• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবৈধ কয়লা খনিত ভয়ানক পৰিস্থিতি,  টিপঙত ৩দিনে জ্বলি আছে জুই 

লিডু, মাৰ্ঘেৰিটা, বৰগোলাই, টিপঙত অসংখ্য ৰেট হ'ল মাইনিং,  নিশ্চুপ ক'ল ইণ্ডিয়া কিম্বা বনবিভাগ

মানস প্ৰতিম গগৈ,মাৰ্ঘেৰিটা by মানস প্ৰতিম গগৈ,মাৰ্ঘেৰিটা
August 5, 2023 8:31 am
অবৈধ কয়লা খনিত ভয়ানক পৰিস্থিতি,  টিপঙত ৩দিনে জ্বলি আছে জুই 
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হঠাতে জুই জ্বলি উঠাটো ৰেট হ’ল মাইনিঙৰ জড়িয়তে কয়লা খনন কৰাৰ অন্যতম ভয়াৱহ পৰিণতি । তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা টিপং কলিয়ৰীৰ পাহাৰত থকা এটা ৰেট হ’ল মাইনিঙত বুধবাৰে হঠাতে জ্বলি উঠে জুই । বনবিভাগে  জেচিবিৰে মাটি ঢালি এই জুই নিৰ্বাপনৰ চেষ্টা কৰে যদিও জুই নুমুওৱাত ব্যৰ্থ হয়। যাৰ ফলত ফলশ্ৰুতিত এক আতংকময় পৰিবেশৰ সৃষ্টি হয়। 

অসমীয়াত এষাৰ কথা আছে – একালৰ বৃন্দাবন একালত পৰে চন। প্ৰাকৃতিক ভাৱে অতি সৌন্দৰ্যময় এখনি  চহৰ আছিল টিপং। শূন্যসহনশীল চৰকাৰৰ সময়তে টিপঙৰ বৰ্তমানৰ ছবি অতি ভয়াৱহ । মাৰ্ঘেৰিটা মহকুমাৰ এই চহৰখন এতিয়া ধ্বংসস্তুপত পৰিণত। এই চহৰখনত বৰ্তমান চোৰাং ব্যৱসায়ীয়ে এফালৰ পৰা গছ-গছনি কাটি ধ্বংস কৰি গৈছে পাহাৰ । চোৰাং কয়লা মাফিয়াৰ নেতৃত্বত এফালৰ পৰা কেইবাশতাধিক এক্সোভেটৰে কয়লাৰ সন্ধানত  খান্দি গৈছে পাহাৰ। 

আনকি অবৈধ কয়লা ব্যৱসায়ীয়ে টিপং কলিয়ৰীৰ বন্ধ হৈ থকা আণ্ডাৰ গ্ৰাউণ্ড মাইনিঙতো চলাইছে এক্সোভেটৰ। উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ অন্তুৰ্গত টিপং কলিয়ৰীৰ উৎপাদন বহু বছৰৰ পৰা বন্ধ । টিপং কলিয়ৰীৰ তেনেই সীমিত উৎপাদনৰে চলি আছে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটো। তেনেক্ষেত্ৰত এইদৰে টিপং এলেকাত চোৰাং কয়লা নিৰ্ভৰশীল হৈয়ে যে কুক ক’ল উদোগ সমূহ চলি আছে সেইয়া সহজেই অনুমেয় । 

গুৰুত্বপূৰ্ণ কথাটো হ’ল – ঐতিহ্যমণ্ডিত পাটকাই পৰ্বতমালাৰ অস্তিত্ব বৰ্তমান প্ৰায় নিঃশেষ হোৱাৰ পথত । কয়লাৰ উৎস থকা অসমৰে হওঁক বা অৰুণাচলৰে হওঁক পাটকাইৰ বুকু চিৰি এফালৰ পৰা কয়লাৰ সন্ধান তথা আহৰণত চলোৱা হৈছে ধ্বংসলীলা । 

মাৰ্ঘেৰিটাৰ নামদাং, টিৰাপ, টিকক, টিপং আৰু অৰুণাচলৰ প্ৰদেশৰ চাংলাং জিলাৰ বিভিন্ন স্থানত বিগত প্ৰায় দুবছৰে অতি ভয়াৱহ ৰূপত কয়লাৰ অনুসন্ধান খনন আৰু সংগ্ৰহ অব্যাহত আছে। 

একালৰ প্ৰাকৃতিকভাৱে অতি সৌন্দৰ্যময় এই পৰ্বতমালা এতিয়া ৰাষ্ট্ৰীয় ঘাই পথৰ পৰাই ধ্বংসলীলাত পৰিণত হোৱা পৰিলক্ষিত হয়। পাহাৰত গছ -গছনিৰ ঠাইত দেখা যায় ৰঙা মাটি ।  পাটকাইৰ ক্ষত বিক্ষত অৱস্থাই এটা কথাই স্পষ্ট কৰে যে – হৰিণাৰ মাংসই বৈৰী । 

আজিৰ তাৰিখত টিকক কলিয়ৰীৰ অন্তৰ্গত এটা ব্লকত কয়লাৰ খনন চলি আছে। তেনেই সীমিত উৎপাদনৰে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটো ককবককৈ জীয়াই থকাৰ সামান্য উমান দিয়াৰ বাদে যে – স্থানীয় কোনো কুক ক’লকে ধৰি অন্যান্য উদ্যোগলৈ কয়লা যোগান ধৰিব নোৱাৰে সহজেই অনুমেয় হয়। 

কিন্তু ইয়াৰ পাছতো মাৰ্ঘেৰিটা আৰু ইয়াৰ আশে-পাশে থকা কুক ক’ল উদ্যোগ, অবৈধভাবে গঢ় লৈ উঠা কয়লা উদ্যোগ আদিত পাহাৰ সদৃশ কেঁচা কয়লা তথা কুক কয়লাৰ দ’ম । দৈনিক ৰাজ্য তথা ৰাজ্যৰ বাহিৰৰ বিভিন্ন স্থানলৈ সৰবৰাহৰ পাছতো কয়লাৰ পাহাৰ সদৃশ দ’ম কমি নাযায় । 

সেইদৰে অৰুণাচলৰ খাৰচাঙতো কুক কয়লাৰ পাহাৰ প্ৰতিটো কুক ক’ল উদ্যোগত ।  ইয়াৰ দ্বাৰা এটা কথা স্পষ্ট হয় যে – চৰকাৰী সেউজ সংকেটৰ অবিহনে এই বৃহৎ কয়লা চিণ্ডিকেট চলি থকা নাই । নহ’লেনো ৰাজ্যৰ সকলো আৰক্ষী চকী -থানা পাৰ হৈ ৰাষ্ট্ৰীয় পথেৰে কিদৰে সৰবৰাহ  সম্ভৱ কেঁচা কয়লা তথা কুক কয়লা ।  

গুৰুত্বপূৰ্ণ কথা যে কয়লা খনন আৰু সৰবৰাহৰ একমাত্ৰ অনুমতি থকা ক’ল ইণ্ডিয়া লিমিটেড এই ক্ষেত্ৰ নিধিৰাম চৰ্দাৰৰ ভূমিকাত । একাংশ বিষয়া কৰ্মচাৰীয়ে মোটা অংকৰ ধন লৈয়ে সমগ্ৰ প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত সেউজ সংকেট দি অহাৰ অভিযোগ আছে।  সুদীৰ্ঘ ২০ বছৰৰো অধিক কালৰ পৰা অব্যাহত এই চোৰাং কয়লা বেহাই এতিয়া বৃহৎ ৰূপ ধাৰণ কৰিছে । 

অপ্ৰিয় হ’লেও সত্য যে – এই বেহাৰে অভ্যস্ত হৈ পৰিছে স্থানীয় লোক। যাৰ ফলত চোৰাং কয়লা নিৰ্ভৰশীল এক অৰ্থনীতি গঢ় লৈ উঠিছে । যি অতিকৈ ভয়াৱহ । এই পাহাৰত এক্সোভেটৰৰে নহয় ইয়াৰ সমান্তৰালকৈ  ৰেট হ’ল মাইনিঙৰ জড়িয়তেও বছৰে বছৰে  বাধাহীনভাৱে কয়লা খনন কৰি অহা হৈছে । যিটো প্ৰক্ৰিয়া অতি ভয়াবহ । অতি বিপদজ্জনক। 

দেশৰ কয়লা ভাণ্ডাৰৰ একমাত্ৰ খনন আৰু সৰবৰাহৰ অনুমতিপ্ৰাপ্ত অনুষ্ঠান ক’ল ইণ্ডিয়া লিমিটেড ।  ভাৰত চৰকাৰৰ অন্তৰ্গত এই ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৰ লীজ ভূমিত বা এলেকাত বিনা অনুমতিত প্ৰৱেশ সম্পূৰ্ণ ৰূপত নিষিদ্ধ ।  ক’ল ইণ্ডিয়া লিমিটেডৰ অন্তৰ্গত উত্তৰ পূব কয়লা ক্ষেত্ৰ ।  এই কয়লা ক্ষেত্ৰৰ এক্তিয়াৰধীন এলেকাত বিভিন্ন পদ্ধতিৰে বছৰ বছৰ ধৰি কয়লা খনন আৰু  উক্ত কয়লা বিভিন্ন কুক ক’ল উদ্যোগ তথা অবৈধ ৰূপত গঢ় লৈ উঠা কয়লা ডিপোলৈ সৰবৰাহ হৈ আহিছে । 

মাৰ্ঘেৰিটাৰ আশে পাশে থকা নামদাং টিকক টিৰাপ টিপং জাগুন আদি সকলো সংৰক্ষিত এলেকাত চোৰাং কয়লা ব্যৱসায়ী তথা কয়লা চুৰৰ অবাধ ৰাজত্ব । উল্লিখিত এলেকাৰ বিভিন্ন  স্থানত আজি বছৰে বছৰে অবৈধ আণ্ডাৰ গ্ৰাউণ্ড মাইনিং স্থাপন কৰি শ শ অবৈধ কামত নিয়োজিত শ্ৰমিকৰ হতুৱাই কয়লা খনন কৰোৱাই আহিছে। 

উল্লেখ্য যে, এই প্ৰতিটো অবৈধ আণ্ডাৰগ্ৰাউণ্ড মাইনিঙৰে চৰ্দাৰ থাকে ।  যিসকলৰ নিয়ন্ত্ৰণত কয়লা খনন আৰু নিদিষ্ট স্থানলৈ বোজাই কৰে একাংশ শ্ৰমিকে । এনেধৰণৰ অবৈধ কামত নিয়োজিত হ’বৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শ শ শ্ৰমিক আমদানী হয় । যিসকলে দিনে -নিশাই এই অবৈধ তথা অতি বিপদজ্জনক কাৰ্যত নিয়োজিত হয় ।  

এটা কথা সুস্পষ্ট যে – এই অবৈধ কামত নিয়োজিত সকলোৱে জানে পাটকাইৰ বুকু মৃত্যুৰ উপত্যকা ।  যিকোনো মুহূৰ্ততে মৃত্যুৱে হাত বাউল দি মাতিব পাৰে ।  যিহেতুকে বিশেষজ্ঞ  অভিযন্তাৰ দ্বাৰা স্থাপিত বৈধ আণ্ডাৰ গ্ৰাউণ্ড মাইনিংতে দুৰ্ঘটনা সংঘটিত হয় । 

২০০৮ চনত লিডুৰ লাচিত কয়লা খনিত হোৱা দুৰ্ঘটনাত ৭ জন শ্ৰমিকে মৃত্যুক সাৱতি ল’ব লগা হোৱাৰ পৰিপ্ৰেক্ষিতত বৃটিছৰ আমোলৰ পৰা চলি অহা এই পদ্ধতিৰে কয়লা খননেই  সম্পূৰ্ণ ৰূপত ভাৰত চৰকাৰৰ খনি মন্ত্ৰালয়ে বন্ধ কৰি দিছিল । তেনে স্বত্বত একাংশ অপৈণত ব্যক্তিয়ে গঢ়ি তোলা আণ্ডাৰগ্ৰাউণ্ড মাইনিঙ কিমান বিপদজ্জনক সেইয়া সহজেই অনুমেয় । 

আজি বছৰ বছৰ ধৰি এনে অবৈধ  আণ্ডাৰগ্ৰাউণ্ড মাইনিঙত মানুহ মৰি আহিছে । কোনোবা হয়তু জীৱন্তে কবৰস্থ হৈছে । কোনোবা বিষাক্ত মিথেইন গেছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে । কিন্তু ইয়াৰ  পাছতো যে – এই কামত নিয়োজিত হোৱা শ্ৰমিকৰ অভাৱ হোৱা নাই । অধিক মুনাফা আৰু পেটৰ তাড়না পৰিয়াল পোহপালেই যে এইসকলক মৃত্যুৰ সৈতে খেলা খেলিবলৈ বাধ্য কৰি আহিছে সেইয়া কোনেও অস্বীকাৰ কৰিব নোৱাৰে ।  

সেইদৰে পৰিয়ালৰ লোকেও অভাৱগ্ৰস্ত ঘৰ খনৰ স্বাৰ্থতে যে – এইদৰে আপোনজনক মৃত্যুৰ উপত্যকালৈ পঠাবলৈ বাধ্য হৈ অজান আশংকাত উজাগৰী নিশা কটাই সেইয়া নিৰ্ঘাট সত্য । এই মৃত্যুৰ উপত্যকাত বছৰ বছৰ ধৰি বহু ব্যক্তিয়ে মৃত্যুক সাৱতি লৈছে ।  সৰহসংখ্যক ঘটনাই পোহৰলৈ নাহে । একাংশ পোহৰলৈ আহিলেও প্ৰামাণিক তথ্য নাথাকে ।  প্ৰামাণিক তথ্য থকা দুই এটা ঘটনা পোহৰলৈ আহে আৰু কেইদিনমান সংবাদমাধ্যমৰ পৃষ্ঠা গৰম কৰে তাৰপাছতে সমগ্ৰ পৰিবেশ স্বাভাৱিক হয় । পুনৰ পূৰ্বৰ দৰে খনন -সৰবৰাহ আৰম্ভ হয় । 

প্ৰতিটো কলিয়ৰীতে সুৰক্ষা কৰ্মী নিয়োজিত হৈ আছে ।  সুৰক্ষা কৰ্মী  বাঢ়িছে কিন্তু নিয়ন্ত্ৰণত চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে ।  শেষতীয়াকৈ পুনৰ পাটকাইৰ বুকুত অবৈধভাৱে কয়লা খনন কৰিবলৈ গৈ লিডুৰ এজন শ্ৰমিকৰ মৃত্যু হৈছে । পুনৰ বাতৰিৰ শিৰোনাম আৰু সংগঠন সমূহৰ প্ৰতিবাদৰ এটা সমল হৈছে । কিন্তু প্ৰাঞ্জল মৰাণৰ মৃত্যুৰ পাছত এই ৰেট হ’ল মাইনিং সম্পূৰ্ণ ৰূপত উৎখাতৰ বাবে সকলো দল – সংগঠন ব্যক্তি বিশেষ একত্ৰিত হ’লনে ? প্ৰৱল জনমতেৰে ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তুলিলেনে ?  ইয়াৰ লগে লগে আৰু এটা কথা স্পষ্ট কৰি দিয়াটো ভাল যে – এইদৰে কয়লা খনন কৰিবলৈ গৈ মৃত্যু হোৱা ব্যক্তিৰ ক্ষেত্ৰত কাকো জগৰীয়া কৰি লাভ নাই । যিহেতু অধিক মুনাফাৰ বাবেই হওঁক বা পেটৰ তাড়নাতে হওঁক   প্ৰতিটো খোজত মৃত্যুদূত  থকাৰ পাছতো  সকলো শ্ৰমিকেই অবৈধ ভাৱে কয়লা খনন কৰিবলৈ যায় । 

পুনৰ এটা কথা স্পষ্ট কৰি দিয়া যায় যে – যদিহে কয়লা উদ্যোগটোৰ এলেকাত প্ৰৱেশৰ ক্ষেত্ৰত  প্ৰতিষ্ঠানটো প্ৰশাসন তথা চৰকাৰ কঠোৰ নহয় তেন্তে মৃত্যুৰ কিৰিলি নিনাদিত হৈ থাকিব পাটকাই বুকুৰ পৰা । এতিয়া প্ৰশ্ন হৈছে – প্ৰাঞ্জল মৰাণৰ মৃত্যুৰ ঘটনাৰ ভয়াৱহতা , ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ পাছতো নিলিপ্ত হৈ থাকিল চৰকাৰ তথা ক’ল ইণ্ডিয়া কৰ্তৃপক্ষ ।  

টিপঙৰ এই ঘটনা পোহৰলৈ অহাৰ পাছত পাটকাই পাহাৰত চলি থকা অবৈধ খনন সম্পূৰ্ণ ৰূপত উৎখাতৰ বাবে গৃহমন্ত্ৰীৰ দ্বায়িত্বত থকা মুখ্যমন্ত্ৰী  ড° হিমন্তবিশ্ব শৰ্মা তথা ক’ল ইণ্ডিয়া কৰ্তৃপক্ষই ব্যৱস্থা ল’বনে বুলি এতিয়া সচেতন মহলত ব্যাপক চৰ্চা চলিছে।

অন্যহাতে তিনিদিন ধৰি জ্বলি থকা জুই নিৰ্বাপিত কৰিব নোৱাৰিলে ভয়ংকৰ পৰিস্থিতিৰ সম্ভৱনা ব্যক্তি কৰিছে প্ৰকৃতিপ্ৰেমী সকলে। জুই নিৰ্বাপিত কৰাৰ লগতে অবৈধ ৰেট হ’ল মাইনিং সমূহো বন্ধ কৰিবলৈ দাবী জনাইছে চৰকাৰ প্ৰশাসনক। এইক্ষেত্ৰত ক’ল ইণ্ডিয়া, বন বিভাগ তথা অসম চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰেহণ কৰে সেইয়া অতি লক্ষ্যনীয় হ’ব।

মানস প্ৰতিম গগৈ,মাৰ্ঘেৰিটা

মানস প্ৰতিম গগৈ,মাৰ্ঘেৰিটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

August 24, 2025 9:45 pm
দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

August 24, 2025 8:52 pm
পাকিস্তান–বাংলাদেশৰ সৈতে মিলি অসমক অস্থিৰ কৰাৰ চেষ্টা! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

পাকিস্তান–বাংলাদেশৰ সৈতে মিলি অসমক অস্থিৰ কৰাৰ চেষ্টা! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

August 24, 2025 8:23 pm
কাৰ্যালয়ত প্ৰৱেশ কৰি দলিত অভিযন্তাক জোতাৰে প্ৰহাৰ : বিজেপি নেতা গ্ৰেপ্তাৰ

কাৰ্যালয়ত প্ৰৱেশ কৰি দলিত অভিযন্তাক জোতাৰে প্ৰহাৰ : বিজেপি নেতা গ্ৰেপ্তাৰ

August 24, 2025 8:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

August 24, 2025 9:45 pm
দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

August 24, 2025 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd