৰিজ কৰে।

এটৰ্নি জেনেৰেল মাহবুবে আলমে কৈছে যে খালেদা জিলাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নোৱাৰাটো এটাচূড়ান্ত সিদ্ধান্ত। ইয়াৰ পূৰ্বে বিচাৰপীঠখনে একক বিচাৰকৰ বিচাৰপীঠৰ ওপৰত জিয়াৰ অধিবক্তাই জনোৱা অনাস্থাৰ আৱেদন খাৰিজ কৰিছিল।

তাৰ পাছত বেগম খালেদা জিয়াৰ অধিবক্তাসকলে লেখ আৱেদনৰ ৰায়দান নুশুনাকৈ আদালত বৰ্জন কৰিছিল।উল্লেখ্য যে উচ্চ ন্যায়ালয়ে ১৭ ডিচেম্বৰ সোমবাৰে ৰায়দান স্থগিত কৰি আজিৰ দিনটো শুনানিৰ বাবে ধাৰ্য কৰিছিল।

প্ৰণিধানযোগ্য যে ১২ ডিচেম্বৰত মুখ্য ন্যায়াধীশ ছয়ীদ মহম্মদ হোছেইনে বেগম খালেদা জিয়াৰ প্ৰাৰ্থিত্বৰ আৱেদনৰ ওপৰত শুনানি গ্ৰহণ কৰাৰ বাবে এজনীয়া বিচাৰপীঠ গঠন কৰিছিল।