লোকসভা নির্বাচনৰ ফলাফল ঘোষণাৰ দিনাখনেই প্ৰতিষ্ঠা কৰা হ’ব উগ্ৰতাৰা দেৱালয়ৰ বিগ্ৰহ

index 2

দেওবাৰে উগ্রতাৰা দেৱালয়ত মন্দিৰ পৰিচালনা কমিটিৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনাই প্ৰতিষ্ঠা কৰিব উগ্রতাৰা দেৱালয়ৰ বিগ্রহ। অহা ২৩ মে’ ৰ দিনা অৰ্থাৎ বৃহস্পতিবাৰে প্ৰতিষ্ঠা কৰিব দেৱীৰ দুয়োটা মূৰ্ত্তি। উগ্রতাৰা দেৱালয়ত মন্দিৰ পৰিচালনা কমিটিৰ সাধাৰণ সম্পাদক কৈলাশ শৰ্মাই এক সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে।

শৰ্মাই জানিবলৈ দিয়ে যে চুৰি হোৱা বিগ্রহটো ৯৭৫ বছৰ ধৰি উগ্রতাৰা দেৱালয়ত আছিল। এই মূৰ্ত্তি ভাগৰ অনুপস্থিতিত কলকাতাত প্ৰায় ৩ লাখ টকাৰ বিনিময়ত নিৰ্মাণ কৰি আনিছিল নতুন মূৰ্ত্তিটো। সেয়েহে মন্দিৰ পৰিচালনা কমিটিয়ে দুয়োভাগ মূৰ্ত্তি স্থাপন কৰাৰ সিদ্ধান্ত লৈছে।

উগ্রতাৰা মাৰ বিগ্রহ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি মন্দিৰ পৰিচালনা কমিটিয়ে ২২ মে’ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে উগ্রতাৰা মহোৎসৱৰ আয়োজন কৰিছে।

কাৰ্যসূচী অনুসৰি, ২৩ মে’, বৃহস্পতিবাৰে পুৱা ৯ বজাত আছে নান্নীমুখ শ্ৰাদ্ধ, ১১ বজাত ব্ৰহ্মপুত্ৰৰ পৰা জলযাত্ৰা আৰু ১২ বজাৰ পৰা মূৰ্ত্তি প্ৰতিষ্ঠাৰ কাম কাজ আৰম্ভ হ’ব। ১২ বজাৰ পৰা মূল পুজা, দেৱতাৰ স্নান, প্ৰতিষ্ঠা হোম, চণ্ডীপাঠ, তাৰাপূজা ইত্যাদি হ’ব।

উল্লেখ্য যে, যোৱা ১ মে’ৰ দিনা চুৰি হোৱা বিগ্রহটো নলবাৰীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল।