• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলীৰ সত্ৰত নিৰ্মাণ কৰা বৃন্দাৱনী বস্ত্ৰৰ নকল ৰূপ সন্দৰ্ভত যোৰহাট আদালতৰ জাননী প্ৰেৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 7, 2019 11:09 am
3.7k
VIEWS
Share on FacebookShare on Twitter

৫৫০ বছৰ পূৰ্বেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্বাৱধানত অসমীয়া শিপিনীয়ে বৈ উলিওৱা বৃন্দাৱনী বস্ত্ৰৰ নকল ৰূপ মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰত নিৰ্মাণ কৰা সময়তে যোৰহাট আদালতে এই ক্ষেত্ৰত এক জাননী প্ৰেৰণ কৰিছে।

শনিবাৰে অৰ্থাৎ ৬ জুলাইত যোৰহাট জিলা সত্ৰ ন্যায়াধীশৰ আদালতে আনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ প্ৰস্তুতি সমিতি আৰু ইয়াৰ মূল পৃষ্ঠপোষক দক্ষিণপাট সত্ৰলৈ কাৰণ প্ৰদৰ্শনৰ জাননী প্ৰেৰণ কৰিছে।

ঘটনাৰ বিৱৰণি মতে এই সন্দৰ্ভত যোৰহাটৰ সত্ৰ ন্যায়াধীশৰ আদালতত অসম সত্ৰ মহাসভাৰ আজীৱন সভ্য নীলমণি বৰাই ৪ জুলাইত গোচৰ তৰিছিল। গোচৰটোত নীলমনি বৰাই অভিযোগ উত্থাপন কৰি  কৈছিল যে অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাপক অসমৰ সৰ্বজন গৃহীত একমাত্ৰ ধৰ্ম একশৰণ ভাগৱতী ধৰ্মৰ উদ্ভাৱক তথা প্ৰচাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক এই নকল বৃন্দাৱনী বস্ত্ৰ তৈয়াৰ কৰিব খোজা কাৰ্যই হেয় প্ৰতিপন্ন কৰাৰ লগতে সমগ্ৰ অসমজুৰি ব্যাপি থকা গুৰুজনাৰ লাখ লাখ ভক্তৰ ধৰ্মীয় উপাসনাত আঘাত হানিব। তদুপৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ভাৱ আদৰ্শৰে বৰ্তি থকা সমগ্ৰ অসমৰ ১২০০ খনৰো অধিক সত্ৰৰ ঐতিহ্য আৰু পৰম্পৰাত আঘাত আনিব।

মন কৰিবলগীয়া যে দক্ষিণপাট সত্ৰৰ এই বৃন্দাৱনী বস্ত্ৰৰ নকৰ ৰূপ নিৰ্মাণ কাৰ্যত ঐতিহাসিক বৰপেটা, বৰদোৱা, পাটবউসী, মধুপুৰ, নাৰায়ণ দাস আটা গুৰুমুখী সত্ৰ আদি সত্ৰসমূহে তীব্ৰ বিৰোধিতা কৰিছিল যদিও এই বিৰোধিতাক কোনো গুৰুত্ব প্ৰদান নকৰিলে। ফলত নীলমণি বৰাই আদালতত গোচৰ তৰিবলৈ বাধ্য হয়।

আদালতে এই সন্দৰ্ভত বৃন্দাবনী বস্ত্ৰ নিৰ্মাণ কাৰ্যত কিয় নিষেধাজ্ঞা জাৰি কৰা নহ’ব বুলি প্ৰশ্ন কৰি দক্ষিণপাট সত্ৰ আৰু অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ নিৰ্মাণ সমিতিলৈ কাৰণ প্ৰদৰ্শনৰ জাননী প্ৰেৰণ কৰি ১৬ জুলাইত পৰৱৰ্তী দিন ধাৰ্য কৰে।

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd