• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শোণিতপুৰ জিলাত দিনে ২,০০০লোকৰ ক’ভিড টেষ্ট কৰাৰ বাবে উপায়ুক্তক পৰামৰ্শ স্বাস্থ্য মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 3, 2020 7:30 am
Assam-health-minister-Himanta-Biswa-Sarma-in-Sonitpur-district-1140x570

শোণিতপুৰ ভ্ৰমণৰ সময়ত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিত্ত,আদি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে তেজপুৰত উপস্থিত হৈ শোণিতপুৰ জিলাখনৰ কোভিড ১৯ পৰিস্থিতিৰ পৰ্যালোচনা কৰে ৷

জিলাখনৰ তেজপুৰ আৰু ঢেকিয়াজুলিত শেহতীয়াকৈ বৃদ্ধি পোৱা ৰোগীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীগৰাকীয়ে প্ৰতি দিনে ২০০০ জনকৈ লোকৰ পৰীক্ষা কৰিবলৈ জিলা উপায়ুক্তক পৰামৰ্শ প্ৰদান কৰে।

তেওঁ কয় যে ইয়াৰ দ্বাৰা যাতে স্থানীয় সংক্ৰমণৰ দ্বাৰা ক’ভিডত আক্ৰান্ত হোৱা প্ৰতিজন লোকক চিনাক্ত কৰিব পৰা যায় আৰু জিলাখনৰ গ্ৰামাঞ্চল সমূহত ক’ভিডৰ সংক্ৰমণৰ হোৱাৰ আগতেই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিব পৰা যায় ৷

আগন্তুক দিনত অধিক সংখ্যাত ক’ভিড ৰোগী চিনাক্ত হোৱাৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি সঠিকভাৱে ক’ভিড ৰোগীৰ চিকিৎসা ব্যৱস্থাপনা কৰিবলৈও তেওঁ পৰামৰ্শ প্ৰদান কৰে যাতে হাস্পতাল সমূহত জটিল সমস্যা দেখা দিয়া কভিড ৰোগীসকলক উপযুক্ত চিকিৎসা প্ৰদান কৰিব পৰা যায় ৷

যদি কভিড আক্ৰান্ত কোনো লক্ষণবিহীন ৰোগীয়ে ঘৰত থাকি গৃহ পৃথকীকৰণৰ সুবিধা গ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ কৰে তেনে ৰোগীক স্বাস্থ্য বিভাগে ইতিমধ্যে জাৰি কৰা গৃহ পৃথকীকৰণৰ নিয়মাৱলী মানি সুবিধা গ্ৰহণ কৰিবলৈ অনুমতি প্ৰদান কৰিবলৈ উপায়ুক্তগৰাকীক মন্ত্ৰী ডঃ শৰ্মাই নিৰ্দেশ দিয়ে ৷

জিলাখনৰ তেজপুৰ আৰু ঢেকিয়াজুলিত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰক্ষিতত মন্ত্ৰীগৰাকীয়ে সভাত সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে ঘৰে ঘৰে গৈ ক’ভিড পৰীক্ষা কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে তথা ক’ভিড ১৯ সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত ৰাইজ তথা ব্যৱসায়ীক সংস্থা সমূহৰ পূৰ্ণ সঁহাৰি কামনা কৰে ৷

তেওঁ লগতে বিভিন্ন চৰকাৰী ক’ভিড কেয়াৰ চেন্টাৰ সমূহত থকা ৰোগীসকলক উন্নত মানৰ খাদ্য যোগান ধৰা, অন্য কোনো ৰোগত আক্ৰান্ত ক’ভিড ৰোগীৰ বিশেষভাৱে যত্ন লোৱাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে ৷

সভাত জিলাখনত স্বাস্থ্য ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়নৰ বিষয়ে আলোচনা কৰাৰ উপৰিও ক’ভিড মহামাৰীৰ সৈতে যুঁজ দিবলৈ প্ৰয়োজন সাপেক্ষে স্বাস্থ্য কৰ্মী নিয়োগ কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷

ইয়াৰোপৰি, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত আই চি ইউ বিচনাৰ সংখ্যা ৩৬ লৈ বৃদ্ধি কৰাৰ লগতে তেজপুৰৰ পৰোৱাস্থিত ক’ভিড চিকিৎসালয়ত ১৫ বিচনাযুক্ত ICU ৰ সুবিধা অতি শীঘ্ৰে গঢ়ি তোলাৰ কথা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

সভাত অংশ লোৱাৰ আগতে মন্ত্ৰীগৰাকীয়ে টি এম চি এইচত স্থাপন কৰা ৰাজ্যখনৰ দ্বিতীয়টো প্লাজমা বেংক পৰিদৰ্শন কৰাৰ লগতে দুজন প্লাজমা দাতা কুশল নাথ আৰু প্ৰতাপ লিম্বুৰ সৈতে মত-বিনিময় কৰে আৰু তেওঁলোকক চৰকাৰৰ ফালৰ পৰা দিয়া প্ৰশংসা-পত্ৰও প্ৰদান কৰে।

জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাসক্ষত আয়োজন হোৱা পৰ্যালোচনা সভাত তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, তেজপুৰ সমষ্টিৰ বিধায়ক বৃন্দাবন গোস্বামী, চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, বৰছলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু, শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙ, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জে. আহমেদৰ লগতে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াও উপস্থিত থাকে ৷

সভাৰ আৰম্ভণিতে জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে জিলাখনত ক’ভিড হাস্পতাল, ক’ভিড কেয়াৰ চেন্টাৰ আদিত গঢ়ি তোলা সুবিধা সমূহৰ লগতে জিলাখনৰ চলি থকা ৰেপিড এণ্টিজেন টেষ্টিঙৰ সুবিধা আৰু ক’ভিড ৰোগীৰ চিকিৎসা ব্যৱস্থাপনাৰ বিষয়ে পাৱাৰপইন্ট প্ৰেজেন্টেশ্যন যোগে স্বাস্থ্য মন্ত্ৰগৰাকীক অৱগত কৰে ৷

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

August 16, 2025 8:30 pm
পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

August 16, 2025 7:37 pm
আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ট্ৰাম্প–পুটিনৰ! যুদ্ধবিৰতিৰ সমাধান নোলোৱাত আশাহত বিশ্ব

আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ট্ৰাম্প–পুটিনৰ! যুদ্ধবিৰতিৰ সমাধান নোলোৱাত আশাহত বিশ্ব

August 16, 2025 7:19 pm
বি টি এ ডিত নিযুক্তিৰ নামত নিত্য-নতুন প্ৰবঞ্চনা  : প্ৰবঞ্চনা বন্ধ কৰি শীঘ্ৰে নিযুক্তি দিয়াৰ দাবী ডি ৱাই এফ আইৰ

বি টি এ ডিত নিযুক্তিৰ নামত নিত্য-নতুন প্ৰবঞ্চনা  : প্ৰবঞ্চনা বন্ধ কৰি শীঘ্ৰে নিযুক্তি দিয়াৰ দাবী ডি ৱাই এফ আইৰ

August 16, 2025 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

August 16, 2025 8:30 pm
পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

August 16, 2025 7:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd